ঐতিহ্য ৰক্ষা কৰি পুৰণিগুদাম গোঁসাই গাওঁত প্ৰতিকূল বতৰক নেওঁচি ৭৫তম স্বাধীনতা দিৱস পালন

debashish

বাৰ্তাসেৱা,নগাঁও — বিগত কেইবাবছৰৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি পুৰণিগুদাম গোঁসাই গাওঁ নিবাসী শ্ৰীযুত দীপমণি গোস্বামীৰ প্ৰাংগণত প্ৰতিকূল বতৰক নেওঁচি ৭৫তম স্বাধীনতা দিৱস গাওঁৰ কণ কণ মইনাহতঁৰ লগতে অভিভাৱক সকল লগ লাগি উদযাপন কৰে। উদ্দীপন গোস্বামীয়ে আঁত ধৰা উক্ত অনুস্থানতিত গোসাঁই গাঁৱৰ বিশিষ্ঠ নাগৰিক শ্ৰীযুত কানু গোস্বামীদেৱে ত্ৰিৰংগ পতাকা উত্তোলন কৰে আৰু স্বাধীনতাৰ বীৰ সেনানী সকলক স্মৰণ কৰি তেখেতৰ সাৰুৱা বক্তৃতা প্ৰদান কৰে।
উল্লেখযোগ্য যে প্ৰায় ন বছৰ পূৰ্বে দীপমণি গোস্বামীৰ প্ৰচেষ্টাত কেবল মাত্ৰ দুজন কণমানিৰে হাতেৰে অঁকা অকণমানি পতাকা এখনেৰে আৰম্ভ কৰা গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস উদযাপনৰ এই পৰম্পৰা আজি প্ৰায় ১৫ জন কণমানি আৰু তেওঁলোকৰ অভিভাৱক সকলক লৈ এক পূৰ্ণাংগ পৰ্য্যায় পাইছেগৈ। বিশিষ্ট নাগৰিক শ্ৰীযুত কানু গোস্বামীদেৱে তেখেতৰ সাৰুৱা বক্তৃতাৰে সকলোকে মুগ্ধ কৰাৰ লগতে গোসাঁই গাৱৰ সাত জন মুক্তি যুজাঁৰুৰ বিষয়ে এক সুন্দৰ আভাষ দিয়ে।কণমানি সকলেও তেওঁলোকৰ সাধ্যানুসাৰি স্বাধীনতা দিৱসৰ ওপৰত এক সুন্দৰ চমু বক্তৃতা প্ৰদান কৰে। by দেৱাশীষ গোস্বামী