মানুহ হোৱাৰ অৰ্থ – সঞ্জীৱ গগৈ

Pc Craiyon

মানুহ হোৱাৰ অৰ্থ

সঞ্জীৱ গগৈ
মেলেংগ্ৰাণ্ট, যোৰহাট 

শীতকালৰ এটা নীৰৱ সন্ধিয়া। আকাশৰ বুকুত কুঁৱলীৰ পাতল পৰশে পৃথিৱীখন অলপ অৱশ কৰি তুলিছে। চহৰৰ ব্যস্ত পথবোৰত মানুহে নিজৰ নিজৰ গন্তব্যৰ ফালে দ্ৰুত পদক্ষেপেৰে আগবাঢ়ি গৈ আছে। কোনোৱে সময়ৰ পিছত, কোনোৱে নিজৰ জীৱনৰ অদৃশ্য চিন্তাবোৰ বুকুত সাৱটি।

সেই ব্যস্ততাৰ মাজতেই পথৰ একাষে এজন বৃদ্ধ মানুহ নীৰৱে বহি আছে। তেওঁৰ গাত পুৰণি, সময়ে ক্ষয় কৰা এসাজ কাপোৰ; চকুত জীৱনৰ সুদীৰ্ঘ ক্লান্তিৰ ছাঁ। তেওঁৰ উপস্থিতি যেন সেই পথৰ মানুহবোৰৰ চকুত ধৰা নপৰা এক নীৰৱ বাস্তৱ।

মানুহৰ ভিৰত কেতিয়াবা এনে কিছুমান জীৱন থাকে—যিবোৰ সমাজে অচেতনভাৱে উপেক্ষা কৰি যায়।

চহৰৰ জিলা গ্ৰন্থাগাৰ কাষৰ পশ্চিম মূৰীয়া পথটো। এনেই শীতকাল তাতে আকৌ কাণিমুনি সময় কণত পথৰ দাঁতিৰ কৃষ্ণচূড়া কেইজোপাৰ সংস্পৰ্শত সামান্য বতাহছাটিয়েও গোটেই গাটো কঁপাই তুলে। তথাপিও এই ঠাইখিনিৰ কিবা এটা বিশেষ মাদকতা আছে। মাতাল সন্ধিয়াৰ আমেজ লৈ সেই পথেৰেই কলেজৰ পৰা ঘৰলৈ উভতি অহাৰ পৰত পলাশৰ খোজ মুহূৰ্তকালৰ বাবে থমকি ৰ’ল। তাৰ দৃষ্টিৰে পথটোৰ সোঁফালৰ ফুটপাথটোত বিশ্ৰান্ত হৈ বহি থকা সেই বৃদ্ধ ব্যক্তিজনক সি লক্ষ্য কৰিলে। বৃদ্ধজনৰ চকুত সি এক গভীৰ শূন্যতা অনুভৱ কৰিলে— যেন বহুদিন ধৰি কোনোৱে তেওঁৰ সৈতে কথা হ’বলৈ এখন্তেক ৰোৱা নাই।

পলাশে ধীৰ খোজেৰে তেওঁৰ ওচৰলৈ আগবাঢ়িল।

মৃদু স্বৰে সি সুধিলে—“ককা, আপুনি ভালে আছেনে?”

বৃদ্ধজন প্ৰথমতে অলপ বিস্মিত হৈ উঠিল। যেন বহুদিনৰ পিছত কোনোবাই তেওঁক কেৱল দয়া নহয়, মানুহ হিচাপে সম্বোধন কৰিছে। তেওঁ ধীৰ স্বৰে ক’ল— “ভালেই আছোঁ বোপা….. কেৱল জীৱনৰ বাটটো অলপ দীঘল হৈ পৰিছে।”

প্ৰত্যুত্তৰত পলাশ মাত্ৰ মৌন হৈ ৰ’ল।

সি নিজৰ বেগৰ পৰা পানীৰ বটলটো উলিয়াই তেওঁৰ ফালে আগবঢ়াই দিলে। তাৰপাছত ওচৰৰ দোকানখনৰ পৰা অলপ আহাৰ আনি তেওঁৰ হাতত তুলি দিলে। সেইটো ডাঙৰ সহায় নাছিল। কিন্তু সেই মুহূৰ্তত সেই সৰু সহায়খিনিয়ে বৃদ্ধজনৰ জীৱনলৈ এক স্নিগ্ধ উষ্ণতা কঢ়িয়াই আনিছিল। তেওঁৰ চকুহালত কৃতজ্ঞতাৰ মৃদু দীপ্তি তিৰবিৰাই উঠিছিল। তেওঁ পলাশৰ ফালে চাই ক’লে— “মানুহৰ মাজত এতিয়াও মানুহ আছে বাবেই পৃথিৱীখন এতিয়াও সম্পূৰ্ণ শীতল হৈ পৰা নাই।”

সামান্য যেন লাগিলেও এই সাধাৰণ এষাৰ বাক্য পলাশৰ কোমল অন্তৰখন চুই যাব পৰাকৈ যথেষ্ট আছিল। সি অনুভৱ কৰিলে— মানৱতা কোনো বৃহৎ ঘোষণা নহয়, কোনো আড়ম্বৰপূৰ্ণ কৰ্মও নহয়। মানৱতা কেতিয়াবা এয়াও হ’ব পাৰে— কোনোবাই উপেক্ষা কৰা জীৱন এটাৰ ওচৰত এখন্তেক থমকি ৰোৱা।

সন্ধিয়াৰ কুঁৱলী তেতিয়ালৈকে আৰু গাঢ় হৈ উঠিছিল। এন্ধাৰবোৰ ঢাকিবলৈ পথৰ লাইটবোৰ লাহে লাহে এটা দুটাকৈ জ্বলি উঠিছে। সেই লাইটবোৰৰ পোহৰত পলাশে যেন নতুনকৈ পৃথিৱীখনক দেখিলে।

সি ধীৰে ধীৰে ঘৰলৈ আগবাঢ়িল। কিন্তু তাৰ মনত এটা উপলব্ধি স্থায়ী হৈ ৰ’ল— ক্ষমতা, প্ৰভাৱ, ধন-সম্পদ আদিৰ জৰিয়তে মানুহে পৃথিৱীত শাসন কৰিব পাৰে, কিন্তু বাস্তৱিক অৰ্থত পৃথিৱীক বাসযোগ্য কৰি ৰাখে মানুহৰ অন্তৰত জীয়াই থকা মানৱতা, মৰম আৰু সহানুভূতিয়ে।

এই পৃথিৱীৰ প্ৰকৃত উষ্ণতা সূৰ্যৰ তেজত নহয়, মানুহৰ অন্তৰত নিঃশব্দে জ্বলি থকা পবিত্ৰ আলোকত নিহিত, সেই আলোকেই হৈছে মানৱতা।কাৰণ, শেষত সকলো পৰিচয়, সকলো ভেদাভেদ আৰু বিভাজনৰ ওপৰত অটল হৈ থাকে এটা সৰল সত্য—

“মানুহ হোৱাৰ প্ৰকৃত অৰ্থই হৈছে আন এজন মানুহৰ দুখক নিজৰ হৃদয়ত অনুভৱ কৰিব পৰা সেই গভীৰ শক্তি।”