ফাগুনী বাই
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
বা-মাৰুলি উৰুৱাই
আহি আছে ফাগুনী বাই
গছে পাতে ফাকু ছটিয়াই
মদাৰ পলাশে হাঁহে ৰিঙিয়াই ।
উতলা যৌৱনৰ পৰশত
উন্মনা হৈছে ফাগুনী বাই
দৌৰিছে নিজৰ গৰ্বত
হাঁহিছে বসুন্ধৰা আই।
নদ-নদীৰ দুয়ো কুলত
নাচিছে কহুঁৱা ফুল
যৌৱনৰ পয়োভৰত
হৈছে আনন্দত ব্যাকুল ।
গছৰ ডালত কুলি চৰায়ে
গাইছে সুৱলা সংগীত
গছে গছে নতুন কুঁহিপাত
আনন্দত হৈছে আপ্লুত ।
ফাগুনী বাইৰ আগমনত
ডেকা-গাভৰুৰ অন্তৰত
আই বসুমতিৰ বিশ্বৰূপত
উতলা হৈছে যৌৱন জোৱাৰত।
