“অসমীয়া ভাষাৰ অস্তিত্বৰ সম্প্ৰসাৰণ নে অস্তিত্ব লাঘৱ”
(এক নিৰ্মোহ বিশ্লেষণ আৰু দায়িত্ব)
চম্পাৱতী কলিতা
প্ৰাক্তন ছাত্ৰী দ্বৈত-বিষয়ৰ ( অসমীয়া সাহিত্য আৰু ভাষা বিজ্ঞান)
ভাষা আৰু সাহিত্য দেশৰ প্ৰথম সম্পদৰাজিৰ ভিতৰৰ এবিধ। কিয় প্ৰথম সম্পদ সেইকথা জ্ঞানীমহলে নিশ্চয় জানে । পৃথিৱীৰ ভাষা-সাহিত্যৰ কথা ক’বলৈ নগৈ আমাৰ মা অৰ্থাৎ মাতৃৰ ভাষাটোৰ কথাকে অলপ দোহাৰিবলৈ লৈছোঁ। নিজৰ মাতৃভাষাৰ লগত এক বুজাব নোৱাৰা আৱেগ জড়িত হৈ থাকে বাবেই জ্ঞানী গুণী লোকসকলে ভাষাটো বৰ্তাই ৰাখিবলৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিছিল। অসমীয়া ভাষা অসমৰ মাতৃ ভাষা। অসমত নিগাজিকৈ বাস কৰা সকলোৱে এই কথা মনে-প্ৰাণে গ্ৰহণ কৰে বা কৰিব লাগিব। মাতৃভাষাটো যিয়েই ভালদৰে বুজে আৰু জানে সেই সকলে অন্য ভাষা শিকাত বিলম্ব নহয় বুলি অন্য ভাষাৰ প্ৰশিক্ষক এগৰাকীয়ে কৈছিল আৰু কথাষাৰৰ সত্যতাও নথকা নহয় ।এতিয়া কথা হ’ল অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে জীৱনযোৰা সাধনা কৰা ব্যক্তিসকলৰ প্ৰতি আমি কিমান কৃতজ্ঞ?
তেখেতসকলে বহু কষ্টেৰে চৰ্চা কৰি থৈ যোৱা অসমীয়া ভাষা-সাহিত্যত পুনৰ বিশ্লেষণ সংশোধন আৰু সেইবোৰৰ পৰা নতুন সৃষ্টিৰ প্ৰয়াস কিমান গৰাকী অসমীয়াই কৰিছে সেইকথা ভবাৰ প্ৰয়োজন আছে।
অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আজিকালি সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বহুত বৃদ্ধি হৈছে। বিভিন্ন কাব্য পুথি, প্ৰবন্ধ পুথি, গ’ল। গল্প-উপন্যাসৰ লগতে অন্যান্য গ্ৰন্থ যথেষ্ট পৰিমাণে সৃষ্টি হৈছে। সেইবোৰে লগে লগে বজাৰ , অনুষ্ঠান, ব্যক্তি, সংগঠন আৰু বিভিন্ন মিডিয়াৰ জৰিয়তে হাইলাইট হৈ পৰাও দেখা গৈছে। বহুতে প্ৰতিযোগিতাৰ বজাৰত উচ্চ সাহিত্য আৰু সাহিত্যিক ৰূপে স্বীকৃতিও লাভ কৰিছে। সেইবোৰক লৈ আমি নিৰুৎসাহিত কৰিবলৈও নাযাও।
কিন্তু সেইবোৰ কোনে চালি-জাৰি চাই ভুল শুধৰাই দিব ? নতুবা বিশ্লেষণ মূলক সমালোচনা কৰিবলৈ আছে কোন? প্ৰতিযোগিতাৰ বজাৰত সকলোৱে নিজকে প্ৰতিষ্ঠিত কৰাৰ যি প্ৰয়াস তাত পাঠকেই বা হ’ব কোন? সাহিত্য আৰু সাহিত্যিকৰ হিতৰ বাবে ভুল-শুদ্ধ আঙুলিয়াই দিবলৈ আগবাঢ়ি আহিব ? তেনে অসমীয়া কিমান গৰাকী ওলাব তাত সন্দেহৰ অৱকাশ আছে নে নাই সকলোৱে ভাবি চাবলগীয়া কথা।
*সাহিত্য এতিয়া ব্যৱসায়িক দিশত*—
এইষাৰ বিতৰ্কমূলক কথা আগবঢ়োৱা জন সমালোচনাৰ পাত্ৰ হ’ব নতুবা জবাবদিহি হ’ব নিশ্চয়। আমি দুখীয়া নিমাখিত ব্যক্তি। আমাৰ পিছফালে প্ৰভাৱশালী ব্যক্তি, অৰ্থ আৰু আমাৰ বাকপটুতা গুণো নাই বুলিয়েই যে অসমীয়া ভাষাক ধ্বংসৰ পথলৈ ঠেলি দিব পাৰিম তেনে নহয়। মুখৰ মাত ভালদৰে ওলোৱাৰ পৰাই অসমীয়া ভাষাক ভাল পাওঁ। শৈশৱতে এক দুখ লগা পৰিৱেশত বা পিছপৰা অঞ্চলত থাকিও টাউনীয়া পথত পৰিথকা কাগজৰ টুকুৰা বুটলি অসমীয়া শব্দ সংগ্ৰহ কৰাৰ সেই (লাজ লগা )অথচ মধুৰ স্মৃতি আজিও হৃদয়ত বাজি উঠে। তেনে স্থলত যদি আমি সাহিত্যক কিছুমান সংগঠনৰ অন্তৰ্ভুক্ত কৰি হকে নহকে লিখিবলৈ দি টকা সংগ্ৰহ কৰাৰ মাধ্যম ৰূপে লওঁ তেতিয়া সাহিত্যৰ মানদণ্ড জানো উন্নত হ’ব ? সকলো কামতে অৰ্থৰ প্ৰয়োজন হয় , ই নিশ্চিত তথাপিও আৰ্থিক দিশটোৱেই যদি প্ৰধান উদ্দেশ্য হয় তেন্তে সাহিত্যিক সৌন্দৰ্য লাঘৱ হ’ব। বিজ্ঞসকলে দি যোৱা অমূল্য সম্পদ অসমীয়া ভাষা সাহিত্য আজি অপমৃত্যুৰ দুৱাৰ দলিত। ইয়াৰ বাবে আমি সকলোৱে কিঞ্চিৎ হ’লেও দায়ী। বৰ্তমান ভাষা সাহিত্যৰ চৰ্চাত নিমগ্ন সদাশয় সাহিত্যকসকলে যদি নিজৰ প্ৰচাৰমুখীতাৰ পৰা এধানি সময় উলিয়াই অসমীয়া ভাষাৰ উন্নতিৰ বাবে নতুন প্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ইয়াৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰে তেতিয়া ছাত্ৰ-ছাত্ৰীৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত থকা অপৰিপক্কতা, অনিহা কিছু হ’লেও কমিব বুলি ভাবিছোঁ।
*ভাষা আৰু সাহিত্যৰ শিক্ষক, অভিভাৱক আৰু অসাধু ব্যৱসায়ীৰ দায়িত্ব*—–
বৰ্তমান সময়ত অধ্যয়নৰ প্ৰতি অনাসক্ত ছাত্ৰ ছাত্ৰীসকলৰ এচামে বিনা কষ্টেৰে পৰীক্ষা দি ভাল ফলাফল বিচৰাৰ যি মানসিকতা তাৰ বাবেও অসমীয়া ভাষা সাহিত্যৰ যথেষ্ট ক্ষতি সাধন হোৱা যেন অনুভৱ হয়। অভিভাৱকসকলে নিজৰ সন্তানে কি শিকিলে তাতকৈ পৰীক্ষাত নম্বৰ কেনেকৈ পাব তাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ এনে মনোবৃত্তিৰ সুবিধা লৈয়ে এচাম দুষ্ট চক্ৰই বজাৰত সস্তীয়া সহায়িকা পুথিৰ ৰমৰমীয়া বেহাৰে অৰ্থ উপাৰ্জন কৰিছে। পৰীক্ষা গৃহত সৰু সৰু আখৰৰ মিনিবুক লৈ ছাত্ৰ-ছাত্ৰীয়ে অসৎ উপায়েৰে পৰীক্ষা দিবলৈ প্ৰস্তুত হৈ আহে। তেনে সহায়িকাৰ ঠাইত আমি যদি এখন অসমীয়া ব্যাকৰণ অতি সুন্দৰ ভাবে প্ৰকাশ কৰোঁ তেতিয়া সেইখন পুথি বজাৰত বিক্ৰী নহয়। কিয়নো কম সময়ত সহজতে ফলাফল বিচৰা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি নাপায় যে ভাষা এটা ভালদৰে শিকিবলৈ হ’লে যে ব্যাকৰণ জনাটো নিতান্তই প্ৰয়োজনীয় কথা। এনেবোৰ কথা কিছুবছৰ আগতে শিক্ষা ব্যৱস্থাত বাধ্যতামূলক আছিল আৰু শিক্ষক , শিক্ষাৰ্থী তথা অভিভাৱকসকলো সতৰ্ক আছিল। সেয়ে এজন বিজ্ঞানৰ ছাত্ৰৰো অসমীয়া ভাষা অসমীয়া ব্যাকৰণৰ জ্ঞান যথেষ্ট আছিল। উদাহৰণ স্বৰূপে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক ড: বিপুল ডেকা এগৰাকী বিজ্ঞানৰ ছাত্ৰ হৈও অসমীয়া ভাষা সাহিত্যৰ লগতে সংগীত সংস্কৃতিৰ জগতখনতো সমানে দখল থকা পৰিলক্ষিত হৈছে।
অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ হ’লে শিক্ষকসকলৰো যথেষ্ট দায়িত্ব আছে। শিক্ষকে অভিভাৱকৰ সৈতে সংযোগ ৰাখি শিক্ষাৰ্থীক ভাষা জ্ঞান দিয়াৰ পৰিৱৰ্তে যদি ছাত্ৰ ছাত্ৰীসকলৰ ধ্বংস স্বৰূপ মিনি নোট বুক বজাৰত উলিয়াই দিয়ে তেতিয়া অসমীয়া ভাষা আৰু লোকৰ কিবা লাভ হ’ব জানো?
