গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে

গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ ত্যাগ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ গেৰুৱা বসন পিন্ধি বিজেপিত অন্তর্ভুক্ত হয়।  এই অনুষ্ঠানত বিজেপি দলৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়া,পৱিত্ৰ মাৰ্ঘিৰিটাৰ লগতে অন্য় নেতা কৰ্মী উপস্থিত থাকে ৷ যোৱানিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই বৰদলৈয়ে বিজেপিৰ শীর্ষ নেতৃত্বৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰাৰ পিছতেই তেওঁৰ বিজেপিত যোগদান প্রায় নিশ্চিত হৈছিল। এই যোগদানৰ পিছতে প্রদ্যুৎ বৰদলৈক আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা জোৰদাৰ হৈছে। ইতিমধ্যে মুখ্যমন্ত্রীয়ে তেওঁৰ বাবে এখন আসন সংৰক্ষণ কৰা বুলি ইংগিত দিছিল। সম্ভাৱনা অনুসৰি দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী হব প্রদস্তুত বৰদলৈ। এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক পৰিসৰত নতুন সমীকৰণ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে।  মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি অসমক শক্তিশালী কৰিম। মঙলবাৰে নীতিন নবীনে যোগদানত জনালে অনুমোদন। অসমৰ এজন শক্তিশালী নেতা বৰদলৈ। ৩ বছৰৰ বাবে সাংসদৰ কাৰ্যকাল আছিল প্ৰদ্যুৎ বৰদলৈৰ। তথাপিও তেওঁ অসমৰ বাবে দলত্যাগ কৰিছে। তেওঁক উচিত সন্মান দিব বিজেপিয়ে।’’ মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘স্ৱাভিমানী নেতাক বিজেপিলৈ অনা হ’ব। সময়ৰ লগে লগে ৰিপুন বৰাও আহিব বিজেপিলৈ। দেৱব্ৰত শইকীয়াও আহিব বিজেপিলৈ। বিজেপিৰ এই প্ৰক্ৰিয়া ২০১৬ চনৰ পৰাই আৰম্ভ হৈছে।