আন্ত:ৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ মহত্ব আৰু প্ৰয়োজনীয়তা
নিবেদিতা হাজৰিকা
মনৰ ভাৱ প্ৰকাশৰ এক অন্যতম উপায় বা মাধ্যম হৈছে ভাষা।মানুহৰ অনুভূতি প্ৰকাশৰ মাধ্যম আৰু সংস্কৃতিৰ বাহক হিচাপেও ইয়াৰ বিশেষ গুৰুত্ব আছে।আৰু সেই উদ্দেশ্যে আগত ৰাখিয়ে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে বিশ্বব্যাপী বাৰ্ষিক ভাৱে ২১ ফেব্ৰুৱাৰী দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস (International Mother’s Day) হিচাপে সমগ্ৰ বিশ্বতে এই দিৱসটি উদ্যাপন কৰা হয়।১৯৪৭ চনত পূব পাকিস্তানত বাংলা ভাষাক ৰাষ্ট্ৰভাষাৰ স্বীকৃতি দিয়াৰ দাবীত আন্দোলন চলিছিল আৰু ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত বাংলা ভাষাৰ স্বীকৃতি প্ৰাপ্তিৰ বাবে বহু কেইজন শ্বহীদ হৈছিল। এই সকল লোকৰ আত্মত্যাগক সন্মান জনাই ইউনেস্কোৱে (UN ESCO) ১৯৯৯ চনত এই দিৱসটি ঘোষণা কৰে ।এই দিৱসত বহুভাষাৰ বাবে সজাগতা, ভাষাৰ প্ৰতি সন্মান,সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ভাষাটিৰ প্ৰচাৰ -প্ৰসাৰ,বিপন্ন ভাষাৰ সংৰক্ষণ তথা উদ্ধাৰ, ঘৰত মাতৃভাষাৰ চৰ্চা তথা প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ ব্যৱহাৰ আদি সকলো দিশ সামৰি বিভিন্ন সজাগতা সভা আদি আয়োজন কৰা হয় আৰু চৰ্চা কৰা হয় ।উল্লেখ্য যে যে এই দিৱসটি বাংলাদেশত ‘ শ্বহীদ দিৱস ‘ হিচাপে পালন কৰা হয় ।মাতৃভাষাৰ সংকট দূৰ কৰিবলৈ হ’লে সমগ্ৰ বিশ্বই মাৰ বান্ধি থিয় হ’ব লাগিব।কিয়নো,মাতৃভাষাৰ সংকট কেৱল অসমৰে নহয়,সমগ্ৰ বিশ্বৰে সমস্যা হৈ পৰিছে।জাতি তথা ভাষাৰ প্ৰতি থকা দায়ৱদ্ধতা স্বীকাৰ কৰি উঠি অহা প্ৰজন্মক একো একোজন ভাল অসমীয়া হ’বলৈ,ভাষা প্ৰেমী হ’বলৈ উৎসাহিত কৰোৱা উচিত আৰু সকলো ভাষাকে সন্মান প্ৰদৰ্শন কৰিবলৈ শিকোৱা উচিত।
মাতৃভাষা কেৱল আইৰ মুখৰ ভাষাই নহয়, মাতৃভাষা হ’ল একেধাৰে সঁজুলি, আনন্দ ,সুখ আৰু জ্ঞানৰ উৎস, ৰুচি তথা অনুভূতিৰ পৰিচালক। এই সমূহৰ উপৰিও মাতৃভাষা হ’ল মানুহৰ বুদ্ধিমত্তাৰ সঞ্জীৱনী ৰসায়ন তথা ব্যক্তিত্ব বিকাশৰ মূল ভিত্তি।যোগাযোগৰ মাধ্যমৰ উপৰিও ই কোনো জাতিৰ সংস্কৃতি,ইতিহাস তথা চিন্তা প্ৰকাশৰো মাধ্যম।সেয়ে সকলোৱে মাতৃভাষাৰ গুৰুত্ব বুজি পোৱা উচিত।
এই দিনটোৱে সকলোকে নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰিবলৈ তথা ভাষিক আবেগক জীয়াই ৰাখিবলৈ অনুপ্ৰাণিত কৰে।প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ইয়াৰ সঠিক ব্যৱহাৰ আৰু পৰৱৰ্তী প্ৰজন্মলৈ ইয়াক হস্তান্তৰ কৰাটোৱেই এই দিৱসৰ বিশেষ চিন্তা। এক উদ্বেগৰ কথা যে , বৰ্তমান বিশ্বত প্ৰতি দুই সপ্তাহত এটাকৈ ভাষা বিলুপ্ত হ’ব ধৰিছে। ভাষা প্ৰেমী সকলৰ বাবে ই এক অত্যন্ত চিন্তাৰ বিষয়।এই বিষয় সমূহৰ সজাগতাৰ বাবেই এই দিৱস অতি গুৰুত্বপূৰ্ণ।
এই দিৱস কেৱল এটা দিনৰ বাবে নহৈ , দৈনন্দিন জীৱনত মাতৃভাষাৰ ব্যৱহাৰ আৰু ইয়াৰ চৰ্চা বজাই ৰাখিবলৈ সজাগতাৰ সৃষ্টি কৰা হয়। এই দিৱসটোৱে আমাক মনত পেলাই দিয়ে যে প্ৰতিটো ভাষাই একোটা সাংস্কৃতিক ঐতিহ্য বহন কৰে আৰু মাতৃভাষাৰ সংৰক্ষণ মানেই নিজৰ পৰিচয়ক জীয়াই ৰখা।এই দিৱসে বিশ্বৰ সকলো ভাষাক সম মৰ্যদা দিয়াৰ বাবে সজাগতা গঢ়ি তোলাৰ লগতে মাতৃভাষাৰ জৰিয়তে জ্ঞান বিকাশৰ বাবে সজাগ-সচেতনতাৰ ভাব বৃদ্ধি কৰাৰো পোষকতা কৰে।বৈচিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই থকা আমাৰ সুৱদী সুৰীয়া ভাষা সমূহে সমাজ তথা ৰাষ্ট্ৰক সমৃদ্ধ কৰিছে, সেয়েহে আমি প্ৰত্যেকেই মাতৃভাষাৰ প্ৰচাৰ ,প্ৰসাৰ তথা উৎকৰ্ষ সাধনৰ অৰ্থে বিশ্বায়নৰ এই যুগত সংকল্পবদ্ধ হোৱা উচিত ।
