বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত বিশাল যোগদান কার্যসূচী

বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত বিশাল যোগদান কার্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত আজি অনুষ্ঠিত হ’ল এক বিশাল যোগদান কার্যসূচী। সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত বিজেপিত আনুষ্ঠানিকভাbs যোগদান কৰিলে প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক কন্দর্প কলিতা, এনচিপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হৃদয়ানন্দ গগৈ, সমাজকর্মী নৃপেন দাস, গোর্খা ছাত্ৰ সন্থাৰ উপ-সভাপতি দিলীপ গজুৰেল, কংগ্ৰেছ কর্মী সুৰেন চহৰীয়া, অৱসৰপ্ৰাপ্ত অভিযন্তা শৰৎ চন্দ্ৰ কলিতা, সমাজকর্মী কাব্যশ্রী শর্মা, কণ্ঠশিল্পী হিয়া মেধি, শুভম গগৈ, অভিনেতা বিতোপন শইকীয়া, মিতু কাশ্যপ, বিকাশ ৰাজবংশী, নৃত্য পৰিচালক ৰূপমজ্যোতি বৰুৱাকে ধৰি কেইবাজনো ব্যক্তিয়ে।

অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, দলৰ সাধাৰণ সম্পাদক অনুপ বর্মন, বিধায়ক পদ্ম হাজৰিকা, পৰমানন্দ ৰাজবংশী আৰু কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।