আজিৰ যুগত মানুহৰ নিজৰ লেখাতো AI বুলি সন্দেহ কৰাৰ প্ৰৱণতা
স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ
গোলাঘাট
বৰপেটা, হাউলী
আমি সকলোৱে জানো যে বৰ্তমান সময়খিনি প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়। প্ৰতিদিনে নতুন নতুন প্ৰযুক্তিৰ আগমন ঘটিছে আৰু মানুহৰ জীৱন ধাৰণৰ ধৰণো সলনি হৈ গৈছে। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা বা AI ৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। শিক্ষা, সাহিত্য, সংবাদ, ব্যৱসায় আদি বহুতো ক্ষেত্ৰত AI ৰ সহায়ত কাম কৰা দেখা যায়। ইয়াৰ ফলত বহুতো কাম সহজ আৰু দ্ৰুত হৈছে। কিন্তু একে সময়তে এই প্ৰযুক্তিৰ ব্যৱহাৰৰ লগে লগে সমাজত এটা নতুন সমস্যা দেখা দিছে—মানুহে নিজে লিখা লেখাতো কেতিয়াবা AI এ লিখিছে বুলি সন্দেহ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে।
আগতে যেতিয়া মানুহে কোনো প্ৰবন্ধ, কবিতা বা গল্প লিখিছিল, তেতিয়া সেইটো সম্পূৰ্ণৰূপে মানুহৰ চিন্তা আৰু অনুভৱৰ ফল বুলি ধৰা হৈছিল। শিক্ষক, পাঠক বা সমাজে সেই লেখাক সন্মান দিছিল। কিন্তু এতিয়া পৰিস্থিতি কিছু সলনি হৈছে। কাৰণ AI ৰ সহায়ত অতি কম সময়ৰ ভিতৰত সুন্দৰ ভাষাত প্ৰবন্ধ বা অন্যান্য লেখা প্ৰস্তুত কৰা যায়। ফলত যেতিয়া কোনো শিক্ষাৰ্থী বা লেখকে ভালকৈ লিখে, তেতিয়া কেতিয়াবা কিছুমান মানুহে সন্দেহ কৰে যে এইটো হয়তো AI ৰ সহায়ত লিখা হৈছে। এই সন্দেহে বহু সময়ত লেখকৰ নিজৰ কষ্ট আৰু প্ৰতিভাক মূল্যহীন কৰি তোলে।
বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত এই সমস্যাটো অধিক দেখা যায়। বিদ্যালয় বা মহাবিদ্যালয়ত শিক্ষাৰ্থীসকলে যেতিয়া কোনো প্ৰবন্ধ বা প্ৰজেক্ট জমা দিয়ে, তেতিয়া কেতিয়াবা শিক্ষকসকলে ভাবি লয় যে এইটো হয়তো AI ৰ সহায়ত কৰা হৈছে। যদিও বহু শিক্ষাৰ্থীয়ে নিজে কষ্ট কৰি লিখে, তথাপি সন্দেহৰ কাৰণে তেওঁলোকৰ পৰিশ্ৰমৰ যথোচিত মূল্য নোপোৱা দেখা যায়। এই ধৰণৰ সন্দেহে শিক্ষাৰ্থীসকলৰ মনত হতাশা আৰু দুখৰ সৃষ্টি কৰিব পাৰে।
আনহাতে, এই কথাও সত্য যে কিছুমান মানুহে প্ৰকৃততে AI ৰ সহায়ত লেখা প্ৰস্তুত কৰে। সেইকাৰণে সন্দেহ জন্ম লোৱাটো সম্পূৰ্ণভাৱে অস্বাভাৱিক নহয়। কিন্তু সকলো ক্ষেত্ৰতে একে দৃষ্টিৰে চোৱা উচিত নহয়। মানুহৰ নিজা চিন্তা-চেতনা, অভিজ্ঞতা আৰু অনুভৱে সৃষ্টি কৰা লেখাৰ মূল্য সদায় বিশেষ। সেইটো সহজে কোনো যন্ত্ৰই সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰিব নোৱাৰে।
সেয়েহে সমাজত এই বিষয়ত সচেতনতা অতি প্ৰয়োজন। AI হৈছে মানুহৰ সহায়ক এটা শক্তিশালী প্ৰযুক্তি, কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা উচিত। একে সময়তে মানুহৰ নিজা প্ৰতিভা, সৃষ্টিশীলতা আৰু পৰিশ্ৰমৰ মূল্যো সমানভাৱে স্বীকাৰ কৰিব লাগিব। শিক্ষক, পাঠক আৰু সমাজৰ সকলো মানুহে এই কথাটো বুজা উচিত যে সকলো ভাল লেখা AI ৰ সহায়ত হোৱা নহয়; বহুতো লেখা মানুহৰ মনৰ গভীৰ চিন্তা আৰু অনুভৱৰ ফল।
প্ৰযুক্তিৰ অগ্ৰগতি আমাৰ বাবে আশীৰ্বাদ স্বৰূপ, কিন্তু ইয়াৰ লগত অহা সমস্যাবোৰো বুজি লোৱা প্ৰয়োজন। AI ৰ যুগতো মানুহৰ সৃষ্টিশীলতা, চিন্তা আৰু অনুভৱৰ মূল্য সদায় অটুট থাকিব লাগে। তেতিয়াহে সমাজত বিশ্বাস, সন্মান আৰু সঠিক মূল্যায়ন বজাই থাকিব।
আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে মানুহৰ লেখাত ব্যক্তিগত অনুভৱ, অভিজ্ঞতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ চাপ স্পষ্টভাৱে দেখা যায়। এজন মানুহে যেতিয়া নিজৰ অনুভৱ আৰু চিন্তা প্ৰকাশ কৰে, তেতিয়া সেই লেখাত এক বিশেষ উষ্ণতা আৰু সত্যতাৰ অনুভৱ থাকে। কিন্তু যেতিয়া সকলোতে AI বুলি সন্দেহ কৰা হয়, তেতিয়া সেই মানবীয় অনুভৱৰ মূল্য কেতিয়াবা কমি যোৱা যেন লাগে। এইটো সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত সুস্থ পৰিৱেশৰ বাবে ভাল লক্ষণ নহয়।
আজিৰ সমাজত বিশ্বাসৰ মূল্য অতি গুৰুত্বপূৰ্ণ। যদি মানুহে মানুহৰ ওপৰতেই বিশ্বাস হেৰুৱাই পেলায়, তেন্তে সমাজত সহযোগিতা আৰু সমন্বয় বজাই ৰখা কঠিন হৈ পৰে। সেইবাবে শিক্ষক, পাঠক আৰু সমাজৰ সকলো লোকেই সমতা আৰু ন্যায়ৰ দৃষ্টিৰে বিষয়বোৰ চোৱা উচিত। কোনোবাই ভালকৈ লিখিলে তাৰ পিছে পিছে সন্দেহ কৰাৰ পৰিৱৰ্তে প্ৰথমে সেই লেখাটোৰ মূল্য আৰু মান বিচাৰ কৰা উচিত।
ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ মাজতো সচেতনতা থকা প্ৰয়োজন। যদি তেওঁলোকে নিজে লিখে, তেন্তে নিজৰ চিন্তা-ধাৰা স্পষ্টকৈ প্ৰকাশ কৰা উচিত আৰু প্ৰয়োজন হ’লে শিক্ষকসকলক বুজাই কোৱা উচিত যে এই লেখা তেওঁলোকৰ নিজৰ পৰিশ্ৰমৰ ফল। ইমানেই নহয়, AI ৰ সঠিক আৰু সীমিত ব্যৱহাৰৰ বিষয়ে শিক্ষাৰ্থীসকলক শিকোৱা প্ৰয়োজন যাতে তেওঁলোকে নিজৰ সৃষ্টিশীলতা হেৰুৱাই নেপেলায়। AI ৰ আগমনে আমাৰ জীৱনত বহুতো সুবিধা আনিছে, কিন্তু ইয়াৰ লগত আহা এই ধৰণৰ সন্দেহ আৰু সমস্যাবোৰো বুজি সমাধান কৰা উচিত। মানুহৰ নিজা প্ৰতিভা, কল্পনা শক্তি আৰু চিন্তা-চেতনা সমাজৰ বাবে সদায় অমূল্য সম্পদ। সেইকাৰণে AI ৰ যুগতো মানুহৰ কষ্ট আৰু সৃষ্টিশীলতাক যথাযথ সন্মান দিয়া অতি প্ৰয়োজন।
