সোণাপুৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’লে মনোনীত সমিতিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে জুবিনক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’লে গৰিমা শইকীয়া গাৰ্গসহ চৰকাৰৰ দ্বাৰা মনোনীত সমিতিয়ে । বিগত সময়ছোৱাত শিল্পীপত্নী গৰিমা শইকীয়া গার্গেও সামাজিক মাধ্যমযোগে জুবিনক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰাৰ পাছতে এদিন পূর্বে জুবিনক্ষেত্রত উপস্থিত হৈ নিজ হাতে তিপাল তৰি সমাধিক্ষেত্ৰৰ কিছু পৰিমাণে মেৰামতি কৰিছিল। ইয়াৰ পিছতে মঙলবাৰে চৰকাৰী অনুমোদিত নিৰ্মাণ সমিতিৰ বিষয়ববীয়া ক্রমে প্রাঞ্জল শইকীয়া, সুদর্শন ঠাকুৰ, বীৰেন সিংহ, অনুৰাধা শৰ্মা পূজাৰী, পুলক বেনাৰ্জীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিষয়ববীয়াই জুবিনক্ষেত্ৰৰ অৱস্থাৰ বুজ লয়। লোকনির্মাণ বিভাগৰ কেইবাগৰাকীও বিষয়া-অভিযন্তাৰ সৈতে সমিতিৰ সদস্যসকলে জুবিনক্ষেত্র নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণ সমিতিৰ জ্যেষ্ঠ সদস্য প্রাঞ্জল শইকীয়াই এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। গোটেই কামটো আগবঢ়াবলৈ কিছু সময় লাগিব। চৰকাৰে সমাধিক্ষেত্ৰৰ উন্নয়নৰ বাবে এটা অনুষ্ঠানক জড়িত কৰিছে। পর্যায়ক্রমে জুবিনক্ষেত্ৰ সুন্দৰকৈ নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে সমাধিক্ষেত্ৰৰ চাৰিওফালৰ চৌহদৰ দেৱাল নিৰ্মাণৰ কাম চলি আছে। গুৱাহাটী আইআইটিক এইক্ষেত্ৰত জড়িত কৰা হৈছে। দুই-এদিনতে আইআইটিৰ বিশেষজ্ঞই সমাধিক্ষেত্ৰ পৰিভ্ৰমণ কৰি সকলো ব্যৱস্থা ল’ব। নির্মাণকার্য লেহেমীয়া হোৱা বুলি উঠা অভিযোগ সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নির্মাণ সমিতিখন চৰকাৰৰ দ্বাৰা অনুমোদিত সমিতি। গতিকে কাম কৰাৰ পূৰ্বে বিভিন্ন দিশ চাবলগীয়া হয়। ইতিমধ্যে জুবিনক্ষেত্ৰ নিৰ্মাণৰ বাবে ১০ বিঘা ভূমি আবণ্টন দিয়া হৈছে। জিলা আয়ুক্তই মাটিখিনি লোকনির্মাণ বিভাগক চমজাই দিছে। ইয়াৰ বাহিৰেও জুবিনক্ষেত্ৰৰ কাষেৰে যোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে আলোচনা কৰিবলগীয়া হৈছে বুলি শইকীয়াই লগতে কয়। ইতিমধ্যে স্থায়ী নির্মাণকার্য সম্পূর্ণ নোহোৱা পর্যন্ত অনুৰাগীয়ে আগবঢ়োৱা সামগ্ৰীসমূহ যাতে বৰষুণত নষ্ট নহয়, তাৰ বাবে শিল্পী মানস ৰবীনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল যদিও সমিতিৰ জ্যেষ্ঠ সদস্য প্রাঞ্জল শইকীয়াই কোনো লোককে ব্যক্তিগতভাৱে জুবিনক্ষেত্রত কাম কৰিবলৈ দিয়া নহয় বুলি মন্তব্য কৰিছে। কথাবোৰ বিতৰ্কলৈ নানি আলাপ-আলোচনাৰ মাজেৰেহে সমাধান কৰাৰ কথা উল্লেখ কৰে প্ৰাঞ্জল শইকীয়াই। জুবিনক্ষেত্ৰ নিৰ্মাণৰ কামক লৈ আজি শিল্পীপত্নী গৰিমা শইকীয়া গার্গে কয় যে জুবিনক্ষেত্র মানে অসমৰে নহয়, দেশ-বিদেশৰ লোকৰ বাবেও এখন পৱিত্ৰ তীর্থস্থান। জুবিনক্ষেত্ৰত এটা মিউজিয়াম, এটা পুথিভঁৰাল আৰু এখন মুকলি মঞ্চ থাকিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাইজে মৰমৰ জুবিনলৈ আগবঢ়োৱা প্ৰতিটো উপহাৰ যাতে মিউজিয়ামত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, সেই ব্যৱস্থা হ’ব লাগিব। গৰিমা শইকীয়া গাৰ্গে লগতে কয়, “আৰম্ভণিৰে পৰা ৰাইজৰ যিখিনি মৰম আছিল সেইখিনি আমি স্বীকাৰ কৰিবই লাগিব । সেইখিনি অৱহেলা কৰিলে সেয়া পাপ হ’ব । কায়িকভাৱে নোহোৱা হোৱাৰ পিছতো সেয়া কাৰো মনত নাই । জুবিন আমাৰ মাজত সদায় আছে । সেইখিনি মৰম-আশীৰ্বাদে আমাক উপচাই ৰাখিছে । সেয়া অৱহেলিত হ’বলৈ নিদিও বাবে মই আহি টিৰ্পাল দাঙিবলগীয়া হৈছে । বৰষুণত তিতি অক্ষয় বন্তি নুমাই গৈছে ।”
