ছিংগাপুৰৰ ক’ৰোনাৰ্ছ আদালতৰ চূড়ান্ত ৰায়

ছিংগাপুৰৰ ক’ৰোনাৰ্ছ আদালতৰ চূড়ান্ত ৰায়
পানীত পৰিহে মৃত্যু জুবিন গাৰ্গৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ ক’ৰোনাৰ্ছ আদালতে প্ৰদান কৰি ৰায়দান । ছিংগাপুৰৰ ক’ৰোনাৰ্ছ আদালতৰ ৰায়দান অনুসৰি জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিল। হোৱা নাছিল কোনো ফাউল প্লে’। দুর্ঘটনাবশতঃ পানীত ডুবিহে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ক’ৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ হত্যা বা সতীর্থই ইচ্ছাকৃতভাবে উদ্ধাৰ নকৰাৰ অভিযোগ সন্দর্ভতো কোনো তথ্য-প্রমাণ পোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুত কোনোধৰণৰ ফাউল প্লে’ হোৱা নাই বুলি স্পষ্ট কৰি দিয়া তথ্যকো আদালতে সমৰ্থন কৰিছে। কেইবাটাও শুনানিৰ অন্তত বুধবাৰে ক’ৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই চূড়ান্ত ৰায় দিয়ে। আদালতত চিকিৎসকৰ প্ৰতিবেদনকে ধৰি সকলো তথ্যপাতি পর্যবেক্ষণ কৰি কোৱা হৈছে যে কোনেও জুবিন গাৰ্গক জোৰকৈ পানীত ঠেলি দিয়া নাছিল। পানীত থকাসকলেও জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাছিল। প্রতিবেদনত কোৱা হয় যে মৃত্যুৰ দিনা জুবিন গার্গে অতিৰিক্ত মদ্যপান কৰিছিল। টক্সিক’লজীৰ প্রতিবেদন অনুসৰি জুবিনৰ তেজত এলকহলৰ পৰিমাণ প্রতি ১০০ মিলিমিটাৰত ৩৩৩ মিলিগ্রাম আছিল, যিটো ছিংগাপুৰৰ আইন অনুসৰি ৮০ মিলিগ্ৰামতকৈও বেছি আছিল। ঘটনাৰ দিনা জুবিন বন্ধুবৰ্গৰ সৈতে সাগৰলৈ গৈছিল। প্রথমবাৰ লাইফ জেকেট পৰিধান কৰিলেও দ্বিতীয়বাৰ তেওঁ জেকেট পৰিধান কৰা নাছিল। সহযাত্ৰী আৰু য়াটৰ কেপ্টেইনে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেওঁ জেকেট পৰিধানৰ বাবে অস্বীকাৰ কৰিছিল। ইয়াৰ ফলত সাগৰত সাঁতুৰি ঘূৰি অহাৰ পথত জুবিনৰ মাজ সমুদ্ৰত নিস্তেজ হৈ পৰি মৃত্যু হয়।  ছিংগাপুৰৰ ক’ৰোনাৰ্ছ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত দিয়া ৰায়দানক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে পত্নী গৰিমা গাৰ্গে। সংবাদ মাধ্যমৰ আগত গৰিমা গাৰ্গে কয়- ক’ৰোনাৰ্ছ আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে, সেই একেখিনি কথাই কৈছে। তেওঁলোকে প্রাইভেট ইন্ডিভিজুৱেল তদন্ত কৰিছে আৰু ছিংগাপুৰ এখন পর্যটননিৰ্ভৰ দেশ। গতিকে তেওঁলোকে নিজৰ দিশৰ পৰা ৰায়দান দিছে। কিন্তু সেই ৰায়দানে আমাৰ ন্যায় দান প্রক্রিয়াত প্রভাৱ পেলাব বুলি নাভাবোঁ। আমাৰটো ন্যায় প্রক্রিয়া বেলেগ ধৰণে হৈ আছে। এই ন্যায় প্রক্রিয়া ভালদৰে হওক। আমি সেইটোকে আশা কৰি আছোঁ। চৰকাৰে স্পেচিয়েল ক’ৰ্ট দিছে। এতিয়া তদন্ত ভালদৰে হ’ব লাগে। মুখ্যমন্ত্রী আৰু কেবিনেটেও গোটেই কথাখিনি কৈছে। দোষীয়ে কঠোৰ শাস্তি পাব লাগে। ইফালে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। কংগ্ৰেছ বিৰোধী মিত্ৰজোঁটক মনোজ বৰঠাকুৰে নীৰৱে থাকিবলৈ আহ্বান জনাই কয় যে অসমৰ ভোটাৰক তেওঁলোকে মূর্খ বুলি ভাবিব নালাগে। আজিৰ প্ৰজন্ম বহু সচেতন, বুদ্ধিমান। জুবিনৰ নাম লৈ বিৰোধীয়ে ৰাজনৈতিক মুনাফা নল’বলৈকো আহ্বান জনায় মনোজ বৰঠাকুৰে।