নাৰী নিৰ্যাতন: আধুনিক সমাজৰ এক ব্যাধি
জ্যোতিমণি মাহত্ব
সমাজ সংস্কৃতি আৰু সভ্যতা বিকাশৰ নাৰীৰ অৱদান অনস্বীকাৰ্য্য।নাৰী সমাজৰ এক অবিচ্ছেদ্য অংশ।নাৰী দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে।সেই একেই লক্ষ্য, একেই উদ্দেশ্য, মাত্ৰ এটা নিৰ্দিষ্ট দিনতেই কিন্তু নাৰীক সঁচাকৈ নাৰীৰ মৰ্যদা দিছে জানো ? নাৰী কত সুৰক্ষিত, তেওঁলোকৰ সন্মান ক’ত? নিজা ঘৰত , মন্দিৰ ,আকাশমাৰ্গ, ৰে’লপথ , ৰাজপথ বিদ্যালয় মহাবিদ্যালয় আদি কতোৱেইচোন সুৰক্ষিত নহয়। কেৱল ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান, মহাবিদ্যালয়, শিক্ষানুষ্ঠান আদিত উদাত্ত ভাষণ দিলেই নাৰী সুৰক্ষিত নেকি? আমাৰ সমাজখনত ইমানেই দ্ৰুত স্খলন হৈছে যে মগজুৰ ভাৰসাম্য হেৰুৱা কন্যা সন্তানে নিজ গৃহতেই পিতৃৰ দ্বাৰা লাঞ্ছিত হ’ব লগা হৈছে ।বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ উদ্দেশ্য কি আছিল?
নাৰী হ’ল ন্যায়পৰায়ণ সূক্ষ্ম দৃষ্টিসম্পন্ন ধৈৰ্যশীলতা সৃষ্টিকৰ্তাৰ এক অনুপম অৱদান হৈছে নাৰী । সংসাৰ যাত্ৰাত বিভিন্ন ৰূপত বিভিন্ন পদক্ষেপত নাৰীৰ ভূমিকা তুলনা বিহীন।যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্বই নাই । আজিৰ আধুনিক আৰু বিজ্ঞান মনস্ক যুগতো নাৰী নিৰ্যাতন এক গভীৰ সামাজিক ব্যাধি হিচাপে বিদ্যমান। বিজ্ঞান প্ৰযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িলেও মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত আমি বহু সময়ত পিছ পৰি আছোঁ। বৰ্তমান সময়ত যৌতুকজনিত কাৰণত বোৱাৰীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ, কেতিয়াবা জীৱন্তে কেৰাচিন ঢালি জ্বলাই দিয়াও পৰিলক্ষিত হয়, নাবালিকা বলাৎকাৰ , বনকৰা ছোৱালীক বলপূৰ্বক ভাৱে ধৰ্ষণ কৰি হত্যা কৰা আনকি কৰ্ম ক্ষেত্ৰতো নাৰী সুৰক্ষিত নহয় ।শিক্ষাৰ বিস্তাৰ আৰু আইনী ব্যৱস্থাৰ উন্নতি হোৱাৰ পাছতো বহু ঘটনাই লুকাই থাকে লাজ ভয় আৰু সামাজিক চাপৰ ফলত ।নাৰী নিৰ্যাতনৰ মূল কাৰণ সমূহৰ ভিতৰত পুৰুষতান্ত্ৰিক মানসিকতা উল্লেখযোগ্য।যুগ যুগ ধৰি নাৰীক পুৰুষৰ তুলনাত দুৰ্বল আৰু পৰাধীন বুলি গণ্য কৰা হৈছে। ঘৰুৱা হিংসা বাল্য বিবাহ আদি অন্যান্য সমস্যাই নাৰীৰ জীৱন অন্ধকাৰময় কৰি তুলিছে। আৰ্থিকভাৱে স্বাৱলম্বী নোহোৱা বহু নাৰীয়ে নিজৰ অধিকাৰ দাবী কৰিবলৈ সাহস নাপায়। অশিক্ষিত অসচেতনতাৰ লগতে কুসংস্কাৰ , অন্ধবিশ্বাসৰ কিছুমান ভুল ধাৰণাই নাৰীক বঞ্চিত কৰিছে । নাৰী অবিহনে পুৰুষ জীৱনৰ সাৰ্থকতা নাই বুলি কোৱা হয় আৰু সেয়াই সঁচা তথাপিও আমাৰ সমাজত পুৰুষৰ দ্বাৰাই নাৰী নিৰ্যাতিত হয় ।ডাইনী আধুনিক সমাজ ব্যৱস্থাত নাৰী নিৰ্যাতনৰ এক ভয়াবহ সমস্যাৰূপে পৰিগণিত হৈছে।শিক্ষাৰ পোহৰ নপৰা অন্ধকাৰ ঠাইত মানুহৰ অন্ধবিশ্বাসৰ ফলত বহু মহিলা নিৰ্যাতন হয় ।আমি কেৱল নাৰীৰ স্বাধীনতা, অধিকাৰ আদিৰ কথা কৈ থাকিলেই জানো আজিৰ সমাজত নাৰী সুৰক্ষিত হ’ব? কিছুমানে নাৰীৰ সফলতাৰ ওপৰত গুৰুত্ব দিয়ে যদিও আন কিছুমানে নাৰীক দমন কৰে । বিধৱাসকলক শুভ কাৰ্যৰ পৰা বঞ্চিত কৰে , কন্যা সন্তান বুলি ভ্ৰুণ হত্যা কৰে, কন্যা সন্তানতকৈ পুত্ৰ সন্তানক সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰে( অৱশ্যে সকলো নহয়) । এইবোৰ কু- প্ৰথা ,কু-সংস্কাৰ অজ্ঞাত আৰু অন্ধবিশ্বাসৰ ফলতেই আজিও সম্পূৰ্ণৰূপে অতীতৰ দৰে আজিও বহুতো মহিলাৰ অধিকাৰ ,শান্তি, নিৰাপত্তা ইত্যাদিবোৰ পুৰুষৰ লগত সমান পৰ্যায়ৰ নহয় ।এইবোৰৰ কাৰণতেই কিছুমান ঠাইত মাজে সময়ে মহিলাসকলে আত্মহত্যা কৰা ঘটনা শুনিবলৈ পোৱা গৈছে।
এইবোৰৰ বাবে বহুতো আইন প্ৰণয়ন হৈছে তথাপিও নাৰী অসুৰক্ষিত? কিন্তু কিয়! কিমান কাৰ্যকৰী হৈছে এই পৰিকল্পনা সমূহ। এতিয়াও দেশৰ কিছুমান ঠাই আছে য’ত কন্যা শিশুক জীয়াই থকা অৱস্থাতে নৈত উটুৱাই দিয়ে নতুবা ডিঙি চেপি বলপূৰ্বক ভাৱে হত্যা কৰে। মধ্য বিত্ত পৰিয়ালবোৰত শাহু- শহুৰ দ্বাৰা লাঞ্ছিত হৈ বহু মহিলাই মৃত্যুক সাৱটিব লগা হৈছে আৰু আন কিছুমানে পংগুৰ দৰে থাকিব লগা হৈছে। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ফলতো কিছুমান পৰিয়ালত মহিলাসকলে অশান্তিৰে দিন কটাবলগীয়া পৰিস্থিতি হৈছে।মহিলাসকলে নিজৰ নিজৰ মৰ্যদা তথা জাতিগত সত্তা জীয়াই ৰাখিবলৈ এনেবোৰ কু-সংস্কাৰ তীব্ৰভাৱে বিৰোধিতা কৰিব লাগিব ।নাৰী নিৰ্যাতন ৰোধ কৰাটো আমাৰ প্ৰতিজন মানুহৰে এটা সামাজিক তথা নৈতিক কৰ্তব্য।অকল প্ৰতিবাদেই নহয় দোষীক উপযুক্ত প্ৰমাণ পোৱাৰ পাছত কঠোৰ শাস্তি বিহিব লাগে। লগতে আইনী ব্যৱস্থা কঠোৰ হোৱা উচিত। বিদ্যালয় মহাবিদ্যালয় আৰু সামাজিক সংগঠনৰ জৰিয়তে লিংগ সমতা আৰু মানৱাধিকাৰ শিক্ষা প্ৰসাৰ কৰা উচিত। এখন সুস্থ, উন্নত আৰু সভ্য সমাজ গঢ়িব বিচাৰিলে নাৰীসকলক সুৰক্ষা, সন্মান আৰু সমান অধিকাৰ নিশ্চিত কৰিব লাগিব। যেতিয়া সমাজৰ প্ৰতিটো ঘৰ, প্ৰতিটো পথ আৰু প্ৰতিটো কৰ্মক্ষেত্ৰত নাৰী নিৰ্ভয়ে আগবাঢ়ি যাব পাৰিব, তেতিয়াহে আমাৰ সমাজখন সঁচাকৈ উন্নত আৰু মানৱীয় বুলি ক’ব পৰা যাব।
