এটি আলোকপাত
আজিৰ সময়ত যুৱ প্ৰজন্মৰ ওপৰত গ্ৰন্থ মেলাৰ প্ৰভাৱ
শংকৰ দেৱ, দেৰগাঁও
আজিৰ এই আধুনিক তথ্য প্ৰযুক্তিৰ যুগত উঠি অহা যুৱ প্ৰজন্ম সকল বিশেষকৈ মোবাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ জগতত অতিকৈ নিমগ্ন হৈ থকা দেখা পোৱা গৈছে, যদিও সাহিত্য আৰু পুথি অধ্যয়নৰ আকৰ্ষণ সম্পূৰ্ণভাৱে বিলীন হোৱা নাই বুলি ক’ব পাৰি। এই ক্ষেত্ৰত গ্ৰন্থ মেলা সমূহে আজিও যুৱ সমাজৰ চিন্তাশীলতা, ভাষা প্ৰেম আৰু সৃষ্টিশীলতা মনোভাৱ জাগ্ৰত কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
অসম তথা ভাৰতবৰ্ষত প্ৰতিবছৰেই অনেক অনেক গ্ৰন্থ মেলাৰ আয়োজন কৰা দেখা পোৱা যায় আৰু ইয়াৰ ভুমিকা অগনন বুলি উল্লেখ কৰিব পাৰি। প্ৰকৃততে , গ্ৰন্থ মেলা ৰাজ্যৰ ঐতিহ্যপূৰ্ণ এক অন্যতম বৃহৎ সাংস্কৃতিক আয়োজন। প্ৰতিবছৰে এই মেলাত দেশৰ বিভিন্ন স্থানৰ প্ৰকাশন গোষ্ঠী, সাহিত্যিক আৰু পাঠকৰ আগমন ঘটে আৰু অলপতে গুৱাহাটী গ্ ষ্টলে অংশগ্ৰহণ কৰিছিল আৰু লখ্যাধিক পুথি বিক্ৰী হয় বুলি জনা যায়।
আজিৰ যুৱ প্ৰজন্ম আৰু গ্ৰন্থ মেলাৰ অৱদান বুলিবলৈ যুৱকসকলে এই মেলাত অংশ লৈ নিজৰ আগ্ৰহৰ বিষয়ে পুথি সংগ্ৰহ কৰে— ইতিহাস, সাহিত্য, বিজ্ঞান, সমাজবিজ্ঞান , কাব্যগ্ৰন্থ আদি সকলো শাখাৰেই পুথি একে ঠাইতে পোৱা যায়। লগতে বহু শিক্ষার্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা যুৱক-যুৱতীয়ে ইয়াৰ পৰা প্ৰয়োজনীয় নিজৰ তথ্য সমন্ধিত গ্ৰন্থ সমূহ সংগ্ৰহ কৰাত সুবিধা হয়। গ্ৰন্থ মেলা কেৱল পুথিৰেই সীমাবদ্ধ নহয়, ইয়াত অনুষ্ঠিত হয় কাব্য পাঠ, আলোচনা চৰ্চা, বক্তৃতা, সংগীতৰ অনুষ্ঠান ইত্যাদি ইত্যাদি। এই কাৰ্য্যসূচীয়ে যুৱকসকলৰ ভিতৰত আত্মপ্ৰকাশৰ সাহস, চিন্তাশীলতা আৰু সমাজৰ প্ৰতি দায়িত্ব আৰু প্ৰেম জাগ্ৰত কৰে। ২০২৪ চনৰ এক সমীক্ষা অনুসৰি, অসমৰ প্ৰায় শতকৰা ৭০ ভাগ পাঠক-পাঠিকাই গ্ৰন্থ মেলাক সাহিত্যিকৰ অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে। গুৱাহাটী গ্ৰন্থ মেলাত প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰতকৈয়ো অধিক শিক্ষার্থী উপস্থিত থকাৰ উমান পোৱা গৈছে। বহু যুৱ সাহিত্যিকৰ সৃষ্টিৰ প্ৰথম গ্ৰন্থও এই মেলাৰ পৰা প্ৰকাশিত হোৱা পৰিলক্ষিত হয়।
আধুনিক তথ্য-প্ৰযুক্তিৰ যুগত যুৱ প্ৰজন্ম সকল মোবাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ জগতত অধিক ব্যস্ত যদিও এই গ্ৰন্থ মেলাৰ আহ্বানে যুৱ সমাজৰ হৃদয়ক এতিয়াও স্পৰ্শ কৰি আছে। গ্রন্থ মেলা হৈছে সাহিত্য, সংস্কৃতি আৰু জ্ঞানৰ এক পৱিত্ৰ মিলন ক্ষেত্ৰ। ইয়াত উপস্থিত বিভিন্ন প্ৰকাশন গোষ্ঠী, লেখক, কবি, সাহিত্যিক আৰু পাঠকৰ মাজত এক সুস্থ মত বিনিময়ৰ পৰিৱেশ গঢ়ি উঠে। যুৱকসকলে এই মেলাত অংশ লৈ নিজৰ আগ্ৰহৰ বিষয়ৰ পুথি সংগ্ৰহ কৰাৰ লগতে সাহিত্যিক চিন্তাধাৰাৰ সৈতে সম্পৰ্ক স্থাপন কৰে। প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন ঠাইত আয়োজিত গ্ৰন্থ মেলা সমূহ যুৱ সমাজৰ মাজত পুথি অধ্যয়নৰ এক নতুন উৎসাহ সৃষ্টি কৰে।
যুৱপ্ৰজন্মৰ মানসিক বিকাশত গ্রন্থ মেলাই সুস্পষ্টভাৱে প্ৰভাৱ পেলোৱা দেখা পোৱা যায়। পুথি অধ্যয়নৰ অভ্যাসে তেওঁলোকৰ চিন্তা শক্তি, ভাষা দক্ষতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধ বৃদ্ধি কৰে। তেওঁলোকে নিজৰ ক্ষেত্ৰত আত্মবিশ্বাসী আৰু সৃষ্টিশীল হোৱাৰ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ উপৰিও গ্ৰন্থ মেলা হৈছে এক সাংস্কৃতিক উৎসৱ য’ত সাহিত্যৰ আলোচনা চৰ্চা, নাট্য-প্ৰদৰ্শন, কাব্য পাঠ, শিশু উন্নয়নৰ বিভিন্ন কাৰ্য্যসূচী আদি অনুষ্ঠিত হয়। এইসমূহত অংশগ্ৰহণ কৰি শিশু আৰু যুৱক-যুৱতী সকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ পায়। ডিজিটেল যুগত পুথিৰ প্ৰতি আকৰ্ষণ আৰু অধ্যয়নৰ আনন্দ লোৱাটো এক বিশেষ অনুভৱ বুলি ক’ব পাৰি। গ্ৰন্থ মেলাই সেই অনুভৱৰ সৈতে যুৱ প্ৰজন্মক পুনৰ সংযোগ স্থাপন কৰাই দিয়ে।
শেষান্তৰত ক’ব পাৰি যে আজিৰ এই ডিজিটেল যুগৰ ব্যস্ততাৰ মাজতো গ্ৰন্থ মেলাই যুৱ প্ৰজন্মক জ্ঞান, সাহিত্য আৰু সংস্কৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ সহায় কৰি দিয়ে। ই এক নতুন চিন্তাধাৰা আৰু অধ্যয়ন সংস্কৃতি গঢ়ি তোলে। নৱ প্ৰজন্মৰ যুৱকসকলে যদি এই মেলাৰ পৰা অনুপ্ৰাণিত হৈ পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিব পাৰে, তেন্তে সমাজে ভৱিষ্যত লৈ এক জ্ঞানময়, সৃষ্টিশীল আৰু আদৰ্শ প্ৰজন্ম লাভ কৰিব। গ্ৰন্থ মেলা যুৱ প্ৰজন্মৰ জ্ঞান, সাহিত্যপ্ৰেমী আৰু সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ এক বলিষ্ঠ মঞ্চ।
