বিশ্ব ভাতৃত্ব স্থাপনত ঈদুল ফিতৰৰ প্ৰাসংগিকতা – এম. হাছিম আলী

Pc The Statesman

বিশ্ব ভাতৃত্ব স্থাপনত ঈদুল ফিতৰৰ প্ৰাসংগিকতা

এম. হাছিম আলী,ডিব্ৰুগড়

পৃথিৱীত থকা প্ৰতিটো জাতি, জনগোষ্ঠী,ধৰ্ম, ভাষা, বৰ্ণৰ নিজা নিজা উৎসৱ থকাৰ দৰে ইছলামধৰ্মী লোকসকলৰো দুটা সাৰ্বজনীন বাৰ্ষিক উৎসৱ আছে। ইয়াৰে এটা হল ঈদুল ফিতৰ আৰু আনটো হৈছে ঈদুল আজহা বা বকৰী ঈদ। ‘বকৰী ঈদ বা কোৰবাণী ঈদ হৈছে শেষ বাৰ্ষিক উৎসৱ। ইছলাম ধৰ্মী লোকসকলে ১২ টা মাহৰ ভিতৰত ৰমজান মাহত সম্পূৰ্ণ এমাহ উপবাস পালন কৰে। উপবাস পালনৰ পিছত পালন কৰে ঈদ। এই ঈদক ঈদুল ফিতৰ বা দানৰ উৎসৱ বুলি কোৱা হয়। জাকাত আৰু ফিতৰা এই দুয়োটাই হৈছে দান। সমাজৰ গৰিব-দুখীয়া বা অসহায় লোকক বিচাৰি উলিয়াই এই দান দিয়া হয়। ফিতৰা ঘৰৰ প্ৰতিজন সদস্যই ৰমজান মাহত দিয়াটো বাধ্যতামূলকৰ দৰে জাকাত (পৰিশুদ্ধ) দিয়াটোও বাধ্যতামূলক। জাকাত সমাজৰ ধনী ব্যক্তি সকলে নিজৰ সঞ্চিত ধনৰ শতকৰা ২.৫% দিয়াটো বাধ্যতামূলক। ই পৱিত্ৰ কোৰাণৰ নিৰ্দেশ। পৱিত্ৰ কোৰাণত নামাজৰ পিছতে প্ৰায় ৮২ বাৰমান এই জাকাত সম্পৰ্কে বিস্তৃত ভাৱে কোৱা আছে। তেনেকৈ ঈদৰ পূৰ্বে জন্ম গ্ৰহণ কৰা শিশুটিৰ ক্ষেত্ৰতো ফিতৰা বা দান দুখীয়াক দিব লাগিব। চলিত বজাৰ মূল্যৰ ১৬৩৩ গ্ৰাম আটা বা ঘেঁহুৰ দাম নিৰ্ধাৰণ কৰি এই ফিতৰা সৰ্ব সাধাৰণৰ মানুহে দুখীয়াৰ মাজত বণ্টন কৰিব লাগিব, অৱশ্যে ধনীৰ ক্ষেত্ৰত সেইয়া সুকীয়াকৈ দিয়াৰ নিৰ্দেশ দিয়া আছে।

ঈদ মানে আনন্দ। ঈদক সাম্য মৈত্ৰী মিলনৰ উৎসৱ বুলি কোৱা হয় । ইছলামী বিধানত সকলোৱে সমান অধিকাৰ সাব্যস্ত কৰিব পাৰে। ধনী-দুখীয়া, কলা-বগাৰ ইয়াত স্থান নাই। ঈদৰ দিনা পুৱাতে উঠি গা-পা ধুই আঁতৰ চুৰমা সুগন্ধি লগাই পুৰুষ সকলে ঈদগাহলৈ গৈ মুকলি আকাশৰ তলত ইজনে সিজনৰ কান্ধত কান্ধ মিলাই শাৰীবদ্ধভাৱে দুই ৰাকাত ৱাজিব নামাজ পঢ়ে। মহিলা সকলে ঘৰতে থাকি নানান ধৰণৰ কেক্, মিঠাই,চেৱাই, হালোৱা আদি সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰে আৰু আলহী অতিথিৰ আপ্পায়ানত‌ ব্যস্ত থাকে। তাৰ পিচত ইমাম চাহাবে চমু ভাষণ ঈদ সম্পৰ্কে ভাষণ দিয়ে আৰু শেষত বিশ্ব শান্তিৰ কাৰণে, দেশৰ দহৰ কাৰণে, মৃত সকলৰ বাবে, আল্লাহৰ ওচৰত দুহাত তুলি দোৱা প্ৰাৰ্থনা কৰে।

ভোগ নহয় ত্যাগেই মানৱ জীৱনক মহিয়ান কৰে, নীতি বৈষম্যৰে নহয়, একতাৰ সংহতিৰ দোলেৰে সকলোকে আকোঁৱালি ল’ব পাৰিলেহে ঈদ পালনৰ সাৰ্থক হয়। ইছলামী জীৱন ব্যৱস্থাৰ আইন হৈছে কোৰাণ আৰু হাদিছ। কোৰণ হৈছে আল্লাহৰ বাণী আৰু হাদিছ ইছলাম ধৰ্মৰ প্ৰচাৰক তথা শেষ নবী পয়গম্বৰ হজৰত মহম্মদ (ছ:)ৰ বাণী তথা তেখেতে দেখুৱাই যোৱা আদৰ্শ সমূহ।

ইছলাম ধৰ্মটি পাঁচটা স্তম্ভ বা ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। সেয়া হ’ল- কলিমা, নামাজ, ৰোজা, হজ্জ্ব আৰু জাকাত। কলিমা- এক আল্লাহক বিশ্বাস কৰা, নামাজ- দৈনিক পাঁচবাৰ উপাসনা কৰা , ৰোজা- ৰমজান মাহত এমাহ উপবাস থকা, হজ্ব-ধনী ব্যক্তি সকলে মক্কা মদিনাত গৈ প্ৰায় ডেৰ মাহ কাল কঠোৰ কষ্ট- সাধনাৰদ্বাৰা উপাসনা কৰি সন্মানীয় হাজী উপাধি লৈ আহা লগতে ধনী ব্যক্তি সকলে জীৱনকালত এবাৰ হ’লেও হজ্বব্ৰত কৰাতো বাধ্যতামূলক। আৰু জাকাত অৰ্থাৎ ধনী ব্যক্তিৰ ওপৰত গৰিবৰ অধিকাৰ।ঈদুল ফিতৰৰ লগত জাকাত আৰু ফিতৰাৰ অত:প্ৰোত সম্পৰ্ক বিদ্যমান। জাকাত-ধনী ব্যক্তি সকলে নিজৰ সাঁচতীয়া ধনৰ শতকৰা আঢ়ৈ শতাংশ অথবা ১/৪০ ভাগ দিব লাগে। যদিহে ধনী ব্যক্তিয়ে ইয়াক পৰিশোধ নকৰে, তেন্তে ইছলামৰ দৃষ্টিত ই গুনাহগাৰ বা পাপী বুলি স্বীকৃত হ’ব। কাৰণ সমাজৰ গৰিব দুখীয়াৰ বাবে এই দান প্ৰযোজ্য আৰু প্ৰাপ্য। যি ব্যক্তি এইবোৰ পালন নকৰে, তেওঁক মুনাফিক অৰ্থাৎ অবিশ্বাসী পাপী বুলি কোৱা হয়। এজন প্ৰকৃত ইছলাম ধৰ্মী লোকে কলিমা অর্থাৎ আল্লাহৰ একত্বক বিশ্বাস কৰে আৰু হজৰত মহম্মদক (ছঃ) সৰ্বশেষ নবী হিচাপে বিশ্বাস কৰে।

নামাজৰ পিছত ৰোজা অন্যতম গুৰুত্বপূর্ণ এবাদত বা প্ৰাৰ্থনা। ইছলামী ধৰ্মগ্ৰন্থ পৱিত্ৰ কোৰআনত উল্লেখ আছে, “হে বিশ্বাসীকাৰীসকল, তোমালোকৰ ওপৰত ৰোজা ‘ফৰজ’ অৰ্থাৎ বাধ্যতামূলক কৰা আছে, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তী সকলৰ ওপৰতো আৰোপ কৰা হৈছিল, যাতে তোমালোকে মুত্তাকী বা সৎ ব্যক্তি হোৱা।” ইছলামৰ অন্যান্য উপাসনাৰ দৰে, ৰোজাব্ৰতে কিছুমান বৈপ্লৱিক পৰিৱৰ্তন আনে। ইয়াৰ প্ৰভাৱ সমাজৰ সকলো স্তৰতে স্পষ্ট। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ হৈছে আত্মত্যাগৰ ধাৰণাগত পৰিৱৰ্তন। এটা সময়ত ইহুদীসকলৰ বাবে ৰোজা দুখ আৰু বিষাদৰ প্ৰতীক ছিল। কিন্তু ইছলামে এই ভুল ধাৰণা গ্ৰহণ কৰা নাই। ইছলামৰ দৃষ্টিত আত্মত্যাগ হৈছে এবিধ বিশ্বজনীন ইবাদত (উপাসনা), যি ব্রত পালন কৰা সকলৰ মন- মগজুক উন্নীত কৰে, হৃদয় আৰু চিন্তাক পৱিত্ৰ কৰে। এই আত্মত্যাগৰ জৰিয়তে, ৰোজাদাৰে অৰ্থাৎ উপবাসকাৰীয়ে এক অতিমানৱীয় অনুভৱ আৰু অনুপ্ৰেৰণা লাভ কৰে। মুহূৰ্ততে তেওঁ শাৰীৰিক সুখৰ প্রতি বিতৃষ্ণ হ’ব পাৰে আৰু আত্মবিশ্বাসত দৃঢ় হ’ব পাৰে। পৱিত্ৰ কোৰাণৰ পিছতে ইছলামী ধৰ্মগ্ৰন্থ হাদিছত উল্লেখ আছে, ” আত্মত্যাগ কেৱল আল্লাহৰ বাবে আৰু ইয়াৰ প্ৰতিদান নিজেই দিব”।পূৰ্বৱৰ্তী সকলো ধৰ্মত সূৰ্য বৰ্ষ অনুসৰি ৰোজা পালন কৰা হৈছিল। কিন্তু ইছলামে সূৰ্যবৰ্ষৰ পৰিৱৰ্তে চান্দ্রবৰ্ষ অনুসৰি ৰোজাব্ৰত পালন কৰে। জোন দেখি ৰোজাব্ৰত আৰম্ভ কৰা, আৰু জোন দেখি ইয়াৰ সমাপ্তি কৰা”- (তিৰমিজী চৰিফ)। চান্দ্রমাহৰ লগত ৰোজা জড়িত থকাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইত সহজে ৰোজা পালন কৰিব পাৰি। চান্দ্রবৰ্ষ অনুসৰি ৰমজান মাহ কেতিয়াবা গ্ৰীষ্মত, কেতিয়াবা শীতত, আৰু কেতিয়াবা বসন্তত আহে। এই ঋতু পৰিৱৰ্তনে ৰোজাদাৰৰ বাবে এক নতুনত্বৰ সোৱাদ অনুভৱ কৰে। সেয়েহে ইছলাম ধৰ্মৰ প্ৰচাৰক পয়গম্বৰ হজৰত মহম্মদ (ছাঃ)এ দেখুৱাই যোৱা আৰ্হি গুৰুত্ব বুজি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

ইছলাম মানেই শান্তি। ঈদ মহামিলনৰ উৎসৱ। বিশ্ব ভ্ৰাতৃত্বৰ উৎসৱ । অন্যান্য ধৰ্মৰ নিচিনা ইছলামো হৈছে এক সামগ্রিক ধৰ্ম, যি মানুহ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্যতা বজাই ৰাখে। আধুনিক বিজ্ঞানেও ইছলামী শিষ্টাচাৰৰ বাস্তবতা আৰু প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। বিজ্ঞানে ইছলামী শৃংখলাক ভুল বুলি কেতিয়াও নকয়। কোৰাণৰ সৌৰজগত সম্পৰ্কীয় বক্তব্য সমূহৰদ্বাৰা এটি এটিকৈ প্ৰমাণিত হৈছে, যদিও এইবোৰ আজিৰ পৰা প্ৰায় চাৰে চৈধ্যশ বছৰ পূৰ্বৰ সতর্কবাণী।

ৰোজাই ইচ্ছাশক্তিৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰে। বাহ্যিক প্ৰভাৱসমূহ দমন কৰে, আৰু চৰিত্ৰক পৱিত্ৰ কৰে। কাৰণ উপবাস আৰু তৃষ্ণাই মানুহৰ জীৱ-জন্তু সদৃশ প্ৰৱণতাসমূহ দুর্বল কৰে, মানৱতা জাগ্ৰত কৰে, আৰু হৃদয়ত আনন্দ আনে। চিকিৎসা বিজ্ঞানেও ইছলামী জীৱনশৈলীৰ শাৰীৰিক নিয়মসমূহক উপকাৰী বুলি ঘোষণা কৰিছে। বহুতো চিকিৎসকে বিশ্বাস কৰে যে, বছৰি এজন ব্যক্তিয়ে এটা মাহ উপবাস থাকিলে তেঁওৰ স্বাস্থ্যৰ অকল উপকাৰহে নহয়, বৰঞ্চ অনাবশ্যক ভাৱে শৰীৰত জমা হৈ থকা মেদ বা চৰ্বিবোৰ আঁতৰ হয়। চিকিৎসকৰ মতে, ৰোজাই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হজম প্ৰণালীৰ উন্নতি কৰে।আমাৰ ভোজনত থকা মাংস, প্ৰ’টিন, আৰু চর্বিযুক্ত পদাৰ্থ দেহত হজম হৈ গ্লুক’জ ৰূপে যকৃতত সংৰক্ষিত হয়। দৈনন্দিন দেহৰ শাৰীৰিক শক্তি বজাই ৰাখিবলৈ কিছু গ্লুক’জ ৰক্তপ্ৰবাহত মুক্ত হয়, আৰু বাকীটো যকৃত আৰু মাংসপেশীত গ্লাইক’জেন ৰূপে জমা থাকে। কিছুমান চর্বি জমাহৈ দেহৰ তলত সংৰক্ষিত হয়। ৰোজাৰ সময়ত এই সংগৃহীত গ্লুক’জ আৰু চর্বি পুনৰ গ্লুক’জত পৰিণত হয় আৰু দেহত শক্তি যোগায়। ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা নহয়, স্থূলতা হ্ৰাস পায়, আৰু শৰীৰ সুগঠিত হয়। প্ৰখ্যাত ইংৰাজী কোৰাণ অনুবাদক মাৰ্মাডিউক উইলিয়াম পিকথলে কৈছিল যে, উচ্চ সভ্যতাৰ যুগতো ৰোজাৰ উপকাৰিতা নিঃসন্দেহে অন্যতম শ্ৰেষ্ঠ মহৌষধ। চিকিৎসাবিজ্ঞানী ডাঃ আৰ. কেছফৰ্ডৰ মতে, “ৰোজা এক উৎকৃষ্ট হজম প্ৰণালীৰ সহায়ক”। ডাঃ ডি. এফ. ফৰ্টৰ মতে, “ৰোজা বা। উপবাস হৈছে আত্মসংযম আৰু আত্মশুদ্ধিৰ অন্যতম উপায়, যাৰ জৰিয়তে মানুহ সৃষ্টিকৰ্তাৰ নিকট লাভ কৰে, স্বাস্থ্য অটুট ৰাখে, হিংসা-বিদ্বেষ দূৰ কৰে”। ডাঃ ডি. ডব্লিউ. ই. এ.-ৰ মতে, “ৰোজাই গেছট্ৰিক আলচাৰ, যকৃত প্ৰসাৰণ, মূত্রথলীৰ সমস্যা, নিউমোনিয়া, চৰ্দি-জ্বৰ আদি ৰোগ নিৰাময় কৰে”।

ঈদ-উল-ফিতৰ ৰমজানৰ ৰোজাৰ লগত জড়িত এক উৎসৱ। ইছলাম ধৰ্মী লোক সকলে এই মাহত যথেষ্ট পৰিমাণে জাকাত ফিতৰা আদি দুখীয়াক দান কৰে বাবে এই ঈদক ঈদুল ফিতৰ বা দানৰ উৎসৱ বুলি কোৱা হয়। হিন্দু ধৰ্মতো কোৱা আছে যে ‘দানৰ মাধ্যমেদি ধ্যানৰ শুদ্ধি হয়’। ইছলাম ধৰ্মত ধনী সকলে দান কেনেকৈ দিব লাগে সেয়া ধৰ্ম গ্ৰন্থ কোৰণ আৰু হাদিচত স্পষ্টকৈ বৰ্ণনা কৰা আছে।

ঈদ ৰোজাৰ বাবে গুৰুত্বপূৰ্ণ। ঈদ হৈছে সাম্য, মৈত্ৰী , বন্ধুত্ব, সহিষ্ণুতা ,মিলন আৰু সম্প্ৰীতিৰ বার্তা বাহক উৎসৱ। ঈদ মানে কেৱল আনন্দ উৎসৱেই নহয়, ঈদে ভ্ৰাতৃত্ব আৰু আত্মত্যাগৰ পৱিত্ৰ শিক্ষা দিয়ে। ইছলামী জীৱন বিধানত সকলোৱে সমান অধিকাৰ সাব্যস্ত কৰিব পাৰে। ধনী- দুখীয়া, কলা বগাৰ ইয়াত কোনো ভেদ নাই, স্থান নাই।প্ৰতিবছৰে ঈদ আহে সমধিকাৰৰ বার্তা দিবলৈ।সেয়েহে, এক মহৎ আত্মত্যাগৰ পিছত ঈদ- উল- ফিতৰ আহে। এই উৎসৱৰ নামাজত ধনী-দুখীয়া, উচ্চ- নীচ সকলোৱে অংশগ্ৰহণ কৰে।দুখীয়া বা ভৃত্য জনো নিজৰ মালিকৰ লগত একেটা শাৰীতে নামাজত অংশ গ্ৰহণ কৰে। নামাজৰ অন্তত কোনো ভেদভাৱ নাৰাখি ইজনে সিজনক আলিংগন কৰে আৰু পূৰ্বৰ হিংসা বিদ্বেষ পৰিহাৰ কৰি এখন পবিত্ৰ অন্তৰৰ পৰিচয় দিয়ে। ভাৰতৰ দৰে মিশ্ৰ সংস্কৃতিৰ দেশত ইছলামৰ লগতে অন্যান্য ধৰ্মৰ লোকেও একেলগে এই উৎসৱ উদযাপনত সহযোগিতা কৰে। ঈদৰ দিনা ধনী দুখীয়া সকলোৱে ই-ঘৰ সি-ঘৰলৈ গৈ ঈদৰ শুভেচ্ছা বিনিময় কৰে, ঈদ মোবাৰক জনায়। হিন্দু মুছমানৰ এই সম্পৰ্ক সাতাম পুৰুষীয়া। জাত পাতৰ কোনো পৰিচয় নাই এই সম্প্ৰীতি সমন্বয়ত। ঠিক তেনেকৈ ৰোজা ভঙ্গ বা ইফতাৰীৰ সময়তো হিন্দু মুছলিম শিখ ইছাই সকলোৱে একেলগে মিলিত হৈ ইফতাৰ কৰি আন এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে।

ইছলামী সমাজত ৰমজান মাহত জাকাত আৰু দান-দক্ষিনা পৰিমাণ বৃদ্ধি পায়। সম্প্ৰীতি বজাই ৰাখিবলৈ হিন্দু-মুছলমান সকলোৱে একেলগে বিহু-পূজাত অংশগ্ৰহণ কৰাৰ দৰে ঈদৰ দৰে উৎসৱতো অংশ গ্ৰহণ কৰি সম্প্ৰীতিৰ যুগমীয়া বাৰ্তা প্ৰেৰণ কৰে। মইবৰ মনোভাৱ পৰিহাৰ কৰি ইজনে সিজনক আপোন ভাবেৰে আঁকোৱালি লয়।অসমত সম্প্ৰীতিৰ বহু উদাহৰণ আছে। কবৰস্থান বা সমাধিক্ষেত্ৰৰ বাবে হিন্দুসকলে ভূমি দান কৰে, মন্দিৰ-নামঘৰ বা অন্যান্য অনুষ্ঠানৰ বাবে মুছলমানসকলে ভূমি দান কৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাতি-ধৰ্ম বৰ্ণ বাচ-বিচাৰ নকৰাকৈ পঢ়ে, একেলগে খেলা-ধুলা কৰে। হাস্পতালবোৰত দেখা যায় হিন্দু মুছলিম উভয়ে তেজ দান দিয়ে মূমূৰ্ষূ‌জনক জীয়াই তোলে। তথাপি, সমাজত কিছুমান সংকীর্ণ উগ্ৰ চিন্তাধাৰা থকা মানুহে এই সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। চন্দ্ৰ সূৰ্যক আজি বিজ্ঞানে হাতৰ মুঠিত ব্যৱহাৰ কৰিছে, কিন্তু কাষতে থকা জনক আমি আপোন কৰি ল’ব পৰা নাই।এয়া আমাৰে দুৰ্ভাগ্য।

ইছলামধৰ্মী লোকসকলে বছৰৰ দুটি ঈদক সাৰ্বজনীন উৎসৱ হিচাপে পালন কৰে। সেয়া হৈছে ‘ঈদুল ফিতৰ’ আৰু ‘ঈদুজ্বোহা’ ।ঈদুল ফিতৰ ভিতৰত দীৰ্ঘ এমাহ সূৰ্যদোয়ৰ পৰা সুৰ্যাস্তলৈ ক্ৰমাগত উপবাস ব্ৰত পালন কৰে। ইছলামী তিথি অনুযায়ী ৰমজান মাহত ইছলাম ধৰ্মী লোকসকলে এই ৰোজাব্ৰত পালন কৰে। এমাহ এই ব্ৰত পালন কৰাৰ পিচত ঈদুল ফিতৰ অৰ্থাৎ অনাবিল আনন্দৰ উৎসৱ ঈদ পালন কৰে। ঈদ মানে খুচি-আনন্দ। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত থকা ইছলাম ধৰ্মী লোকসকল এই ৰোজাব্ৰত পালন কৰে। ধনী দুখীয়া সকলোৱে ইছলামৰ নিৰ্দেশ অনুসৰি এমাহ ৰোজা বা উপবাস থাকিব লাগে। ইয়াত কোনধৰণৰ ওজৰ আপত্তি থাকিব নোৱাৰে। এমাহ ব্ৰত পালনৰ মাধ্যমেদি শৰীৰত এক নৱ চেতনাৰ উন্মেষ ঘটে। প্ৰচণ্ড গৰমতো যেতিয়া অন্ঠ-কণ্ঠ শুকাই যায়, তৃষ্ণাত কাতৰ হয়, তেতিয়াও নিজকে সংযত কৰি সকলো ৰকমৰ আহাৰ পানীয়ৰ পৰা বিৰত থাকে। এই কৃচ্ছ সাধনাৰ মাধ্যমেদি ক্ষুধা আৰু তৃষ্ণাত কাতৰহৈ এজন মানুহৰ শৰীৰ আৰু মনত যি ধৰণৰ চেতনা জাগ্ৰত হয় সেয়া বোধহয় উল্লেখযোগ্য দিশ। ঘৰত প্ৰচুৰ পৰিমাণৰ নানা ধৰণৰ খাদ্যসম্ভাৰ,ফলমূল বা সুস্বাদু পানীয় থকা সত্বেও তথাপিও এবাৰ মুখত দিব নোৱাৰে, এয়াই সংযম-ধৈৰ্য। অৰ্থাৎ লোভ লালসাক সংযত কৰিবলৈ বাধ্য। লোভ মোহ এৰিব পাৰিলেই মানুহ সৎ ব্যক্তি ৰূপে পৰিচিত লাভ কৰে।ইয়াৰ অৰ্থ এয়ে যে নিজৰ হাতত প্ৰচুৰ পৰিমাণৰ খাদ্য সম্ভাৰ থাকে, কিন্তু একমাত্ৰ আল্লাহক ভয় কৰিয়েই কোনো বস্তু মনে মনে হ’লেও গ্ৰহণ কৰিব নোৱাৰে। দুখীয়া সকলে এসাঁজ নেখাই ভোকে লঘোনে ৰাতি উজাগৰে থাকিলে কিমান মৰ্ম বেদনা উপলব্ধি কৰিব লাগে সেয়া ভুক্তভোগী জনেহে উপবাস থাকিলে উপলব্ধি কৰিব পাৰে, মন মানসিকতাক অনুভৱ কৰিব পাৰে। সেয়েহে ঈদৰ নামাজৰ পূৰ্বে সঞ্চিত ধনৰ এটা অংশ অৰ্থাৎ জাকাতৰ ধনৰ পৰা শতকৰা আঢ়ৈভাগ আৰু ফিতৰাৰ বাবদ গাইপতি ১,৬৩৩ গ্ৰাম ঘেঁহু- আটা বা ইয়াৰ সমমূল্য দুখীয়াক দিয়াৰ পিছতহে ঈদগাহলৈ যাবলৈ কৈছে। অৰ্থাৎ ধনীৰ সম্পদৰ ওপৰতো দুখীয়াৰো যে হক্ক বা অধিকাৰ আছে সেয়া কোৰান হাদিছত লিখা আছে।আনকি যি সকলে ৰোজাব্ৰত পালন নকৰে, জাকাত-ফিতৰা আদি বাধ্যতামূলক দান পৰিশোধ নকৰে তেওঁলোকে ঈদ পালন কৰাৰ সাৰ্থকতা সম্ভৱ নহয় বুলিও কোৱা আছে। ঈদৰ মাধ্যমেদি যি ত্যাগ আৰু সংযম আৰু দানৰ কথা কোৱা আছে সেয়া পালন কৰিলে সঁচাঅর্থত পৃথিৱীখন অন্য ৰকম যে হৈ উঠিব সেয়া নিঃসন্দেহে কব পাৰি। সেয়েহে, পবিত্ৰ ঈদ কেৱল ই এটি ধৰ্মীয় উৎসৱ নহয়, ই একতা আৰু ভ্ৰাতৃত্বৰ সেঁতু।

আকৌ কৈছোঁ ঈদ মানে আনন্দ,খুচি। এই ঈদৰ আনন্দ-ত্যাগৰ বাণী দেশে দেশে, প্ৰান্তে প্ৰান্তে, চুবুৰীয়ে চুবুৰীয়ে ভাঁহি যাওঁক । শান্তি সম্প্ৰীতি ভাতৃত্বৰ এনাজৰী ডাল আকৌ অধিক সুদৃঢ় হওঁক তাৰেই কামনা কৰিলোঁ।

ঈদ মোবাৰক।।