বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা, প্রমোদ বড়ো

বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা, প্রমোদ বড়ো

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল তিনিগৰাকী প্ৰাৰ্থী । ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপিৰ যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়ো । সোমবাৰ ৯ মাৰ্চৰ দিনটো মনোনয়ন উঠাই লোৱাৰ শেষ তাৰিখ আছিল। যিহেতু প্ৰতিখন আসনৰ বাবে এখনকৈহে মনোনয়ন পত্র দাখিল কৰা হৈছিল, সেয়ে,  তিনিওকে বিনা প্রতিদ্বন্দ্বিতাৰে সোমবাৰে জয়ী ঘোষণা কৰে ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ নিৰ্বাচনৰ ৰিটার্নিং বিষয়া ৰাজীৱ ভট্টাচার্যই। যিহেতু ১৬ মাৰ্চত ৰাজ্যসভাৰ নির্বাচনৰ দিন ধার্য কৰা হৈছিল, সেয়ে কোনো এখন আসনত একাধিক মনোনয়ন-পত্র দাখিল হোৱা হ’লে ধার্য দিন অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’লহেঁতেন। আসন তিনিখনৰ বাবে কেৱল যোগেন মহন, তেৰছ গোৱালা আৰু প্রমোদ বড়োবে মনোনয়ন-পত্র দাখিল কৰিছিল। কেবল আনুষ্ঠানিক ঘোষণাহে বাকী আছিল। সেয়ে, মনোনয়ন পত্র উঠাই লোৱাৰ শেষৰ দিনটোতে বিজেপিৰ দুই প্রার্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হয়। মন কৰিবলগীয়া যে অহা মে’ মাহৰ ভিতৰত ৰাজ্যসভাত অসমৰ তিনিখন আসন খালী হ’ব। এই তিনিখন আসনত প্রতিনিধিত্ব কৰিছিল বিজেপিৰ ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতা আৰু বিৰোধীৰ উমৈহতীয়া প্রতিনিধি অজিত কুমাৰ ভূঞাই। কিন্তু ভোটৰ সংখ্যাগত কাৰণ আৰু বিৰোধীৰ অসম বিধানসভা নির্বাচনৰ ৰাজনৈতিক সমীকৰণৰ বাবে তিনিওখন আসনতে এনডিএৰ প্রার্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। অৱশেষত সোমবাৰে বিয়লি মনোনয়ন-পত্র প্রত্যাহাৰৰ সময় উকলি যোৱাৰ পিছতেই ৰাজ্যসভালৈ নির্বাচিত হোৱা বিজেপিৰ দুই প্রার্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। লগতে তিনিওগৰাকীকে আনুষ্ঠানিকভাবে অসম বিধানসভা সচিবালয়ত থকা ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যলয়ত ৰিটার্নিং বিষয়া ৰাজীৱ ভট্টাচার্যই আনুষ্ঠানিকভাবে বিজয়ীৰ প্ৰমাণ-পত্ৰ অর্পণ কৰে।