অগপৰ সৈতে হোৱা আসন বুজাবুজিত দিল্লীয়েহে অনুমোদন জনাবঃ মুখ্যমন্ত্ৰী

অগপৰ সৈতে হোৱা আসন বুজাবুজিত দিল্লীয়েহে অনুমোদন জনাবঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ প্ৰথমখন প্রার্থী তালিকা ১৬-১৭ মার্চত প্রকাশ পাব। জন আশীৰ্বাদ যাত্ৰাৰ সময়ত নলবাৰীত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই কথা সদৰী কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়- ১৬ নাইবা ১৭ মার্চত আমাৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব আৰু এখনেই হ’ব প্ৰাৰ্থীৰ তালিকা। ইফালে, অগপৰ সৈতে হোৱা আসন বুজাবুজিৰ প্রসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে অগপৰ সৈতে বিজেপিৰ আসন বুজাবুজি প্রায় চূড়ান্ত হৈছে। দিল্লীত এই কথা আমি অৱগত কৰিছোঁ আৰু ৰাষ্ট্ৰীয় নেতৃত্বলৈ কোন কোন আসনত বুজাপৰা হৈছে বা কি কি আসন অগপক এৰি দিব লাগে তাক অৱগত কৰা হৈছে। দিল্লীৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি সকলো কথা জনাই দিম। ইফালে, বিপিএফৰ লগত আসন বুজাবুজি প্রসংগত মুখ্যমন্ত্রীয়ে কয়- বিপিএফৰ-সৈতেও আসন বুজাবুজি সম্পূর্ণ হৈছে। ১১খন আসনত বিপিএফে খেলিব, চাৰিখনত আমি খেলিম। ইউপিপিএলৰ সৈতে মিত্ৰতাৰ ক্ষেত্রত তেওঁলোকে বিপিএফৰ সৈতেহে আগবাঢ়ি লাগিব। কাৰণ বিজেপিয়ে মাত্ৰ চাৰিখন আসনতহে প্রতিদ্বন্দ্বিতা কৰিব। সৰহসংখ্যক আসন বিপিএফৰ-সৈতে আছে। গতিকে মিত্ৰতাৰ বিষয়টো ইউপিপিএলে বিপিএফৰ সৈতেহে কৰিব লাগিব।