অপেক্ষা
দৰিনা পায়ুন,মাজুলী
বহাগ আহিল। গাঁৱৰ পথবোৰে নতুন সুৱাস পালে।গছত কপৌ ফুল ফুলিল, ঢোল-পেঁপাৰ মাতো বতাহত বিয়পি পৰিল।কিন্তু নিজৰাৰ মনটো আজি অলপ নিৰৱ।প্ৰতিটো বহাগত যিজনে তাইক প্ৰথম “ৰঙালী বিহুৰ শুভেচ্ছা” জনাইছিল, এইবাৰ তেওঁ নাই।ম’বাইলটো হাতত লৈ তাই বহু সময় চুপ-চাপেৰে বহি থাকিল।
হঠাৎ এটা মেছেজ আহিল— “বহাগ আহিছে, কিন্তু তোমাৰ হাঁহিটো নাথাকিলে ৰংবোৰ আধৰুৱা লাগে।”
নিজৰাই অলপ হাঁহিলে।কাৰণ তাই বুজিলে—কিছুমান মানুহ দূৰত থাকিলেও, বহাগৰ দৰে প্ৰতিবছৰে হৃদয়ত উভতি আহে।
