বিৰোধীয়ে ‘৩১ৰ বাবেহে চিন্তা কৰি আছে, ‘২৬ৰ নহয়ঃ মুখ্যমন্ত্ৰী

বিৰোধীয়ে ‘৩১ৰ বাবেহে চিন্তা কৰি আছে, ‘২৬ৰ নহয়ঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-   সমাগত বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মই নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব। তেওঁলোকৰ চেষ্টা ২০৩১ক লৈহে। কংগ্ৰেছ দলে ২০২৬ৰ প্ৰস্তুতি প্ৰথমৰ পৰাই কৰা নাই। তেওঁলোকৰ প্ৰস্তুতি ২০৩১ক লৈহে চলি আছে। সমান্তৰালভাৱে অসমত ডাব্ল ইঞ্জিন ঢৌ আৰম্ভ হৈছে। কংগ্রেছে টৌ শেষ হৈছে বুলি ভাবিছে। কিন্তু এতিয়া ছুনামি আৰম্ভ হ’ব। মোদী ঢৌৰ পিছত এইবাৰ মোদীৰ ছুনামি আহি আছে। আনহাতে আগন্তুক বিধানসভা নির্বাচনত অগপ-বিজেপিৰ আসন বুজাবুজিক কেন্দ্ৰ কৰি যোৱা সময়ছোৱাত চলি থকা নানান চর্চা আৰু বিতৰ্কৰ বিপৰীতে পুনৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুয়োটা দলৰ আসন বুজাবুজি সম্পন্ন হৈছে বুলি স্পষ্ট কৰিলে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে  কয়- আমাৰ মতে এয়া চূড়ান্ত, ইয়াত আলোচনা কৰাৰ কোনো অৱকাশ নাই। মই অগপক স্পষ্ট কৰি দিছোঁ যে কোনকেইখন আসনত তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিব। যদি অগপই ইয়াৰ উপৰি আন আসন বিচাৰে, তেনেহ’লে সেই আসনসমূহত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব। মুখ্যমন্ত্রী হিচাপে আসনক লৈ এয়া মোৰ সিদ্ধান্ত। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো উল্লেখ কৰে যে অগপই দুই-এখন আসনক লৈ আলোচনা কৰিব বিচাৰে যদিও তেনে আলোচনাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰা হৈছে। তেওঁলোকক কৈছোঁ- যদি কষ্ট হয় তেন্তে, আপোনালোকে সেই আসনকেইখনত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰক। মুখ্যতঃ দুখন আসনৰ কথাই তেওঁলোকে উল্লেখ কৰি আছে। কিন্তু এই আসন দুখন যিহেতু আমি এৰি দিব নোৱাৰোঁ, সেয়েহে দুয়োটা দলে আসন দুখনত প্রতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এইবাৰ আসন বুজাবুজিত অগপই তেওঁলোকৰ বৰ্তমানৰ বিধায়কতকৈ বহু বেছি আসন লাভ কৰিছে। ৯জন বিধায়কৰ বিপৰীতে অগপই ২০-২২খন আসনতকৈও অধিক আসন পাব এই বুজাবুজিত। বিজেপিয়ে অগপক ক্ষতি কৰাৰ কাম নকৰে। ইফালে অগপৰ সকলো বিধায়কে এইবাৰ প্রার্থিত্ব পাব নে নাই, সেই প্রসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়- অগপইহে প্রার্থিত্ব দিব, ইয়াত আমাৰ ক’বলগা নাই। উদাহৰণ স্বৰূপে যদি আমি তেজপুৰ সমষ্টিটো এৰি দিওঁ তাত অগপই তেওঁলোকৰ বৰ্তমানৰ বিধায়কক প্রার্থিত্ব দিবও পাৰে, নিদিবও পাৰে, সেয়া তেওঁলোকৰ কথা।