ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে। কেবিনেট বৈঠকে জুবিন ক্ষেত্ৰৰ ১০ বিঘা মাটি শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিয়ে। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ কথা সদৰী কৰি জনায় যে মাটি আবণ্টনৰ ক্ষেত্ৰত ভূমিৰাশি কাৰ নামত আবণ্টন দিব, সেই লৈ দ্বিধাগ্রস্ত আছিল। কিন্তু এতিয়া কেবিনেটে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ দৰেই জুবিন ক্ষেত্ৰৰ ভূমিৰাশি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছে। এতিয়া জুবিন ক্ষেত্ৰৰ ভূমিৰাশি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থাকিব। কেবিনেটে ৰাজ্যৰ ৩৭টা চাহ জনগোষ্ঠীয় উপজাতিক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্রদান কৰে।

সেইকেইটাৰ ভিতৰত আছে ভূঁই, ভূইহা, বাক্তি, বণিয়া, ভাইনা, চাষা, চেত্রী, দেৱমাজি, দেৱহুৰী, ফুলমালী, গঁজু, গোসাঁই, হাজাম, হুঁ, কর্কু, কোস্তা, কালাৰ, কায়স্থ, কানচাৰী, কুৰম ইত্যাদি। তদুপৰি ৰাজ্যিক কেবিনেটে অনুসূচিত জাতিৰ ধৰণে এখন উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ৰাজ্যৰ অন্যতম জনগোষ্ঠীয় সম্প্রদায় মিচিং সমাজৰ উৎসৱ আলি-আয়ে-নৃগাঙক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি প্রদান কৰে। ৰাজ্যিক কেবিনেটে আজি আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ যোগেৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়খনৰ নামকৰণ সলনি কৰে। এতিয়াৰ পৰা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়খনৰ নাম বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল হিচাপে জনাজাত হ’ব। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি তথা সন্মানীয় ফখৰুদ্দিন আহমেদৰ নামত একেধৰণৰ সন্মানীয় শিক্ষানুষ্ঠান বা আন এক সাংস্কৃতিক অনুষ্ঠান নামকৰণ কৰা হয়। অৱশ্যে ৰাজ্য চৰকাৰে তেওঁৰ নামত কি কৰিব, সেই সিদ্ধান্ত লোৱা নাই। কিন্তু তেওঁৰ নাম, তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে ৰাজ্য চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা হাতত ল’ব। ৰাজ্যিক কেবিনেটে গুৱাহাটীৰ মাটি আবণ্টনৰ কামো আৰম্ভ কৰিছে। গুৱাহাটীৰ পাহাৰত ৰাজ্যিক কেবিনেটে ৮১৬টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি দিছপুৰত ৪৫২টা, গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত ৩৩৮টা আৰু আজাৰাত ২৬টা পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

অসমত থকা তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া গুৱাহাটীত আছে, তেওঁলোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে একাদিক্রমে মাটিৰ পট্টা দি যাব। পূৰ্বে মাটিৰ পট্টা প্ৰদানৰ নামত যি পলিচী সংক্রন্তীয় বাধানিষেধ আছিল, সেয়া ইতিমধ্যে আঁতৰিছে। মুখ্যমন্ত্ৰগৰাকীয়ে সংবাদ মেলতে এই ৮১৬টা পৰিয়ালক অহা ১৫ মাৰ্চৰ ভিতৰতে মাটিৰ পট্টা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। মাটিৰ পট্টাৰ বাবে আবেদন কৰা ১২ হাজাৰ আবেদনকাৰীৰ বাবেও মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। আজিৰ কেবিনেটে দক্ষিণ গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ বাবে ১,৩৬৭ কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ ফলত গুৱাহাটীৰ অৱশিষ্ট অঞ্চলৰ লোকে খোৱাপানীৰ সুবিধা লাভ কৰিব। আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পিএম স্বনিধি আঁচনিৰ অধীনত গাঁও পঞ্চায়ত অঞ্চলত থকা স্ট্রীট ভেণ্ডৰসকলেও ঋণ লোৱাৰ সুবিধা লাভ কৰিব। পূর্বে এই সুবিধা কেৱল পৌৰ নিগমৰ অধীনৰ স্ট্রীট ভেণ্ডৰসকলেহে লাভ কৰিছিল। ৰাজ্যিক কেবিনেটে আজি ন’ভেল বায়’ ফুবেলছ লিমিটেড, ষ্টাৰ চিমেন্ট, আইক’নিক গ্লাছ লিমিটেড, জেৰিক’ ফুড এণ্ড বেভাৰেজ, বিল্ডিনেজ ইণ্ডাষ্ট্ৰিজ লিমিটেডক মুঠ ২৪,৮০০ কোটি টকাৰ ৬টা প্ৰকল্পৰ বিপৰীতে অনুমোদন জনায়।
