শশী থাৰুৰে সুনন্দা পুস্কৰৰ মৃত্যুৰ গোচৰৰ পৰা ৰেহাই

pc-Hindustan Times

শশী থাৰুৰে সুনন্দা পুস্কৰৰ মৃত্যুৰ গোচৰৰ পৰা ৰেহাই

অনলাইন বাৰ্ত্তাসেৱা– জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে পত্নী সুনন্দা পুস্কৰৰ মৃত্যুৰ সকলো অভিয়োগৰ পৰা দোষমুক্ত হৈছে। দিল্লীৰ আদালতে পত্নী সুনন্দা পুস্কৰৰ হত্যাৰ সকলো গোচৰৰ পৰা মুক্ত ঘোষণা কৰে। দিল্লীৰ এখন বিলাসী হোটেলত সুনন্দা পুস্কৰৰ মৃতদেহ উদ্ধাৰৰ পাচত সাসংদ শশী থাৰুৰৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীয়ন হৈছিল।বিশেষ ন্যায়ধীশ গীতাঞ্জলী গোৱেলে এক ভাৰ্চুৱেল শুনানিত থাৰুৰক দোষমুক্ত কৰে। দোষমুক্ত হোৱাৰ পাছত শশী থাৰুৰে কয় যে বিগত চাৰে সাত বছৰ ধৰি তেওঁৰ ওপৰত যি নিৰ্যাতন চলাইছিল তাৰ পৰা তেওঁ সকাহ পালে। আৰক্ষীয়ে শুনানি কালত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল। উক্ত ঘটনাৰ বিশেষ অনুসন্ধানকাৰী দলে ৰাজনীতিকজনৰ ওপৰত সকলো ধৰণৰ অভিযোগ জাপি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছিল। ২০১৪ চনৰ ১৭ জানুৱাৰীৰ নিশা দিল্লীৰ এখন বিলাসী হোটেলত সুনন্দা পুস্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাৰপিছত সাংসদ জনৰ বিৰুদ্ধে বহুত অভিযোগ আৰোপ কৰা হৈ যদিও ২০১৮ চনৰ ৫জুলাইত তেওঁৰ জামিন মঞ্জুৰ কৰে।

 

(RT)