এআইইউডিএফৰ পৰা ৬ বছৰলৈ নিলম্বন আমিনুল ইছলামক
ৰঙিলী বাৰ্ত্তাসেৱা- এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰে মানকাচৰৰ বিধায়ক তথা জ্যেষ্ঠ নেতা আমিনুল ইছলামে। বিধায়ক আমিনুল ইছলামে নিজৰ পদত্যাগ পত্র দলৰ সভাপতি বদৰুদ্দিন আজমললৈ প্ৰেৰণ কৰিছে । তেওঁ দলৰ সকলো পদবী আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে । ইফালে, দলত্যাগৰ পাছতে বিধায়ক আমিনুল ইছলামক দলৰ পৰা নিলম্বন কৰা হৈছে । দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত এআইইউডিএফ দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰা হ’ল দলৰ উপ-সভাপতি তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামক। দলটোৱে এক নির্দেশনাযোগে দলীয় সকলো পদবীৰ পৰা বিধায়কজনক ৬ বছৰৰ বাবে নিলম্বন কৰা হয় বুলি সদৰী কৰিছে। অৱশ্যে দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগ উঠিলেও বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দলত যোগদানৰ বাবেহে দলত্যাগ কৰা বুলি চর্চা চলিছে। ইতিমধ্যে এই সন্দৰ্ভত অগপ নেতৃত্বৰে আলোচনাতো বিধায়কগৰাকীয়ে মিলিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে অগপত যোগদান কৰি নিজৰ সমষ্টিৰ পৰাই তেওঁ নির্বাচনত অৱতীৰ্ণ হ’ব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব যদিও নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত এআইইউডিএফৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।
