যান্ত্ৰিকতাৰ যুগত মানুহৰ নিঃসগতা – জ্যোতিমণি মাহত্ব

Pc Vocal Media

যান্ত্ৰিকতাৰ যুগত মানুহৰ নিঃসগতা 

জ্যোতিমণি মাহত্ব
যোৰহাট

বৰ্তমান বিজ্ঞানমনস্কতাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানৱ জীৱনক বহু দূৰলৈকে আগুৱাই নিছে।এই যান্ত্ৰিকতাৰ দিনে মানুহক অদ্ভূত পূৰ্ব ভাৱে পৰিৱৰ্তিত কৰিছে । আধুনিকতাৰ ফলত আজিৰ মানৱজাতিয়ে নিঃসংগতাৰ দৰে এক গভীৰ সমস্যাৰ সন্মুখীন হৈছে। প্ৰযুক্তিগত উন্নতিৰ সৈতে মানৱিক সম্পৰ্কৰ অৱক্ষয়েই এই সমস্যাৰ মূল কাৰণ হিচাপে পৰিলক্ষিত হয়। বৰ্তমান সময়ছোৱাত মানুহে প্ৰত্যক্ষভাৱে কথা পাতিবলৈ সময়ৰ অভাৱ, কিন্তু ঘণ্টা ঘণ্টা ধৰি নিজৰ সামাজিক মাধ্যমত ব্যস্ত।একেটা পৰিয়াল একেলগে থকাৰ পাছতো সকলো নিজৰ নিজৰ মোবাইল ফোনত ব্যস্ততা। সামাজিক মাধ্যমত শতাধিক বন্ধু, আপোনত্ব থাকিলেও‌ প্ৰকৃত জীৱনত বহুতে অকলশৰীয়া অনুভৱ কৰে ।নিজৰ কথা ক’ব পাৰিলেও আনৰ অনুভৱ বুজিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে ক’ৰবাত অথচ তেওঁক ভাল পায়ো বুজিব চেষ্টা নকৰে ।এই যান্ত্ৰিকতাৰ ফলতেই মানুহে নিঃসংগ অনুভৱ কৰে।মানুহে কথা ক’ব বিচাৰিলেও কেতিয়াবা শুনোতাৰ অভাৱ, ডিজিটেল যুগত নিঃসংগতাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে আত্মকেন্দ্ৰিকতা । প্ৰায় সংখ্যক লোকে নিজৰ নিজৰ সামাজিক মাধ্যমত কেনেকৈ জনপ্ৰিয়তা লাভ কৰিব পাৰি তাক লৈ ব্যস্তব্যাদী। ভাৰ্চুৱেল জগতৰ প্ৰতি আকৰ্ষিত হৈ যুৱ সমাজ এই সমস্যাটোৰ প্ৰতি বেছি প্ৰভাৱিত‌ হৈছে ফলত নিজক অকলশৰীয়া অনুভৱ কৰি , বিপথে পৰিচালিত যাব লগাও হৈছে। আচলতে এই ক্ষেত্ৰত সামাজিক মাধ্যম দায়ী নহয় , ভুল আমাৰ।ইয়াক কেনেকৈ কেতিয়া ব্যৱহাৰ কৰিব লাগে সেইয়া অতি গুৰুত্বপূৰ্ণ কথা।