শিৱসাগৰত কাকত জ্বলোৱা কাৰ্য্যক গৰিহণা ডিব্ৰুগড়ৰ মটক ছাত্ৰ সন্থাৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ কাৱৈমাৰীত “অসমীয়া প্ৰতিদিন” কাকতৰ গাড়ী ৰখাই কাকতৰ টোপোলা জ্বলাই দিয়া কাৰ্যক সদৌ অসম মটক ছাত্ৰ সন্থাই কেন্দ্ৰীয় মজিয়াৰ পৰা তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে গৰিহণা দিছে । কাকতলৈ দিয়া এক বিবৃতি যোগে সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতুপন দুৱৰাই কয় যে এয়া গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি ৷শক্তিশালী বিৰোধীৰ অভাৱ হোৱা অসমত অসমীয়া প্ৰতিদিনে ধাৰাবাহিক ভাৱে চৰকাৰৰ নেতিবাচক দিশবোৰ ফঁহিয়াই সবিস্তাৰে প্ৰকাশ কৰি আহিছে। প্ৰতিক্ৰিয়াশীল চক্ৰই এনেদৰে অসমীয়া প্ৰতিদিনৰ কণ্ঠৰোধ কৰিম বুলি ভৱাটো মূৰ্খামিৰ বাদে আন একো নহয় । অচিৰেই এই কাণ্ডৰ স’তে জড়িত দুৰ্বৃত্তসকলক জিলা প্ৰশাসন তথা চৰকাৰে চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰক। তাৰবাবে আমি সদৌ অসম মটক ছাত্ৰ সন্থাই দাবী জনাইছো। যদি উচিত সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব বুলিও সংবাদ মেলক জনায়।
