আইপিএলৰ পৰা অৱসৰ গ্ৰহণ মহেন্দ্ৰ সিং ধোনীৰ 

Pc ANI News

আইপিএলৰ পৰা অৱসৰ গ্ৰহণ মহেন্দ্ৰ সিং ধোনীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএলত আৰু দেখা নাযাব সকলোৰে প্ৰিয় মহেন্দ্ৰ সিং ধোনীক।  আইপিএলত ১৮ বছৰীয়া কেৰিয়াৰৰ অন্ত পেলাই অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ধোনীয়ে । চেন্নাই ছুপাৰ কিংছত খেলুৱৈ হিচাপে নাথাকিলেও অৱশ্যে আন এক দায়িত্বত দেখা যাব মহেন্দ্ৰ সিং ধোনীক । চেন্নাই ছুপাৰ কিংছে এক বিবৃতিযোগে স্পষ্ট কৰি দিলে যে মহেন্দ্র সিং ধোনীয়ে আগন্তুক আইপিএলত খেলুৱৈ হিচাপে আৰু পথাৰত নাথাকিব। খেলুৱৈ হিচাপে নেখেলিলেও ধোনীক চেন্নাই ছুপাৰ কিংছৰ হালধীয়া জার্জীতেই দেখা যাব। অৱশ্যে এইবাৰ তেওঁৰ ভূমিকা হ’ব সম্পূর্ণ বেলেগ। চেন্নাইৰ ডাগ আউটত মেণ্টৰৰ ভূমিকাত অৱতীৰ্ণ হ’ব ধোনী। চেন্নাই ছুপাৰ কিংছে তেওঁলোকৰ প্ৰাক্তন খেলুৱৈজনৰ সন্দৰ্ভত বিবৃতিযোগে  লিখিছে, “অগণন জয়, কঠিন সময় আৰু স্মৃতিবোৰ চিৰদিনৰ বাবে আমাৰ হৃদয়ত থাকিব ৷ এম এছ সদায় আমাৰ যাত্ৰাৰ মূল অংশ হৈ আছে । দলটোক সফলতালৈ নেতৃত্ব দিয়াৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী প্ৰজন্মৰ ‘ছুপাৰ কিংছ’ক পথ প্ৰদৰ্শন কৰালৈকে, ‘থালা’ সদায় আমাৰ পৰিচয়ৰ এটা অংশ হৈ থাকিব, আৰু চেন্নাই সদায় তেওঁৰ ঘৰ হৈ থাকিব ।’’ ২০০৮ চনত আইপিএলৰ শুভাৰম্ভণিৰ দিনটোৰে পৰা চেন্নাই ছুপাৰ কিংছৰ লগত ওতপ্রোতভাবে জড়িত হৈ আছে ধোনী। চিএছকেৰ গৰাকী এন শ্রীনিবাসনে কয়- “এম এছ ধোনী অবিহনে চিএছকে হ’বই নোৱাৰে। প্ৰায় দুটা দশক ধৰি জয়, পৰাজয় আৰু ইয়াৰ মাজৰ সকলো পৰিস্থিতিতে আমি পৰস্পৰৰ হাত ধৰি আগবাঢ়িছোঁ। আমাৰ সম্প্রীতি ইমান গভীৰ হোৱাৰ মূল কাৰণটো হ’ল- আমি কেতিয়াও এজনে আনজনক লৈ প্রশ্ন উত্থাপন কৰা নাছিলোঁ। সেই আস্থাই এই দীর্ঘযাত্রাক সফল কৰি তুলিছে।” ১৮ বছৰ পূৰ্বে কিয় ধোনীক দলত লোৱা হৈছিল, সেই কথা সোঁৱৰণ কৰি শ্রীনিবাসনে কয়- “২০০৮ চনতে মই দৃঢ়তাৰে কৈছিলোঁ যে ধোনী চিএছকেৰ অংশ হ’বই লাগিব। পৰৱৰ্তী সময়ত প্রমাণ হ’ল যে সেয়া আছিল মোৰ সর্বশ্রেষ্ঠ সিদ্ধান্ত। চিএছকেৰ হৈ ধোনীয়ে লাভ কৰা সফলতাবোৰৰ বাবে নহয়, বৰঞ্চ তেওঁ মানুহ হিচাপে যিধৰণৰ, তাৰ বাবেই তেওঁ বিশেষ। ধোনী সদায় আমাৰ পৰিচয়ৰ অংশ হৈ থাকিব। এই ঠাই চিৰদিনে তেওঁৰ ঘৰ হৈ ৰ’ব।” চেন্নাই ছুপাৰ কিংছৰ স্বত্বাধিকাৰী এন শ্ৰীনিবাসনৰ কন্যা তথা ফ্ৰেঞ্চাইজিৰ সহ-স্বত্বাধিকাৰী ৰূপা গুৰুনাথে কয় যে “এম এছ ধোনীৰ দৰে খেলুৱৈ জীৱনত মাত্ৰ এবাৰহে আহে। আমি সৌভাগ্যৱান আৰু গভীৰভাৱে কৃতজ্ঞ যে চিএছকেৰ জন্মলগ্নৰে পৰা ধোনী আমাৰ লগত আছে। এই দলটো আজি যি অৱস্থাত উপনীত হৈছেহি, তাৰ মূল ভেটি স্থাপন কৰিছিল ধোনীয়ে।”
চি এছ কেত ধোনীৰ নতুন ভূমিকাক লৈ ৰূপাই কয়- “এম এছে মেণ্টৰ হিচাপে চিএছকে পৰিয়ালৰ অংশ হৈ থাকিব। তেওঁৰ অভিজ্ঞতা আৰু কৌশল আমাৰ বাবে অমূল্য সম্পদ, বিশেষকৈ এই পৰিৱৰ্তনৰ সময়ছোৱাত। দলত বহু যুৱ ক্ৰিকেটাৰ আছে। ধোনীৰ সঠিক পথ দর্শনে চিএছকেৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক গঢ়ি তোলাত সহায় কৰিব।”মন কৰিবলগীয়া যে ৪৫ বছৰীয়া উইকেটকীপাৰ ধোনীয়ে চি এছ কেক ৫টা আই পি এল খিতাপ দখল কৰাত নেতৃত্ব দিয়ে । তেওঁৰ অধিনায়কত্বত ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ চনত চি এছ কেয়ে খিতাপ দখল কৰে । তেওঁ ২০০ৰো অধিক মেচত দলটোৰ অধিনায়কত্ব কৰিছে । ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলত ২১২খন খেলত অধিনায়কত্ব কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে ১২৮খন মেচত জয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ তেওঁ চেন্নাইৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী (৫,৩১৪ ৰান)। ধোনী যে কেৱল চিএছকেৰেই অংশ আছিল এনে নহয়, তেওঁ সমগ্র আইপিএলৰে প্ৰতিচ্ছবি হৈ পৰিছিল।