দুৰ্নীতি বিৰোধী
পপী বৰা
মেলেং গ্ৰান্ট , যোৰহাট
কাকজান মহাবিদ্যালয় দ্বিতীয় ষান্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী
দুৰ্নীতি হৈছে এক সামাজিক ব্যাধি যিয়ে সমাজৰ সকলো স্তৰত প্ৰভাৱ পেলাব পাৰে।ই হৈছে অসামাজিক আচৰণ, যিয়ে ব্যক্তি আৰু সমাজৰ উন্নতিৰ পথত বাধা সৄষ্টি কৰে এই দুৰ্নীতিৰ ক্ষেত্ৰত সমাজ ধ্বংস আৰু ভয়ানক ৰূপ লোৱা দেখিবলে পোৱা গৈছে।যেতিয়া ব্যক্তি বা সমাজ অনৈতিক হয় তেতিয়া দুৰ্নীতি বৃদ্ধি পায়, যেতিয়া সমাজত অসমানতা থাকে তেতিয়াও দুৰ্নীতি বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়, আৰু যেতিয়া ব্যক্তি আৰু সমাজ অশিক্ষিত হয় তেতিয়া দুৰ্নীতি বৃদ্ধি পায়। দুৰ্নীতি পৰিণতি ভয়ানক আৰু ই সামাজক ধ্বংস কৰি পেলায়, তেতিয়া সমাজত অশান্তি, অনৈতিকতা, সমাজৰ পতন এইসমূহ বৃদ্ধি হয়। অৰৈধিক আচৰণে ব্যক্তিক অসামাজিক তথা সমাজত বেয়া পৰিণতি হব পাৰে,এই অৰৈধিক আচৰণে সমাজৰ নিয়ম-কানুন আৰু মূল্যবোধৰ বিৰুদ্ধে যায়, ইয়াৰ বাবে আমাৰ সমাজত *চুৰি, ডকাইতি , মাৰ-ধৰ,লুট-পাট , ধৰ্ষণ হত্যা* আদি সমাজত দেখিবলৈ পোৱা গৈছে, আমি দুৰ্নীতি নাইকিয়া কৰিবলৈ হলে সকলোৱে মিলি জুলি কাম কৰিব লাগিব তাৰো উপৰি আমি *শিক্ষা গ্ৰহণ কৰিব লাগিব আমি সকলোৱে শিক্ষাৰ মাধ্যমৰ ওপৰত গুৰুত্ব দিব লাগিব, আমি সকলো নৈতিক হব লাগিব, আৰু আমি দুৰ্নীতি প্ৰতিকাৰ কৰিবলৈ হলে সমানতা প্ৰয়োজন,যাৰ বাবে আমি সকলো সমান হব লাগিব যদি এনে লোকক আমি সমাজত স্থান দিওঁ তেতিয়া আমাৰ সমাজ পতনৰ সন্মুখীন হব লাগিব, আমি সেই বাবে এনে লোকক বিশ্বাস কৰিব নালাগে আৰু এনে লোকক সমাজৰ পৰা বহিষ্কাৰ কৰা টো. আমাৰ দায়িত্ব।
