বিজ্ঞান বিষয়ত প্ৰবন্ধ
(বিজ্ঞান আৰু আধুনিক জীৱন)
দৰ্শিতা নেওগ,যোৰহাট
বিজ্ঞান হৈছে আধুনিক যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি। মানুহৰ জীৱনক সহজ, সুবিধাজনক আৰু উন্নত কৰি তুলিবলৈ বিজ্ঞানৰ অৱদান অপৰিসীম। প্ৰাচীন কালত মানুহে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিছিল, কিন্তু বিজ্ঞানৰ প্ৰযুক্তিৰ বিকাশৰ ফলত আজি মানুহে কম সময়তে অধিক কাম সম্পন্ন কৰিব পাৰিছে।
বিজ্ঞানৰ সহায়ত যোগাযোগ ব্যৱস্থা বহুত উন্নত হৈছে। মোবাইল ফোন, ইণ্টাৰনেট, কম্পিউটাৰ আদি আবিষ্কাৰে পৃথিৱীখনক এখন সৰু গাঁওলৈ ৰূপান্তৰ কৰিছে। এতিয়া মানুহে ঘৰত বহিয়েই পৃথিৱীৰ যিকোনো ঠাইৰ সৈতে যোগাযোগ কৰিব পাৰে। শিক্ষাক্ষেত্ৰতো বিজ্ঞানৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। অনলাইন শিক্ষা, ডিজিটেল লাইব্ৰেৰী আদি ব্যৱস্থাই শিক্ষাক অধিক সহজ আৰু লাভজনক কৰি তুলিছে।
চিকিৎসা ক্ষেত্ৰত বিজ্ঞানৰ অৱদান বিশেষভাবে উল্লেখযোগ্য। নতুন নতুন ঔষধ, অপাৰেচন পদ্ধতি আৰু আধুনিক চিকিৎসা সঁজুলিৰ সহায়ত বহু জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈছে। আগতে যিবোৰ ৰোগত মানুহে জীৱন হেৰুৱাইছিল, এতিয়া সেইবোৰ ৰোগ সহজে আৰোগ্য কৰিব পৰা হৈছে।
কৃষি আৰু উদ্যোগ ক্ষেত্ৰতো বিজ্ঞানৰ প্ৰভাৱ গভীৰ। উন্নত বীজ, যন্ত্ৰপাতি আৰু বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ ফলত খাদ্য উৎপাদন বৃদ্ধি পাইছে। উদ্যোগ ক্ষেত্ৰত যান্ত্ৰিক উন্নতিয়ে উৎপাদন বৃদ্ধি কৰি অৰ্থনীতি শক্তিশালী কৰিছে।
তথাপিও বিজ্ঞানৰ কিছুমান নেতিবাচক প্ৰভাৱো আছে। পৰমাণু অস্ত্ৰ, পৰিবেশ দূষণ, প্ৰযুক্তিৰ অপব্যৱহাৰ আদি মানুহৰ বাবে বিপদজনক হৈ উঠিছে। সেয়ে বিজ্ঞানক সদায় মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।
শেষত ক’ব পাৰি যে বিজ্ঞান মানুহৰ উন্নতিৰ মূল চালিকাশক্তি। সঠিক ব্যৱহাৰৰ জৰিয়তে বিজ্ঞানেই মানৱ সমাজক এখন সুন্দৰ আৰু উন্নত ভৱিষ্যতৰ দিশে আগবঢ়াই নিব পাৰে।
