ধূলিয়ৰি ফাগুন – প্ৰভাত বণিয়া

Pc Dainik Agradoot

ধূলিয়ৰি ফাগুন

প্ৰভাত বণিয়া

ধূলি ধূলিয়ৰি
বাট-ঘাট ভৰাই তোলা
মতলীয়া ফাগুন
কিনো লহৰ তুলিলা কপি উঠিল
বন-বননি
মোৰ প্ৰেমিক বুকু
হালিছে জালিছে
ৰঙা ৰঙা পলাশ, মদাৰ,শিমলু ফুল
চঞ্চলা চপলা ফুলতি ফাগুন
পাহৰণিৰ ডাঠ আৱৰণ ফালি
জীপাল কৰিলা মোক

ৰ’দঘাই নিৰন্ন পদূলি মোৰ
সুপ্ৰভ গুণ গুণ গান
আকৌ এবাৰ উন্মনা হলো
বাকি দিয়া স্মৃতিৰ সুবাস
হে প্ৰিয়তমা ফাগুন

মই তোমাক বৰ ভাল পাওঁ।