নাওবৈচা আঞ্চলিক মহিলা কল্যাণ আৰু সুৰক্ষা সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
বুলমণি বৰি, লখিমপুৰ , ৰঙিলী বাৰ্ত্তাসেৱা- নাওবৈচা আঞ্চলিক মহিলা কল্যাণ আৰু সুৰক্ষা সমিতিৰ উদ্যোগত খকণবড়ী গাঁৱৰ ৰাইজৰ সহযোগত ৮ মাৰ্চ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে নাৰী দিৱস উদযাপন কৰা হয়।পুৱা ৭ বজাত সামূহিক চাফাই অভিযানৰ পাছতে সমিতিৰ সভানেত্ৰী মল্লিকা গগৈয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ পাতনি মেলে। দেৱলা দেৱী আৰু বন্দিতা কাকতিৰ নেতৃত্বত মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটিৰে স্মৃতি তৰ্পণ কৰে। মামণি শৰ্মা আৰু প্ৰিয়ংকা বৰঠাকুৰৰ গছপুলি ৰোপণৰ পাছতেই মাতৃ হিচাপে ভৱিষ্যত প্ৰজন্মৰ বাবে মই বিচৰা সমাজখন বিষয়ৰ ওপৰত হোৱা বক্তৃতা অনুষ্ঠানত সঞ্চালিকা হিচাপে উপস্থিত থাকি কবি বুলমণি বৰিয়ে কয় যে বিশ্বায়নৰ যুগত নাৰীয়ে বৰ্তমান লিংগ বৈষম্যতাৰ তথাকথিত বেহু ফালি সমাজত নিজকে সগৌৰৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেনে যোগ্যতা অৰ্জন কৰাৰ পাছতো সাম্প্ৰতিক পটভূমিত বহু নাৰীয়ে বিবাহৰ নিশ্চিত সম্ভাৱনা নথকাকৈ ৰবাবটৈঙাৰ দৰে নিজক বখলিয়াই খাবলৈ দি পিছত গুলিবিদ্ধ বাঘিনীৰ দৰে ছটফটাই থকা, এখন সংসাৰ থকাৰ পিছতো জীৱনৰ মাজ মজিয়াত অন্য এক জীৱন আৰম্ভ কৰি সমাজলৈ কলুষতা অনা , নৈতিক দৰিদ্ৰতাত ভোগা সমাজখন যে ভৱিষ্যত প্ৰজন্মৰ বাবে অতি ভয়াবহ তেনে স্পৰ্শকাতৰ সমস্যাজিৰে বক্তব্য দাঙি ধৰে।বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত প্ৰবক্তা ধনদা দেৱীয়ে আজিৰ দিনত নাৰীসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই ৰাজনৈতিক সামাজিক অৰ্থনৈতিক তথা সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰতে খোজত খোজ মিলাই যাবলৈ সক্ষম হৈছে। এই গুৰুত্বপূৰ্ণ বাৰ্তাৰে মুকলি সভা উদ্বোধন কৰে। বিশিষ্ট সাংবাদিক প্ৰিয়ম ফুকনে নিদিষ্ট বক্তাৰ ভাষণত ১৮৫৭ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে শ্ৰমৰ মজুৰি বৈষম্যতাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ পৰা আৰম্ভ কৰি আজিৰ নাৰীয়ে সকলো বাধা অতিক্ৰম কৰি আগুৱাই যোৱা, মহিলাৰ বিজয় উদযাপনৰ লগতে নাৰীৰ অধিকাৰ অৰ্জনৰ বাবে নতুন শপত গ্ৰহণৰ অৰ্থে তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায় ।বিশিষ্ট অতিথি হিচাপে পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঊমেশ শাস্ত্ৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। নাওবৈচা আঞ্চলিক মহিলা কল্যাণ আৰু সুৰক্ষা সমিতিৰ সভিনেত্ৰী মল্লিকা গগৈ সম্পাদিকা চিত্ৰলেখা বৰুৱা আদৰণি সমিতিৰ সভানেত্ৰী ভদ্ৰা গগৈ উপ সভানেত্ৰী অনু সাধনীদাৰ তৃপ্তি বাইলুং সম্পাদিকা বৰ্ণালী ফুকন আৰু সহ সম্পাদিকা ৰূপা গগৈৰ নেতৃত্বত সভাখন সন্ধিয়া ৫ বজাত জাতীয় সঙ্গীতেৰে সফল সামৰণি পৰে।
