নিঃশব্দৰ কোলাহল
সুনম বিশ্বাস সাহা
তামুলপুৰ
ৰাঙলী শিঁৰৰ বাটটো উকা হ’বলৈ
কেৱল এটা ছেকেণ্ড সময় লাগিছিল
কিন্তু সেই ৰাঙলী হোৱাৰ পূৰ্বৰ বাটটো
মসৃণ নাছিল… পলাশ, মদাৰ, শিমলুৱে জানে…
ওঁঠ চেপি, দাঁত কামুৰি
নিস্তব্ধ ব্ৰত ধাৰণ কৰাৰ অৰ্থ কি…!
অশ্রুশিক্ত নয়নধাৰে পাৰিলেহেঁতেন
চেনাব, ঝিলামৰ বুকু উটাই নিবলৈ,,
কিন্তু থমকি গ’ল…
নিঃশব্দৰ কোলাহলত ।
আকাশে শুনিছিল সেই শব্দৰ কোলাহল
কিন্তু কৰুণাৰ দৰিদ্ৰতাত ভোগা
নৰপিশাচবোৰে সেই শব্দৰ তীব্ৰতাৰ
উমান পোৱা নাছিল!
উন্মুক্ত বিহংগই চিঞৰি উঠিছিল,
আকাশ-পাতাল একাকাৰ কৰি…
ৰক্তাক্ত পৰিস্থিতিৰ একমাত্র সাক্ষী আছিল
জড় পদার্থবোৰ… বুকু উফন্দি কান্দিছিল সিহঁতে
যদিও জড়তাই সেই মমতাৰ বহিঃপ্রকাশ
কৰিবলৈ নিদিলে !
এনেকৈয়ে বিনাদ্বিধাই আকোঁৱালি লৈছিল
সেই সন্তানৰ মাতৃয়ে,
বাকলি গুচাই সিদ্ধান্ত লোৱাসকলৰ কৰ্মক
ধিক্কাৰ জনাই ।
একেলগে “গুৰি কটা গছবোৰ” ঢলি পৰিছিল
জীৱনৰ চিৰ শয্যাত ।
নৱ সপোনৰ পুলিবোৰে গজালি মেলিছিল
কিন্তু আক্ৰোশী ৰোষতহে জাহ গ’ল…!
পাবনে এই নিষ্প্রাপ আত্মাই ন্যায় ?
শ্রেষ্ঠত্বৰ খিতাপ শিঁৰত ধাৰণ কৰা নৰমানবে
স্বৰ্গৰাজ্যক কোন দিশে পৰ্যবসিত কৰিলে??
