ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে সোনোৱাল কছাৰীৰ বাইথ’ পূজা উদ্‌যাপন

ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে সোনোৱাল কছাৰীৰ বাইথ’ পূজা উদ্‌যাপন :: স্মৃতিগ্ৰন্থ বাইথাঙ্গ উন্মোচন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আদিম ভূমিপুত্ৰ সোনোৱাল কছাৰী লোকসকলৰ পৰম্পৰাগত পৱিত্ৰ উৎসৱ খ্ৰীং খ্ৰীং বাইথ’ পূজা অসমৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়তো উদ্‌যাপন কৰা হয়৷ সোনোৱাল সকলে পৰম্পৰাগত ভাৱে হায়দাং গীত আৰু লগ বিহুৰে বিহু নমোৱা পৰ্বৰ শুভাৰম্ভ কৰাৰ উপৰিও চাৰিমুঠি জীৱ ক্ৰমে উৰণ, বুৰণ, গজন আৰু ভ্ৰমণৰ কল্যাণৰ নিমিত্তে সকলো ভক্তই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৫৫ টা বাইথ’ মন্দিৰত খ্ৰীং দেৱতাক প্ৰাৰ্থনা জনায়৷ ডিব্ৰুগড়ৰ সমীপৱৰ্তী জকাইত এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসন, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ’ পূজা সমিতিৰ সহযোগত আৰু বৰবিল গাওঁবাসীৰ আতিথ্যত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জকাই আঞ্চলিক ৰাজহুৱা বাইথ’ মন্দিৰত খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ আয়োজন কৰা হয়। বাইথ’ পূজাৰ দ্বিতীয় দিনটোত আয়োজিত এক বিশেষ ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে সোনোৱাল কছাৰী সকলৰ আধ্যাত্মিক পৰিচয় খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ যোগেদি প্ৰকাশ পায়৷ ভাৰতৰ অন্যান্য জনজাতিৰ দৰে আমি সোনোৱাল সকলেও যদি এই শতিকাটোত স্বকীয় বৈশিষ্ট্য অটুট ৰাখি এটা শক্তিশালী পৰিচয় দিব বিচাৰো তেন্তে আধ্যাত্মিক আৰুসাংস্কৃতিকভাৱে এই জনজাতিটো বিশেষভাৱে শক্তিশালী হ’ব লাগিব৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে সোণোৱাল সকলৰ পৰম্পৰাবোৰ ৰক্ষা কৰি জাতিটোক শক্তিশালী কৰি তুলিবৰ বাবে ৰাজ্যৰ প্ৰতিগৰাকী সোনোৱাল ৰাইজক আহ্বান জনায়৷ সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে আদৰণি ভাষণ প্ৰদান কৰা সভাত অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা, ডাঃ ৰণোজ পেগুৱেও শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘৰ সম্পাদক যুগল শইকীয়াই বাইথ’ পূজাৰ ঐতিহ্য আৰু পৰম্পৰাৰ ভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়৷ সভাত মৰাণ সমষ্টিৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈ, জিলা পৰিষদৰ সভানেত্ৰী পুস্পাঞ্জলি সোণোৱাল, ডিডিএৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জল ফুকন, জিলা বিজেপিৰ সভাপতি দুলাল বড়া, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ, সোনোৱাল জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ লগতে প্ৰশাসনিক বিষয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগতে স্থানীয় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷ উক্ত সভাতেই অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘বাইথাঙ্গ’ উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই৷