তুমিহীন ফাগুনৰ বাট… – ড° শিখা ৰাণী নাথ

Pc Sangbad Pratidin

তুমিহীন ফাগুনৰ বাট…

ড° শিখা ৰাণী নাথ,
সহকাৰী শিক্ষয়িত্ৰী,
ধূলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং

ফাগুনৰ বাটত মন দুলিবলৈ আজি তুমি নাই,
পলাশ, শিমলুৰ ৰঙেৰে উতলিবলৈ তুমি নাই।
সৰাপাতক তোমাৰ গানত জীয়াই
নিজেই সোঁৱৰণীৰ গান হ’লা
আকাশ-বতাহ সকলোতে শূন্যতা আঁকি
মন মৰিশালি কৰিলা৷
নাজিতৰাৰ ৰূপ বখানিবলৈ তুমি নাই,
চুপহিৰ মন মুহিবলৈয়ো আজি তুমি নাই।
ৰূপেচৰাৰ লাজৰ আৱৰণ গুচাই তোমাক চাওঁ,
কিজানিবা তোমাক এবাৰলৈ বিচাৰিয়ে পাওঁ!
তুমি অবিহনে ৰঙহীন ফাগুন এতিয়া
উকা উকা আৰু উকা
হেৰাই গ’ল বিশাল আকাশ আৰু
দূৰন্ত সাগৰৰ ঠিকনা ৷
চকুপানীয়ে ঢাকে পলাশ শিমলুৰ ৰঙ।
বুকুত বহি লোৱা তুমি নামৰ বিষাদ
মেৰিয়ানাতকৈয়ো গভীৰ এতিয়া ৷
পুনশ্চঃ
এই যে তুমি তুমি ভাবৰ ভালপোৱাৰ অনুৰণন
কবৰস্থ বুকুবোৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাওক
বাঢ়ি আহক একো একোখন সুবিশাল অৰণ্য
প্ৰেম, পোহৰ আৰু সত্যৰ ৷