অন্ধবিশ্বাস আৰু কুসংস্কাৰ: এক সামাজিক ব্যাধি
দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট
অন্ধবিশ্বাস আৰু কুসংস্কাৰ হৈছে সমাজৰ উন্নতি আৰু বিকাশত বাধাস্বৰূপে থিয় দিয়া প্ৰধান ব্যাধি। যিয়ে সমাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাত ব্যাঘাত জন্মায়। অসত্য ঘটনা তথা কোনো বৈজ্ঞানিক যুক্তি নথকা বিশ্বাসবোৰেই অন্ধবিশ্বাস। এখন সুস্থ সমাজৰ অগ্ৰগতিত প্ৰতিবন্ধক হোৱা যিবোৰ ভিত্তিবিহীন নীতি- নিয়ম সেইবোৰ হ’ল কুসংস্কাৰ।
শিক্ষাৰ লগতে জ্ঞানৰ অভাৱ,পৰম্পৰাগতভাৱে চলি থকা কিছুমান নিয়ম, ধৰ্মীয় বিশ্বাস আদি কাৰণতে একোখন সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ গঢ়ি উঠে।ভ্ৰমণে মানুহৰ চিন্তা,ভাবনা আৰু আবেগক প্ৰশান্তি দিয়ে,জীৱনক নতুন দৃষ্টিৰে চোৱাৰ প্ৰেৰণা দিয়ে আৰু ভিন ভিন বিষয়ৰ লগত চিনাকি কৰায়।কিন্তু উন্নত যোগাযোগ আৰু সুচল যাতায়তৰ অসুবিধাৰ বাবে ভিতৰুৱা অঞ্চলবোৰৰ বহু লোকে মনৰ ভাব বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়।ফলস্বৰূপে পুৰণিকলীয়া নীতি-নিয়মতে আচ্ছন্ন হৈ থাকে।এইটোও মানু্হ অন্ধবিশ্বাসী হৈ পৰাৰ অন্যতম কাৰণ বুলিব পাৰি।
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ কিছু কিছু অঞ্চলবিশেষে বিভিন্ন ধৰণৰ অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত শিক্ষাৰ অভাৱ বৰ্তমানৰ সময়ছোৱাতো এক ভয়াৱহ সমস্যা। বিশেষকৈ গ্ৰাম্য আৰু চৰ অঞ্চলসমুহত এনে সমস্যা বেছিকৈ পৰিলক্ষিত হয়। এনে অশিক্ষা আৰু জ্ঞানৰ অভাৱৰ ফলতে ডাইনী, সোপাধৰা আদি অন্ধবিশ্বাসবোৰৰ প্ৰতি মানু্হ আকৃষ্ট হোৱা দেখা যায়। কিন্তু কিছু ক্ষেত্ৰত উৰাবাতৰিৰ প্ৰভাৱত শিক্ষিত লোকেও অন্ধবিশ্বাসসমুহ মানি লয়।’ডাইনী’ক কোনো অপশক্তি বুলি বিশ্বাস কৰি বহুতো অঞ্চলত কোনো নিৰীহ নাৰীক ‘ডাইনী’ বুলি সন্দেহ কৰি হত্যা কৰা দেখা যায়।সেইদৰে ‘সোপাধৰা’ই শিশু অপহৰণ কৰি নি হত্যা কৰে বুলি সমাজত এক অন্ধবিশ্বাস চলি আহিছে। এই ধাৰণাটোৰ কোনো যুক্তি আৰু স্পষ্ট তথ্য নাই।এনে অন্ধবিশ্বাসৰ ফলত একো প্ৰমাণ নোহোৱাকৈ কোনো ব্যক্তিক সন্দেহ কৰি সমাজত প্ৰহাৰ কৰাৰ লগতে হত্যাকাৰ্যও সংঘটিত কৰে।
নাৰীসকলৰ ক্ষেত্ৰত সমাজত আগৰে পৰা এনে কিছুমান নিয়ম চলি আহিছে যিবোৰ সম্পূৰ্ণ অযুক্তিকৰ।বিধৱা মানুহ এগৰাকীক সমাজত বিবাহ অনুষ্ঠান আদিৰ শুভ কাৰ্যবোৰৰ পৰা আঁতৰাই ৰখা হয়,ৰঙীণ কাপোৰৰ পৰিৱৰ্তে বগা ৰঙৰ সাজ পৰিধান কৰিব লাগে আদি নিয়মবোৰৰ কোনো যুক্তিপূৰ্ণ কাৰণ নাই। এইবোৰ এখন সমাজে নিজেই বনাই লোৱা এক অন্ধবিশ্বাস যাৰ বাবে বিধৱা নাৰী এগৰাকীয়ে সমাজত সাধাৰণ জীৱন কটোৱাত কঠিন হৈ পৰে।ছোৱালীবোৰৰ প্ৰথম মাহেকীয়া ঋতুচক্ৰৰ সময়ছোৱাত অসমকে ধৰি ভাৰতৰ বহু ঠাইত কিছুমান নিয়ম মানি অহা দেখা যায়। ছোৱালীজনীক ৩ দিন ধৰি এটা আছুতীয়া কোঠাত সুমুৱাই থয়।লগতে সেইকেইটা দিনত আইনাত মুখ চাবলৈ দিয়া নহয়,গা ধুবলৈ দিয়া নহয় আনকি পুৰুষৰ মুখ চাবলৈও দিয়া নহয়।কন্যাকাল হোৱা ছোৱালীজনীয়ে সেইকেইদিন খোৱা- বোৱাৰ ক্ষেত্ৰতো বহুত নিয়ম মানি চলিবলগা হয়।তাৰোপৰি মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত নাৰীক অপবিত্ৰ আৰু অশুচি বুলি গণ্য কৰি আছুতীয়াকৈ ৰখা,কোনো বস্তু স্পৰ্শ কৰিবলৈ নিদিয়া আদি কুপ্ৰচলিত নিয়মবোৰৰ বাবে নাৰীসকলে শাৰীৰিক আৰু মানসিকভাৱে যন্ত্ৰণা ভুগিবলগীয়া হয় আৰু স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে। এনে সময়ছোৱাত চাফ- চিকুণতা মানি চলাটোহে প্ৰয়োজনীয়।মাহেকীয়া ঋতুস্ৰাৱ কোনো অপবিত্ৰ বিষয় নহয়,ই সুস্থ প্ৰজনন স্বাস্থ্যৰ লক্ষণ আৰু এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া।
চিকিৎসাৰ ক্ষেত্ৰতো অন্ধবিশ্বাস এটা ডাঙৰ প্ৰত্যাহ্বান। উন্নত চিকিৎসাৰ বিপৰীতে বেজৰ চিকিৎসা,মন্ত্ৰ আদিৰে ৰোগ নিৰাময় কৰিব পাৰি বুলি অলৌকিক বিশ্বাসবোৰৰ বাবে বহুতো লোক মৃত্যুমুখত পৰে। এনে মৃত্যুৰ উদাহৰণ অসমত অনেক দেখা যায়। সাপে খুঁটিলে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সলনি বেজৰ ওচৰলৈ নিয়া,বসন্ত ৰোগ হ’লে শীতলা দেৱীৰ দোষ লাগিছে বুলি বিশ্বাস কৰা আদি।অসমীয়া সমাজত ভূত-প্ৰেত সম্পৰ্কীয় অন্ধবিশ্বাসবোৰো অনেক আছে – ভজা পিঠা খাই ৰাতি ওলালে ভূতে পায় বুলি বিশ্বাস কৰা, নৱজাতক শিশুৰ জ্বৰ/আক্ষেপক যখ-যখিনীৰ পৰা হৈছে বুলি বিশ্বাস কৰি ঘৰৰ দুৱাৰমুখত বগৰীৰ কাঁইট আঁৰি দিয়া আদি।
সমাজৰ প্ৰায় প্ৰতিটো দিশতে অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ মানুহৰ গাতে লাগি থকাৰ দৰে। দৈনন্দিন জীৱনৰ সাধাৰণ ঘটনা এটাকে মানুহে অন্ধবিশ্বাস কৰে।যেনে – যাত্ৰাৰ সময়ত পাছফালৰ পৰা মাতিলে যাত্ৰা অসফল হোৱা,গাড়ী চলাই যাওঁতে আগেদি মেকুৰী পাৰ হৈ গ’লে অশুভ বুলি গণ্য কৰা, শনিবাৰে যাত্ৰা কৰিব নাপায় বুলি কোৱা,পুৱা বা কোনো শুভ কামলৈ যোৱাৰ আগত যোৰা শালিকা দেখিলে শুভ বুলি বিশ্বাস কৰা আদি। অতীজৰে পৰা চলি অহা এই বিশ্বাসবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ।এনে ভিত্তিবিহীন বিশ্বাসবোৰ অন্ধ হৈ অনুকৰণ কৰি থকা বাবেই এই একবিংশ শতিকাতো অন্ধবিশ্বাসবোৰে সমাজক অন্ধকাৰৰ মুখলৈ লৈ গৈছে।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে ‘অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।’অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ লগতে এখন দেশৰ উন্নতি আৰু বিকাশৰ পথত বৃহৎ হেঙাৰ ৰূপে থিয় দিয়ে। সমাজৰ পৰা এনে ব্যাধিবোৰ আঁতৰাবলৈ শিক্ষাৰ লগতে জ্ঞানৰ পৰিসৰ আৰু সচেতনতা বৃদ্ধি কৰিব লাগিব। শিক্ষাৰ জৰিয়তে মানু্হ ভিন ভিন বিষয়, ক্ষেত্ৰৰ লগত পৰিচয় হয় আৰু সমাজিক ব্যাধিবোৰে সমাজত কৰা ক্ষতিবোৰ লক্ষ্য আৰু বিচাৰ কৰি এইবোৰৰ পৰা সমাজক মুক্তি দিবলৈ চেষ্টা কৰে।
পৰম্পৰাগতভাৱে চলি অহা নীতি-নিয়মবোৰ ভালদৰে নিৰীক্ষণ আৰু বিশ্লেষণ কৰি যিবোৰ নিয়মে এখন সমাজৰ লগতে দেশৰ বিকাশ আৰু উন্নতিৰ দিশত বাধা দিয়ে তেনে নিয়মবোৰ পৰিহাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ’ব বৈজ্ঞানিক মানসিকতাৰ। সমাজত চলি অহা যিকোনো কথা বা ঘটনাক অন্ধভাৱে অনুকৰণ নকৰি তাৰ যুক্তি আৰু কাৰণ বিশ্লেষণ কৰি চাবলৈ মানুহক অনুপ্রাণিত কৰিব লাগিব। বিদ্যালয় আৰু মহাবিদ্যালয়বোৰত যুক্তিবাদী দৃষ্টিভংগী তথা বিজ্ঞান শিক্ষাৰ ওপৰত অধিক মনোনিৱেশ কৰিব লাগিব।অৱশ্যে ইয়াৰ সমান্তৰালভাৱে সমাজিক দায়বদ্ধতা, মূল্যবোধ,নৈতিকতা আৰু মানৱীয়তা গুণো অতীৱ প্ৰয়োজনীয়।
সাধাৰণ মানুহৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ গাঁৱে-ভূঞে জন সজাগতামূলক সভা-অনুষ্ঠান পাতি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কুফলৰ সম্পৰ্কে অৱগত কৰাই সেইবোৰৰ নিৰ্মূলকৰণৰ উপায়ৰ কথাও বুজাই দিব লাগিব। এনে দিশবোৰ সফল হ’বলৈ শিক্ষিত যুৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ লগতে শিক্ষিত ব্যক্তি আৰু স্থানীয় প্ৰশাসনৰ ভূমিকাৰ আৱশ্যক।
