সময়ানুৱৰ্তিতা – মনোৰঞ্জন বৰা

Pc Magicdecor

সময়ানুৱৰ্তিতা

 মনোৰঞ্জন বৰা 
গোলাঘাট, দেৰগাঁও 

সময় গতিশীল । সময় কেতিয়াও ৰৈ নাথাকে !  বোৱতী নদীৰ পানীৰ দৰেই ই অবিৰাম অনিৰুদ্ধ গতিৰে  দণ্ড , পল , অনুপল কৰি গৈ থাকে। সেয়ে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। নদীৰ পানীক এবাৰলৈ কৃত্ৰিমভাৱে ৰখাব পাৰিলেও সময়ক কেতিয়াও ৰখাই থব নোৱাৰি আৰু যদি কোনোবাই কয় সময়ক ৰখাই থব পাৰি বুলি তেন্তে সেইয়া গছত গৰু উঠা কথাৰ দৰে একেই। সেইবাবে সময় থাকোঁতেই সময়ৰ কাম সময়ত কৰিব লাগে। পিছত কৰিম বা কাইলৈ কৰিম বুলি থৈ দিয়া কাম কেতিয়াও সম্পূৰ্ণ নহয়গৈ সেয়েহে এলাহ ত্যাগ কৰি সময়ৰ কাম সময়ত কৰাটো উচিত। সময় আৰু পৰিস্থিতিয়ে মানুহক নানান শিক্ষা, শুদ্ধ চিন্তা আৰু বিবেচনা কৰিব পৰা শক্তি প্ৰদান কৰে। পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমাক প্ৰস্তুত কৰি তোলে সময়ে । আমি দৈনন্দিন জীৱনত লগ পোৱা মানুহৰ পৰা আমি বিভিন্ন ধৰণৰ কথা জানিব পাৰোঁ, ভাল বেয়া সকলো কিন্তু সেই মানুহসকলৰ পৰাই সময় আৰু পৰিস্থিতিয়ে আমাক বিভিন্ন ধৰণৰ শিক্ষা দিয়ে, যিবোৰ হয়তো আমি কোনোদিনেই পাঠ্যক্ৰমৰ ভিতৰত পঢ়িবলৈ পোৱা নাই । যিদৰে আমাক পাঠ্যক্ৰমৰ ভিতৰৰ শিক্ষাৰ প্ৰয়োজন ঠিক সেইদৰে আমাক পাঠ্যক্ৰমৰ বাহিৰৰ শিক্ষাৰো প্ৰয়োজন ।উদাহৰণ স্বৰূপে আমি সকলোৱে টিভি চাওঁ কিন্তু টিভিত চিৰিয়েল চাই থাকিলে আমি দেশ- বিদেশৰ খবৰ জানিব পাৰিম জানোঁ ! নিশ্চয় নোৱাৰোঁ । ঠিক সেইদৰে পাঠ্যক্ৰমৰ ভিতৰৰ কিতাপ পঢ়ি থাকিলে আমি পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ সমূহৰ বিষয়ে জানিব পাৰিম জানোঁ ! কেতিয়াও নোৱাৰোঁ, গতিকে আমি অলপ advance কৈ পঢ়ি থোৱাটো ভাল, সেইবোৰে আমাক ভৱিষ্যতে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা সমূহ কাম দিব পাৰে।

সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিলে সময়ে আমাক উন্নতিৰ চৰম শিখৰত উপনীত কৰাব পাৰে।  সময়ৰ লগত খোজ মিলাই আগবাঢ়ি গ’লে,  আমাৰ বাবে ই পৰম মূল্যৱান সম্পদ হৈ পৰিব পাৰে।  যিটো কাম যেতিয়া কৰিলে ভাল হয় , তেতিয়াই কৰিব লাগে। আমাৰ জীৱনত সময়ানুৱৰ্তিতাৰ মূল্য বহুত বেছি। যিদৰে ধেনুৰ পৰা ওলাই যোৱা এপাত শৰ পুনৰ উভতি আহিব নোৱাৰে ঠিক সেইদৰে , এবাৰ সময় পাৰ হৈ গ’লে আকৌ কেতিয়াও উভতি আহিব নোৱাৰে আৰু উভতি অহাটো সম্ভৱো নহয়।

 আগৰ দিনত যদিও আজিৰ দৰে সময় চাব পৰাকৈ ঘড়ীৰ ব্যৱস্থা নাছিল তথাপিও তেওঁলোকে সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানিছিল। সূৰ্যৰ অৱস্থান চাই তেওঁলোকে গম পাইছিল আগবেলা , পিছবেলা, দুপৰীয়াৰ কথা। বছৰ, ঋতু মাহ এই বিষয়ে তেওঁলোক যথেষ্ট জ্ঞাত আছিল। চৰাই-চিৰিকটিৰ মাত , গছ-লতিকাৰ নৱ-কিশলয় , ফল- ফুল ইত্যাদিৰ পৰা তেওঁলোকে সময় , মাহ , ঋতুৰ পৰিৱৰ্তন কথা তথা সময়ৰ ওপৰত জ্ঞান লাভ কৰিছিল আৰু সঠিক সময়ত সঠিক কাম আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিছিল।

সময়ক নিজৰ আয়ত্তলৈ আনি তাৰ উচিত ব্যৱহাৰ কৰা জনে‌হে উৎকৃষ্ট কৰ্মৰ জড়িয়তে সমাজত আগস্থান লাভ কৰিবলৈ সক্ষম হয়। গতিকে আমাৰ জীৱনত সময়ানুৱৰ্তিতা অতি প্ৰয়োজনীয়। পৰীক্ষাৰ প্ৰশ্নকাকত খন চাই থাকিলে আমি পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰোঁ আৰু প্ৰশ্নকাকত চাই বহি থাকিলে সময়ো ৰৈ নাথাকে , পাখিলগা কাঁড়ৰ দৰে সময় কেতিয়া উৰি গুচি যাব ধৰিবই নোৱাৰিব । গতিকে সময়ৰ উচিত প্ৰয়োগ কৰিবলৈ শিকিব লাগে।