প্ৰথম প্ৰেমৰ আস্বাদন – দেৱানন কটকী

Pc Pinterest

প্ৰথম প্ৰেমৰ আস্বাদন

দেৱানন কটকী, মাজুলী

দেৱাশিস ৰ আজি বৰ ফূৰ্তি,প্ৰাই ডেৰ বছৰ ৰ মূৰত তাৰ প্ৰেমিকা ৰিমা  ক সি লগ কৰিব। হাতত বেগটো লৈ সি ডিব্ৰুগড় ইউনিভাৰ্চিটি লৈ যাত্ৰা কৰিলে।মাজুলী ৰ পৰা যাত্ৰা সেইকাৰণে অলপ কষ্ট হব তাৰ।কিন্তু প্ৰেমে বোলে কষ্ট কি একোকে নামানে,তাৰ মনত কষ্টৰ কোনো অনুভৱেই নহল।নাৱৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাস্তাৰে বহুত দূৰ বাট। মাজুলী ৰ পৰা ডিব্ৰুগড় ধেমালি টো নহয়।ৰাস্তা ত যাওঁতে সি প্ৰতিটো ক্ষণত কেৱল তাৰ প্ৰেমিকা ৰিমাৰ কথাই অনবৰতে ভাবি গ ল ।ৰাস্তা ত দেখা বিভিন্ন ঠাই বোৰ ত যেন সি তাৰ প্ৰেমিকা ৰ চিত্ৰ হে দেখি গৈছে ,তাৰ তেনেকুৱা অনুভৱ হল। দীঘলীয়া যাত্ৰাতেই  তাৰ প্ৰেম কাহিনী যেন তাৰ চকুৰ আগত ভাহি আহিল।

কলেজ ৰ বি. এ এডমিশ্যন ৰ প্ৰথম দিন, সি তাৰ পুৰণা বন্ধু বাপধন,আৰু অনুৎপল  আৰু প্ৰদীপ ৰ লগত মাজুলী কলেজ ত উপস্থিত হৈছে। বৰ লৰা লৰিকৈ এডমিশ্যন ৰ ফ্ৰম ফিলাপ ত লাগিছে। ষ্টুডেণ্ট ৰ বৰ ভিৰ ।তাৰ আকৌ  বেলেগ  লৰা ৰ দৰে ছোৱালী ৰ প্ৰতি কোনো গুৰুত্ব নাই।ৰাজনীতি বিজ্ঞান বিভাগ ত নামভৰ্তি কৰিছে সি।প্ৰদ্বীপ, সি,আৰু বাপধন তিনিটাই একেই ডিপাৰ্টমেণ্ট তে এডমিশ্যন লৈছে। আনুৎপল ৰ পাৰ্চেন্টেজ কম বাবে সি সমাজতত্ত্ব বিভাগত এডমিশ্যন ললে ।এডমিশ্যন ৰ বাবে প্ৰথম সোমাই যাওঁতেই দেৱাশিসৰ চকু  পৰিল এজনী ধুনীয়া,মৰমলগা, ছোৱালী ৰ ওপৰত। তাইক দেখি তাৰ অস্বাভাৱিক যেন অনুভৱ হল। মৰহা ফুলৰ পুলিত পানী দি প্ৰাণ পাই উঠা ৰ দৰে অনুভৱ হল।পিছে তাৰ নিজা স্বভাৱ ৰ কাৰণে সি বৰ বেছি গুৰুত্ব নিদিলে।তেনেদৰেই কলেজ ৰ খোলা ৰ দিন আৰম্ভ হল। আকৌ লগ হল তাৰ হৃদ স্পন্দন বহুৱা সেই মৰম লগা ছোৱালী জনী । সি যেন কিছু সময় ৰ বাবে ৰৈ হে গ’ল। চা চিনাকি হল সকলো,তাৰ কিন্তু তাইৰ পৰা চকু নাতৰিল।এইয়া এক আকৰ্ষণ নাছিল,ই আছিল বেলেগ এক সুকীয়া অনুভৱ। পিছে দেৱাশিস এ নিজকে অস্বাভাৱিক যেন অনুভৱ কৰিলে,মনে মনে সি নিজকে প্ৰশ্ন কৰিলে যে কি হৈছে আচলতে তাৰ লগত । কাকো সি ঘটনা টো নকলে,বাপধন হতে জোকাব বুলি ভয় কৰিলে অলপ। কিন্তু কি কৰিব বেচেৰা কথা পাতিব ও নাজানে নহয়,যে মিঠা কথাৰে ভুলাব পাৰিব সি।লাহে লাহে কলেজৰ দিন বোৰ যেন পাৰহৈ গৈ আছিল। লাহে লাহে কথা বতৰা হল দুয়োৰে মাজত। কিন্তু মনৰ কথা খুলি কবলে লাজ কৰে বেচেৰাই ,জানোচা বেয়া পাব।

কলেজ ৰ নবাগত আদৰণি সভাৰ দিনা  জ্যেষ্ঠ সকলৰ দাবী ত সি এটা গান পৰিৱেশন কৰিলে। ৰিমাৰ চকুত সেইদিনা সি প্ৰথম পৰিছে ভাল কে।তাৰ প্ৰতি যেন তাইৰ কিবা ভাল ভাব আহিল। সি তাইৰ তাৰ প্ৰতি অলপ গুৰুত্ব দেখি খৰাং বতৰত বৰষুণ ৰ প্ৰবল বৃষ্টিপাত হোৱা যেন অনুভৱ হল।এনেদৰে  তাৰ লগত  ৰীমা ৰ বন্ধুত্ব হোৱাৰ দিশত অগ্ৰসৰ হল । ছোৱালীৰ লগত চকুৱে চকুৱে নপৰা দেৱাশিস যেন কাৰোবাৰ প্রতি বৰ বেছি আকৃষ্ট হৈ পৰিল। বাপধন আৰু অনোৎপল হতে কথা টো মন কৰিলে । লাহে লাহে সিহঁতে তাৰ মনৰ মালিনী জনী ৰ সন্ধান যেন উলিয়ালে  । পিছে তাৰ আগত কবলৈ, জোকাবলৈ অলপ বেয়া পাই সিহঁতে। তথাপিও সিহঁতৰ কথা বতৰা দেখি সময় ৰ লগে লগে জোকাবলৈ আৰম্ভ কৰিলে।

পিছে বেচেৰা ই জোকালে ভাল পাই যদিও ,তাই তাক বেয়া বুলি ভাবিব বুলি ভয় ও কৰে।লাহে লাহে দিন বোৰ পাৰ হল। পিছে সি তাইৰ মনৰ ভাব টো জানিবলৈ আগ্ৰহী হল।কিন্তু ভুল বুজা  বুজি ৰ বাবে দুয়োটাৰে মাজত ব্যৱধান আহি পৰিল।তথাপিও ৰিমা ৰ ও তাইৰ মনত যে দেৱাশিস আছে সেইটো অনুভৱ কৰিলে ।আকৌ দুয়োটাৰ মাজতে ভাল হল।দেৱাশিস এ অনুভৱ কৰিলে যে তাইও তাক বহুত মৰম , শাসন কৰে ।লাহে লাহে সিহঁত ৰ বন্ধুত্ব প্ৰেম নামৰ উপন্যাসৰ পাতত আবদ্ধ হল। দুয়োটাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে। সি যেন জীৱন ৰ অজস্ৰ সুখ লাভ কৰিলে। সিহঁতৰ মৰম, ভাল পোৱা  যেন সীমাহীন হৈ পৰিল। দুয়োটাৰে প্ৰতিশ্ৰুতি বোৰ , ইটোৱে সিটোৰ আগত ব্যক্ত কৰা মৰম ,আৰু দুয়োটাৰে সপোন বোৰ যেন এক বিশাল আকাশৰ দৰে বিয়পি পৰিল।

তাৰ পাছতেই বাছৰ কণ্ডাক্টৰ জনে মাত লগালে ,দাদা পালোঁহি নামক, সি যেন চক খাই উঠি গল। মনতে মিচিকিয়া হাঁহি এটা মাৰিলে সি।প্ৰেমৰ সেই পুৰণা কথা বোৰে তাৰ মনলে যেন হাঁহি এটা বিৰিঙাই আনিলে। বহুত ব্যাকুল হৈ থাকিল তাৰ মন । তাৰ মনত মাত্ৰ এটাই চিন্তা তাৰ ৰীমা ক লগ পাব।তাৰ হৃদ স্পন্দন যেন সীমাহীন হল। সি  কাৰোবাক সুধি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ  ছোৱালী হোষ্টেলৰ ফালে আগবাঢ়ি গল।  সন্ধিয়া সময়  চাৰিওফালে ফাগুন মাহৰ বতাহৰ মিহি লহৰ। হঠাৎ আঁতৰ ৰ পৰা সি এটা সুন্দৰ হাঁহি মূখীয়া ছোৱালী এজনীৰ শব্দ শুনিলে।হাঁহিটো যেন তাৰ চিনাকি তেনেকুৱা অনুভৱ হল । সি হাঁহিটোৰ আঁৰৰ চিনাকি মুখখন চাবলৈ ব্যাকুল হৈ পৰিল ।বৰ আগ্ৰহেৰে সি দৌৰমাৰি গৈ তাৰ মনৰ ৰাণী গৰাকীক দেখা পালে।তাৰ মনত সীমাহীন ফূৰ্তি । হঠাৎ ৰীমাৰ  সন্মুখীন হল সি আৰু  দুয়োটাৰে দৃষ্টি পৰিল। কিন্তু দেৱাশিস আচৰিত হল ,তাইৰ মনত তাৰ প্ৰতি সেই ব্যাকুল , মনৰ আনন্দ ভাব দেখা নাপালে । তাই দেৱাশিস ক কলে”তুমি , তুমি কিয় আহিছা”? আজি হঠাৎ আহিলা যে”,। দেৱাশিস হতবাক হৈ ৰল। সি কলে যে “তুমি আচৰিত হোৱা নাই মোক দেখি!” তাই কলে ,”আচৰিত কিয় হম মই ?কিন্তু তুমি আহি উপস্থিত হোৱাৰ কাৰণ” কি?। সি যেন সকলো লাহে লাহে বুজি উঠিল।তথাপিও সি কলে ,”মই তোমাক ভাল পাওঁ,তোমাৰ খবৰ এটা ল’বলৈ আহিছোঁ,কেনেদৰে আছা চাবলে আহিছোঁ মই”। তাইৰ লগৰ  ছোৱালী কেইজনী  ৰ আগত লাঁজ পোৱা যেন অনুভৱ কৰিলে আৰু কলে,”কি কথা কবলৈ আহিছা মোক,কথা চাই চিটি কব নোৱাৰা নি।ইহঁতৰ আগত যি টি কথা কিয় কৈছা ।আৰু আগৰ কথা বাদ দিয়া ,এতিয়া তোমাৰ ৰাস্তা বেলেগ ,মোৰো ৰাস্তা বেলেগ। তোমাৰ দৰে মই বেকাৰ নহয়।মোৰ এটা আত্মসন্মান আছে । আগৰ দিন নাই এতিয়া দেৱাশিস।,”। তাৰ চকুৰ আগত যেন ব্ৰজ্যপাত পৰিল ।তথাপিও সি জানিব বিচাৰিলে তাইৰ  সলনি হোৱাৰ উদ্দেশ্য।তাই বৰ গুৰুত্ব নিদিলে ।তাই কলে ,”তুমি আঁতৰি যোৱা  ৰবিয়ে দেখিলে কি ভাবিব মোক।”

সি যেন  প্ৰাণ নথকা এক মৃতদেহৰ দৰে হৈ পৰিল।তাইক একো প্ৰশ্ন নকৰি সেই ঠাইতে মূৰ্তি হৈ বহি পৰিল।মনৰ বেজাৰত তাৰ পৰা সি আঁতৰি আহিল।সি ওচৰতে এটা ৰুম ললে ৰাতিটোৰ বাবে। গোটেই ৰাতি টো তাইৰ লগত কটোৱা পুৰণা স্মৃতি বোৰে যেন তাক বৰকৈ আমনি কৰিলে ।ৰাতিটো কান্দিলে। সি যেন পাগল ৰ দৰে হৈ পৰিল। কিন্তু তাৰ মাজতো যেন সি নিজকে বুজালে । ৰাতিটো তাৰ মনত নিজকে শেষ কৰি দিয়াৰ চিন্তা আহিল যদিও ধৈৰ্য্য ধৰিল সি। তথাপিও নিজতকৈও বেছি ভাল পোৱা সেই ৰিমাৰ অবিহনে সি শূণ্য অনুভৱ কৰিলে ।

প্ৰেম মানে এক মিছা ভ্ৰান্তি যেন সি অনুভৱ কৰিলে।