স্বৰবৰ্ণৰ মেলা – ৰিমী হাজৰিকা

Pc Youtube

স্বৰবৰ্ণৰ মেলা

ৰিমী হাজৰিকা

অকনমাণি মইনা জনী অকনমাণি মন।
আইতাকৰ কথা শুনি তাই কৰে ৰং।।

ইকৰা কাঠিৰে তাই বালি ঘৰ সাজে।
আইতাকৰ লগত গৈ ঈশ্বৰক প্ৰাৰ্থনা কৰে।।

উটৰ সাধু শুনিবলৈ বৰ ভাল পায়।
ঊনৰ চোলা পিন্ধি তাই ফুৰিবলৈ যায়।।

ঋতুৰাজ বসন্তত হাতত জেতুকা সানে।
ঋষি মুনিৰ ছবি তাই মনে মনে আঁকে।।

এৰা গছৰ গুটি আনি বালি ঘৰত ৰাখে।।
ঐৰাৱটৰ কথা শুনি চাবলৈ জাপ মাৰে।।

ওল কচু ঔ টেঙা খাই মজা পায়।
আইতাকৰ সাধু শুনি টোপনি যায়।।