ডিব্ৰুগড়ৰ ৰটাৰী ক্লাৱৰ উদ্যোগত, বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় ৰটাৰী ক্লাৱৰ উদ্যোগত, ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদ আৰু ডাঃ ৰোহিনীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ সহযোগত ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ১ বজালৈকে ডিব্ৰুগড়ৰ ডাঃ ৰোহিনীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰাঙ্গণত বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন হৈ যায়। এই বিনামূলীয়া চিকিৎসা শিৱিৰত ডিব্ৰুগড় উপকণ্ঠ অঞ্চলৰ প্ৰায় শতাধিক জ্যেষ্ঠ নাগৰিকে বিনামূলীয়া চিকিৎসা শিৱিৰলৈ আহি তেখেত সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই। চিকিৎসা শিৱিৰত চকু বিশেষজ্ঞ ডাঃ ভাৰতী শৰ্মা পূজাৰী, নাক-কাণ- ডিঙিৰ বিশেষজ্ঞ ডাঃ ফৌজিয়া শ্বিৰিন হেকিম, চৰ্ম বিশেষজ্ঞ ডাঃ স্বপ্না দাস, মেডিচিন বিভাগৰ ডাঃ ৰেবিকা মাৰাক,ফিজিঅ’থেৰাপী বিভাগৰ ডাঃ অভিজিৎ পাল আৰু উদ্যোগতা কৰ্মচাৰী সকল উপস্থিত আছিল। আনহাতে এই চিকিৎসা শিৱিৰত উন্নত শ্ৰবণ শক্তিৰ পৰীক্ষাও কৰা হয়। এই শিৱিৰ অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত এইচ এম চিকিৎসালয়, এজিলাচ্ লেবটৰী/ এচ আৰ এল তৰফৰ পৰা সহযোগিতা আগবঢ়ায়। বিনামূলীয়া চিকিৎসা শিৱিৰ সুকলমে সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি সকল সদাশয় ব্যক্তিয়ে উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়ালে তেখেত সকললৈ ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি, সঞ্জীৱ বৰদলৈ, সম্পাদক বলীন্দ্ৰ নাথ বৰদলৈয়ে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
