বজালী-টিহু-নলবাৰীত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সুৰক্ষা, বিকাশৰ প্রতিজ্ঞাৰে যোৱা ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰা জন আশীর্বাদ যাত্রাই ইতিমধ্যে উজনি অসমক সামৰি লোৱাৰ পিছত নৱম দিনা নামনি অসমৰ সৰভোগ, বজালী, টিহু, নলবাৰীৰ মাজেৰে গৈ ৰঙিয়া বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ সামৰণি পেলায়। আৰম্ভণিৰ পৰা শেষলৈ পৰিলক্ষিত হোৱা অভূতপূর্ব জনসমুদ্ৰৰ মাজত অব্যাহত ৰখা যাত্রাকালত মুখ্যমন্ত্রীক জাতি-ধর্ম-নির্বিশেষে সকলো স্তৰৰ জনসাধাৰণে শুভাশিস প্রদান কৰে। পূব বজালী জিলাৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী বামাখাটা সত্ৰত সেৱা আগবঢ়াই দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মংগল ধ্বনিৰে আৰম্ভ হোৱা জন আশীর্বাদ যাত্রাত অসংখ্য লোকে মুখ্যমন্ত্ৰীক শৰাই, গামোচা, আৰনাই আদিৰে সম্ভাষণ জনোৱাৰ লগতে নিজ হাতে অংকন কৰা ছবিও তুলি দিয়ে মুখ্যমন্ত্ৰীৰ হাতত।

বজালীত আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়- যোৱা ৫ বছৰে আমি ৰাইজৰ বাবে যিসমূহ উন্নয়নমূলক কাম কৰিছিলোঁ তাৰ বাবে আজি আমাক জন আশীৰ্বাদ যাত্ৰাত ৰাইজে সঁহাৰি জনাইছে আৰু হিয়া উজাৰি আশীৰ্বাদ প্রদান কৰিছে। মুখ্যমন্ত্ৰীয়ে ইয়াকো কয়- সত্রীয়া সভ্যতাক শক্তিশালী কৰাটো বিজেপি চৰকাৰৰ তথা মুখ্যমন্ত্ৰী হিচাপে মোৰ নিজৰো এক লক্ষ্য আৰু কৰ্তব্য। ইতিমধ্যে সত্ৰ আয়োগ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰি সনাতন সভ্যতাত যি যি বিষয় অন্তর্ভুক্ত হ’ব লাগে সকলোখিনি কাম কৰি যোৱা হ’ব আৰু পৰৱৰ্তী সময়তো এই লক্ষ্য আগত ৰাখিয়েই বিজেপিয়ে আগবাঢ়ি যাব।

এই জন আশীর্বাদ যাত্রাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে উজনি আৰু মধ্য অসমৰ সমান্তৰালকৈ নামনি অসমতো আজি জন আশীৰ্বাদ যাত্ৰাত ৰাইজে পাৰ ভঙা উছাহেৰে মূৰৰ চুলি ছিঙি ছিঙি যি আশীর্বাদ দিছে সেয়া অসমৰ ৰাজনৈতিক ইতিহাসত এক অদ্ভুত, ঐতিহাসিক আৰু বিৰল কাৰ্যক্ৰম। আজি বামাখাটা সত্ৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰাই ভাৰত-ভূটান সংযোগী ১২৭ (এ) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কেন্দুগুৰি, কালীঘাট, মিলনপুৰ, পাঠশালা নগৰ অতিক্ৰম কৰি ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হৰিপুৰ, মৰ্কা হৈ পাটাছাৰকুছিলৈ আগবাঢ়ে। ইয়াৰ পিছতে দলটো নলবাৰী জিলাৰ টিহুলৈ ৰাওনা হয়। এই জন আশীৰ্বাদ যাত্ৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ উপ-সভাপতি মনোজ বৰুৱাই অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ নেতৃত্বত আগবঢ়া এই জন আশীর্বাদ যাত্ৰাই টিহুৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিহু ফিডাৰ পথেৰে নাথকুছি, টিহু টাউন হৈ টিহু নগৰৰ পৰা হাৰিভাঙা, কৈঠালকুছি গড়কাপ্টানী পথেৰে নান্নাট্টাৰী, পিপলিবাৰী, হাৰিভাঙা, বালি, কৈঠালকুছিত উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ এই যাত্ৰাৰ সময়ত নামনি অসমৰ উল্লেখযোগ্য শক্তি পূজাৰ পীঠস্থান বালি কালী মন্দিৰত সেৱা লয়। সমষ্টিটোৰ কৈঠালকুছি বজাৰ চ’কত হাজাৰ হাজাৰ জনতাই মুখ্যমন্ত্ৰীগৰাকীক পুষ্প বৃষ্টিৰে আশীৰ্বাদ প্ৰদান কৰে। কৈঠালকুছিত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিগত নির্বাচনত এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্রুতি দি এক লাখ ৬৫ হাজাৰক চাকৰি দিলোঁ। এইবাৰ নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰি দুই লাখ যুৱক-যুৱতীক চাকৰি দিম।

মহিলাসকলক উদ্যমিতা আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকা আৰু শিক্ষিত যুৱক-যুৱতীক ২ লাখ টকাকৈ প্ৰদান কৰা হৈছে। ইফালে, এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ত হাৰিভাঙা-কৈঠালকুছি লোকনির্মাণ পথত, কৈঠালকুছি-চামতা এই পথছোৱাত দেখিবলৈ পোৱা গ’ল এক বিৰল দৃশ্য। পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্রীক শুভেচ্ছা জনাবলৈ দুপৰীয়াৰ পৰা ৰৈ থকা পৰিলক্ষিত হ’ল। পথৰ দুয়োকাষে প্রত্যক্ষ হ’ল জনগোষ্ঠীয় কলা-সংস্কৃতিৰ লগতে বিহু, খেৰাই নৃত্য, নাগাৰা নাম, আয়তীৰ নাম, থিয়নাম, কামৰূপীয়া ঢুলীয়া, বেগুপাৰ্টীৰ দল। টিহু-কৈঠালকুছি হৈ মুখ্যমন্ত্রী জন আশীর্বাদ যাত্রাই চামতাত প্ৰৱেশৰ লগে লগে লাখ লাখ দলীয় কর্মী, যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জিন্দাবাদ ধ্বনিৰে আকাশ-বতাহ মুখৰ কৰি তোলে। চামতাতো বিহু, ঢুলীয়া, নাগাৰা, বৰতাল আদিৰে মুখ্যমন্ত্ৰীগৰাকীক ব্যাপক আদৰণি জনায়।

কৈঠালকুছিৰ পৰা আহিল কুলবিলঘাট ৰাজহুৱা শিৱালয়ত মুখ্যমন্ত্ৰীগৰাকীক হাজাৰ হাজাৰ লোকে আদৰণি জনোৱাৰ লগতে মহাপ্রভু ভোলানাথৰ ওচৰত হৰিধ্বনি দিয়ে। কুলবিল ৰাজহুৱা শিৱালয় পৰিচালনা সমিতিয়ে শৈৱানুষ্ঠানখনৰ বিভিন্ন অভাৱ পূৰণ কৰি দিয়াৰ বাবে এক স্মাৰক-পত্ৰ প্ৰদান কৰে। এই কাৰ্যসূচীৰ অংশস্বৰূপে মিলন, পানীগাঁও, সন্ধেলী, জয়মণ্ডলাৰ পথত ৰাইজে কলপুলি, চাকি-বন্তি জুলাই আবতৰীয়া দেৱালীৰ সৃষ্টি কৰে। উপস্থিত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য- ৰাইজৰ এই বিপুল সঁহাৰি অসমৰ দ্রুত বিকাশৰ বাবে অমোঘ শক্তি। জনসাধাৰণৰ মৰম আৰু উৎসাহে মোক অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগাইছে। জন আশীর্বাদ যাত্ৰাই কৈঠালকুছি-চামতাৰ পৰা নলবাৰী টাউনত উপস্থিত হৈ নিশালৈ ৰঙিয়াত উপস্থিত হয়।

ইফালে, বিজেপিৰ ‘জন আশীর্বাদ যাত্রা’ কার্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নলবাৰীত উপস্থিত হয়। টিহু বজালীৰ পৰা এই যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী চহৰৰ খাৰজাৰাত উপস্থিত হয়। এই আশীৰ্বাদ যাত্ৰাৰ সময়ত পথৰ দুয়োকাষে থকা হাজাৰ হাজাৰ দলীয় কার্যকর্তা আৰু সমর্থকে ফুল ছটিয়াই মুখ্যমন্ত্ৰীগৰাকীক বিপুল আদৰণি জনায়। মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱাক একেখন বাহনত লৈ এই যাত্রা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ৰাইজৰ পৰা আশীৰ্বাদ আৰু মৰম বুটলিবলৈ সক্ষম হোৱা দেখা যায়।

চহৰখনৰ খাৰজাৰাৰ পৰা পোনে পোনে নলবাৰী সদৰ থানা সন্মুখলৈ যাত্রা লয়। থানা চ’কতো হাজাৰ হাজাৰ দলীয় কৰ্মী-সমর্থকে মুখ্যমন্ত্ৰীগৰাকী ফুলাম গামোচা, ফুল ছটিয়াই আশীর্বাদ দিয়ে। সমর্থকসকলে বিজেপি জিন্দাবাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ আদি শ্ল’গানেৰে চহৰখনৰ আকাশ-বতাহ মুখৰ কৰি তোলে। থানা চ’কৰ পৰা বাটা চ’ক হৈ নলবাৰী হৰিমন্দিৰ চ’কলৈ যাত্ৰা কৰে।
