লাভলীনা–নীভা ৰানী বৰুৱা

pc-neewsdirectory

লাভলীনা

খুপি খুপি বাট বুলিছিলা
পিছল বাটত পিছলো খাইছিলা
পিছে,পিছল বাটতো বাট বুলিলা,
সোলোক ঢোলোক সাজযোৰো নিজৰ কৰি
বিশ্বৰ দৰবাৰত ভাৰতৰ ধ্বজা উৰুৱালা।

অনুশীলন আৰু তোমাৰ হৈছিল মহামিলন,
লক্ষ্যত স্থিৰ অৰ্হনিশ তোমাৰ
নয়ন,
সেয়ে সেয়ে দেশৰ মিলিল
এই শুভক্ষণ।

—নীভা ৰানী বৰুৱা