জালুকবাৰীৰ ৫,১৫৫ হিতাধিকাৰীক উদ্যমিতাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ 

জালুকবাৰীৰ ৫,১৫৫ হিতাধিকাৰীক উদ্যমিতাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যাসকলক উদ্যোগী হিচাপে গঢ়ি তুলি আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে হাতত লোৱা ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত ৫,১৫৫গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ বীজ মূলধনৰ চেক প্ৰদান কৰে। এই অনুষ্ঠানৰ সৈতে ৰাজ্যৰ ১১৯টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ২৯,৩৩,৯৯৯ গৰাকী মহিলালৈ উদ্যমিতা পুঁজি বিতৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ল। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শৰ্মাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্রশাসনিক প্রক্রিয়া অধিক সৰল আৰু ডিজিটেল কৰাৰ লক্ষ্যৰে ৭টা গুৰুত্বপূৰ্ণ প’ৰ্টেলৰ সেৱাৰ শুভাৰম্ভ কৰে।

এই সেৱাসমূহৰ ভিতৰত আছে- ‘সেৱা সেতু’ প’ৰ্টেলৰ জৰিয়তে ব্যৱসায়িক অনুমোদন দ্রুত কৰিবলৈ ‘অনলাইন ট্রেড লাইচেঞ্চ’ ব্যৱস্থা, প্রশাসনত স্বচ্ছতা আনিবলৈ ব্লক আৰু জিলা পৰিষদৰ মাজত ফাইল চলাচলৰ ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনেৰে ‘জিলা স্তৰত ই-অফিচ’ ব্যৱস্থা, ১১,৯০০তকৈ অধিক কৰ্মচাৰীৰ সেৱা সম্পৰ্কীয় ৰেকৰ্ড অনলাইন কৰিবলৈ ‘কর্মসেতু’ প’র্টেল, হাট-ঘাটৰ লীজ প্ৰক্ৰিয়াত প’ৰ্টেলৰ জৰিয়তে অধিক স্বচ্ছতা নিশ্চিত কৰিবলৈ ‘হাট টেণ্ডাৰ’ ব্যৱস্থা, দৰমহাৰ পৰিশোধ সময়মতে আৰু শৃংখলিত কৰিবলৈ ‘চুক্তিভিত্তিক কৰ্মচাৰীৰ পে’ ৰ’ল’ ব্যৱস্থা, কামৰ বিৱৰণ আৰু ধনৰ তথ্য ম’বাইলতে উপলব্ধ কৰিবলৈ ‘স্মার্ট জব কার্ড’ ব্যৱস্থা আৰু দক্ষ যুৱক-যুৱতীসকলক ঘৰুৱা সেৱা, যেনে-ইলেক্ট্রিচিয়ান, ড্রাইভিং আদি প্ৰদানৰ বাবে এটা প্লেটফৰ্মৰ সৈতে সংযোগ কৰিবলৈ ‘কৌশল কানেক্ট’ ম’বাইল এপ্লিকেচন। লগতে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ কাৰ্যকালৰ নিৰ্বাচিত ভাষণসমূহৰ সংকলন ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ৪ আৰু ৫’ উন্মোচন কৰে।

৮৫৫ পৃষ্ঠাৰ এই সংকলনটোত ২০২৪ চনৰ মে’ মাহৰ পৰা ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰদান কৰা ১০০টা গুৰুত্বপূৰ্ণ ভাষণ সন্নিৱিষ্ট কৰা হৈছে, যি ৰাজ্যৰ বিকাশৰ কাহিনী আৰু চৰকাৰৰ দৃষ্টিভংগীক প্রতিফলিত কৰিছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ নাৰী সমাজক আর্থিকভাৱে স্বাৱলম্বী কৰি ৰাজ্যৰ অৰ্থনীতিৰ মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ‘মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান’ৰ জৰিয়তে ৰাজ্যৰ ৩২ লাখ মহিলাক নিজাববীয়া ব্যৱসায় আৰম্ভ কৰিবলৈ ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন আগবঢ়োৱাৰ লক্ষ্য হাতত লৈ এইপর্যস্ত ৰাজ্যৰ ১১৯টা সমষ্টিৰ ২৯,৩৩,৯৯৯ গৰাকী মহিলাৰ বেংক একাউণ্টত এই পুঁজি জমা হৈছে। মহিলাসকলক ‘লাখপতি বাইদেউ’ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা ব্যাখ্যা কৰি তেওঁ কয় যে অকল ১০ হাজাৰ টকা দিয়াই চৰকাৰৰ শেষ লক্ষ্য নহয়। যিসকল মহিলাই এই ১০ হাজাৰ টকাৰ সঠিক ব্যৱহাৰ কৰি সৰু-সুৰা ব্যৱসায় বা কিবা এটা বাণিজ্যিক কাম আৰম্ভকৰিব, তেওঁলোকক চৰকাৰে পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তি হিচাপে ২৫ হাজাৰ টকা আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকালৈকে আর্থিক সাহায্য আগবঢ়াব।

প্ৰতিগৰাকী মহিলাৰ বাৰ্ষিক উপাৰ্জন যাতে অতি কমেও ১ লাখ টকা হয়, সেয়াই চৰকাৰৰ লক্ষ্য। যিসকলৰ উপার্জন ১০ লাখতকৈ অধিক হ’ব, তেওঁলোকক চৰকাৰে ‘মহালাখপতি বাইদেউ’ হিচাপে মর্যাদা প্রদান কৰি সন্মানিত কৰিব। গুৱাহাটী মহানগৰীত জীৱন ধাৰণৰ ব্যয় অধিক হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াতে অকল স্বামীৰ উপাৰ্জনেৰে ল’ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু ঘৰখন চলোৱাটো বৰ্তমান যথেষ্ট কষ্টকৰ। গতিকে ঘৰৰ মহিলাগৰাকীয়ে পৰিয়ালটোত আর্থিক সহযোগিতা আগবঢ়ালেহে পৰিয়ালবোৰ সুচাৰুৰূপে আৰু সুন্দৰকৈ চলিব পাৰিব। তেওঁ কয় যে গুৱাহাটী এখন বৃহৎ বাণিজ্যিক নগৰী হোৱা হেতুকে ইয়াতে ব্যৱসায়ৰ সুযোগো অধিক। মহিলাসকলে ১০জনীয়া বা ৫জনীয়া গোটত লগ লাগি অথবা নিজৰ স্বামীৰ ব্যৱসায়ত এই পুঁজি বিনিয়োগ কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। চৰকাৰে হিতাধিকাৰীসকলক অকল আর্থিক সাহায্য দিয়াই নহয়, বৰঞ্চ তেওঁলোকক প্রশিক্ষণ দিয়াৰ লগতে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে বজাৰৰো ব্যৱস্থা কৰিব।

নিৰ্বাচনৰ পিছত গুৱাহাটীৰ বিভিন্ন ভেণ্ডিং জ’ন, ফ্লাইঅ’ভাৰৰ তলৰ দোকান বা চৰকাৰী কাৰ্যালয়ৰ সন্মুখৰ দোকানসমূহৰ ৫০ শতাংশ অকল মহিলাৰ নামতহে আবণ্টন বা সংৰক্ষিত কৰা হ’ব, যাতে তেওঁলোকে উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে এখন সুনিশ্চিত বজাৰ লাভ কৰে। বিভিন্ন কোম্পানীৰ ধূপকাঠী বা তেনেধৰণৰ সামগ্ৰী উৎপাদনৰ কামসমূহ আউটছ’ৰ্চ কৰি মহিলাসকলক ঘৰতে বহি উপাৰ্জন কৰাৰ সহজ পথো দেখুৱাই দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।  মুখ্যমন্ত্রী ড° শর্মাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ থকা জালুক বাৰী সমষ্টিৰ পৌৰ নিগমৰ অন্তর্ভুক্ত ৱাৰ্ডসমূহৰ যোগ্য পৰিয়ালসমূহক আঁচনিখনৰ পৰৱৰ্তী সংস্কৰণৰ জৰিয়তে সামৰি লোৱাৰ বাবে সংশ্লিষ্ট ব্রার্ড কাউঞ্চিলৰসকলক তালিকা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।  এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীর্তি জল্লি, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকন, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আৰু জিলা আযুক্ত স্বপ্নীল পালকে ধৰি উচ্চপদস্থ চৰকাৰী বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।