বিসৰ্গ:সন্ধি – সীমান্ত কবি

Pc Songbad Prokash

বিসৰ্গ:সন্ধি

সীমান্ত কবি

সখী -ঐ,
এই নিছলা অ-কবিৰ সতে
শব্দ জনীয়ে ঠেহ পাতিলে
তাইক হেনো ছন্দ লাগে
ভৰুণ হবলে ,

ফাগুনত প্ৰকৃতি হেনো
ঋতুমতি হয়,
ৰংঢালি জনী হৈ
পলাশ- শিমলুৰ ডালত
বসন্তৰ অপেক্ষাত ৰয়।।