বসন্তৰ বাৰ্তাবাহক সুৰীয়া কুলি চৰাই
মিতালি বৰঠাকুৰ,মালিগাওঁ
ঋতু চক্ৰৰ বিবৰ্তন ক্ৰমে প্ৰকৃতিৰ বুকুত যেতিয়া শীতৰ শুষ্কতাই চুই যায় তেতিয়াই ফাগুনৰ পছোৱাই লঠঙা কৰে সেউজীয়া বিৰিখৰ ডাল। তাৰ পাছতেই সমাগত হয় নৱ বসন্তৰ আগলি বতৰা । তেতিয়াই প্ৰকৃতিৰ শ্যামলীমা বক্ষত নিজৰ স্বকীয় বৈশিষ্ট্যৰে সুৰৰ মূৰ্চ্ছনা তুলি কুকিল কণ্ঠী কুলি চৰাইৰ কুঞ্জনে বহাগৰ বাতৰি আনে।
প্ৰকৃতি জগতখন অনবদ্য উপহাৰেৰে সমাদৃত। তাৰ ভিতৰত ৰং -বিৰঙী সুৰীয়া চৰাই – চিৰিকটি বোৰ উল্লেখনীয়। কুলি চৰাই তাৰে এক অন্যতম উপহাৰ। যাক প্ৰকৃতিৰ ৰহস্যময়ী আৰু আকৰ্ষণীয় প্ৰজাতি ৰূপে গণ্য কৰা হয়। জানিব পৰা মতে , কুলি চৰাইৰ অনেক প্ৰজাতি আছে । ইহঁত আকাৰত ডাঙৰ আৰু এবিধ চতুৰ , অদ্ভূত প্ৰজনন কৌশল আৰু নিজৰ সুকীয়া মাতৰ বৈশিষ্টৰ বাবে বিশ্ববিখ্যাত। অসমলৈ সাধাৰণতে কুলি চৰাই বোৰ মাৰ্চ – এপ্ৰিল মাহত আহে আৰু সিহঁতৰ সুৰীয়া মাতে অসমৰ হাবি – বননি মুখৰিত কৰি এক অনিৰ্বচনিয় শোভা বঢ়ায় ।
কুলি চৰাইৰ বৈজ্ঞানিক নাম হৈছে — Eudynamys scolopaceus , সাধাৰণতে মতা কুলি চৰাইৰ পাখি নীলচীয়া ক’লা , সেউজ হালধীয়া ঠোঁট আৰু ৰঙা চকু , আৰু দীঘল নেজ । আনহাতে মাইকী কুলি বোৰৰ পাখি মুগা বৰণৰ ফুটফুটিয়া, বগা – বগা আঁচ থকা আৰু দীঘল নেজ ,বক্ৰ চঞ্চুৰ সৈতে ক্ষীণ অবয়ব থাকে। প্ৰজাতি ভেদে কিছু সাল সলনি হোৱা দেখা যায়। পৃথিৱীত ইহঁতৰ বহুত প্ৰজাতি আছে বুলি জনা যায়। বিশেষকৈ এছিয়া মহাদেশ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰত এই চৰাই বেছিকৈ পোৱা যায়। বেছিভাগ সময় ইহঁতি ওখ গছৰ আশ্ৰয় লৈ থাকে , মাটিলৈ বৰকৈ নামি নাহে। বিশেষকৈ আম গছত কুলিয়ে বসন্ত কালত নিজৰ সুৰীয়া কণ্ঠৰে আকাশ – বতাহ কঁপাই তোলে। কাৰণ ইহঁতৰ মাত বৰ উচ্চ স্তৰৰ আৰু মিঠা। যাৰ বাবে কুলিৰ মাতত সকলো মন্ত্ৰমুগ্ধ হৈ পৰে। কুলি চৰাই বোৰ সাধাৰণতে আলস্য বুলি কোৱা হয় কাৰণ ইহঁতি নিজে বাহ নাসাজি কাউৰীৰ বাহত কণী পাৰে যাৰ বাবে সিহঁতক চতুৰ চৰাই বুলি আখ্যা দিয়া হয়।
কুলি চৰাইবোৰ লাজকুৰীয়া প্ৰকৃতিৰ বুলি কোৱা হয়। কিয়নো ইহঁতি গছৰ পাতৰ আৰত লুকাই লুকাই কুউ – কুউ বুলি একেৰাহে কেইবাবাৰো মাতি আকৰ্ষিত কৰে। সাধাৰণতে মতা কুলি চৰাইবোৰে এনেকৈ সুৰৰ মূৰ্চ্চনাৰে মাইকী কুলি চৰাইক আকৰ্ষিত কৰে। সেই বাবেই কবি মিত্ৰদেৱ মহন্তৰ কবিতাত প্ৰকাশ পাইছিল —
” অ কুলি ,অ কুলি , আকৌ এবাৰ মাত কুলি
আকৌ এবাৰ মাত , নাকত যদি ধৰে লাজে
নাচাও মই পাতৰ মাজে – – -”
কুলি চৰাইবোৰ সাধাৰণতে পতংগ ভূজী। ইহঁতি সৰু সৰু মকৰা , পোক -পতংগ , বিচা ,পখিলা আদি বিচাৰি খায়। কেতিয়াবা জামু আৰু তেনেধৰণৰ সৰু – সৰু ফল বিচাৰিও খায়। ”ৰূপে কি কৰে , গুণেহে সংসাৰ তৰে ” — এই বাক্য শাৰী ইহঁতৰ ক্ষেত্ৰত যেন খাপ খাই পৰে। কাৰণ কুলি দেখিবলৈ ধুনীয়া চৰাই নহয়, কিন্তু ইহঁতৰ মিঠা মাতত সকলো মোহিত হৈ পৰে।বিশেষকৈ কুলিৰ মাতত যেন বসন্তৰ ৰং আৰু উজ্জ্বল হৈ পৰে। গোটেই দিনটো চিঞৰি থকাৰ পাছত ৰাতি ইহঁতৰ মাত গহীন হৈ পৰে আৰু গভীৰ ৰাতি পুনৰ উচ্চ কণ্ঠৰে চিঞৰি থাকে। আচলতে ইহঁতৰ সেই মাতত বিজড়িত হৈ থাকে প্ৰজনন প্ৰক্ৰিয়াৰ উদাত্ত আহ্বান। যিমানেই ৰাতি গভীৰ হয় সিমানেই ইহঁতৰ মাতত এক দৰদী সুৰ শুনা যায়। কুলিৰ এই সুললিত সুৰ কাৰোবাৰ বাবে বিৰহৰ , কাৰোবাৰ বাবে প্ৰেমৰ , কাৰোবাৰ বাবে আনন্দ – হেঁপাহ আৰু মিলনৰ। সেই বাবেই কুলি চৰাই বসন্তৰ বাৰ্তা বাহক।
অসমীয়া কবি , গীতিকাৰৰ হৃদয়ত কুলি চৰাইৰ এক বিশেষ স্থান আছে। বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা দেৱেও গাইছিল —-
”কুলি কেতেকীয়ে ইনালে – বিনালে
মৰমী বিহুটিৰ কথাকে ক’লে ”
কুলি চৰাইবোৰ অনস্বীকাৰ্য্য ভাবে এক অতি আকৰ্ষণীয় চৰাই। গতিকে পক্ষীকুলৰ লগতে ইহঁতৰ সংৰক্ষণৰ বাবেও প্ৰকৃতিপ্ৰেমী সকল তৎপৰ হ’ব লাগিব। বৰ্তমান বিভিন্ন কাৰণত পক্ষীকুলৰ যি এক ধ্বংস কাৰ্য্য অব্যাহত আছে তাক সংৰক্ষণ কৰিবলৈ সকলো প্ৰকৃতিপ্ৰেমী হাতে হাত ধৰি সাজু হ’ব লাগিব। বৰ্তমান দ্ৰুত বনাঞ্চল ধ্বংসৰ ফলত সংকুচিত হৈ আহিছে সেউজ অৰণ্য । যাৰ ফলত বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাও বিপদাপন্ন হৈ উঠিছে। জলবায়ুৰ ব্যাপক সাল – সলনিৰ ফলত আমি সচৰাচৰ দেখা আন আন চৰাইৰ দৰে এই সুৱদী কণ্ঠৰ গৰাকী কুলি চৰাইকো কেতিয়াবা দৈবক্ৰমে হেৰুৱাই পেলাম। সেয়ে সকলোৱেই যেন প্ৰকৃতিৰ বুকু সেউজীয়া কৰি ৰাখিবলৈ প্ৰয়াস কৰে। প্ৰকৃতিৰ বুকুত সুৱদী কুলিৰ মাতত প্ৰতি বাৰে যেন বসন্তৰ জোৱাৰ আহে । সিহঁতৰ মাতত যেন প্ৰকৃতি সদায় সজীৱ হৈ ৰওক , মানুহে জীৱনৰ দুঃখ যন্ত্ৰণা পাহৰি কুলিৰ মৌসনা মাতত আনন্দৰ বন্যা বোৱাওক।
