মহা আনন্দৰ উৎসৱ  হোলী – মীনাক্ষী ৰায় ডাকুৱা

Pc Pinterest

মহা আনন্দৰ উৎসৱ  হোলী

মীনাক্ষী ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী 

প্ৰেমৰ জানো কোনো ৰং হয় ! এৰা, হয়—নীলা ৰং । কিন্তু প্ৰেমৰ আনন্দৰ ? প্ৰেম আৰু আনন্দ দেখোন ভিন্ন নহয়—প্ৰেম যি, আনন্দ‌ও সেই । তথাপি এটি ৰঙেৰে জানো কেতিয়াও আনন্দক প্ৰকাশ কৰা যায় ! তাৰবাবে প্ৰয়োজন ৰঙা, হালধীয়া, গোলাপী, কমলা, সেউজীয়াৰ সমাৰোহ । ভিন ভিন ৰং যে ভিন ভিন ভাৱ-তৰঙ্গৰ, ভিন ভিন উচ্ছ্বাসৰ দ্যোতক । প্ৰেমৰ বৈচিত্ৰময় ভাৱৰ মূৰ্তিমন্ত ৰূপেই হ’ল যেন নানা ৰঙৰ আবিৰ আৰু ফাকু । সেয়ে, এই মধুবসন্তৰ ফাল্গুনী পূৰ্ণিমাত ৰং খেলা মানেই মুঠিয়ে মুঠিয়ে ৰং ছটিয়াই দিয়া—প্ৰেমাস্পদৰ ফালে, নিকটজনৰ ফালে । নিজৰ ইচ্ছামতে আপোন ভাৱেৰে মনৰ মানুহজনক ৰঙাই দিয়া । যাক দিয়া হ’ল তেওঁৱেই বা চুপ কৰি থাকিব কিয় ? তেওঁও দিলে ৰং ছটিয়াই । আনন্দতৰঙ্গ যেনেকৈ ব্যাপ্ত হয়, প্ৰভাৱিত কৰে কাষৰজনক, তেনেকৈ ৰঙৰ প্ৰৱাহ পৰিলগৈ সখীসকলৰ গাত । তেতিয়াই আৰম্ভ হৈ গ’ল ৰং খেলা । মুঠি মুঠি ফাকু ছটিয়াই দিয়াৰ পাল । বসন্তৰ মৃদুমন্দ বতাহ হৈ উঠিল ৰঙীন, ৰঙে ৰঙে ৰংধূলিৰে । গছৰ পাত, তৃণ, গুল্ম সেই ৰঙীন আনন্দ উপভোগত যোগ দিলে । আনকি, আবেলি যেতিয়া গা-ধোৱাৰ বাবে যমুনাত নামে, তেতিয়া সেই ৰঙত প্ৰেমযমুনাও তাৰ কিচকিচিয়া ক’লা ৰং হেৰুৱাই হৈ উঠে ৰংবাহাৰী । “রং যেন মোর মর্মে লাগে”—সমগ্র প্ৰকৃতি জুৰি যেন এই নিশ্চুপ বাণী ধ্বনিত হয় ।

ব্ৰজত বৃষভানুপুৰৰ পৰা শ্ৰীৰাধিকা তেওঁৰ কুন্দলতা আৰু অন্যান্য সখীসকলৰ সৈতে নন্দালয়লৈ গৈ আছে । যশোদামাতৃৰ আহ্বানত শ্ৰীকৃষ্ণৰ বাবে ৰন্ধন কৰি দিবলৈ । কাৰণ, তেওঁ যে বৰপ্ৰাপ্তা ! তেওঁ ৰন্ধা আহাৰত আয়ু বৃদ্ধি হয়, শৰীৰ নিৰোগ থাকে । সেয়ে পুত্ৰৰ মঙ্গলকামনাত স্নেহময়ী জননীৰ শ্ৰীৰাধিকাক আমন্ত্ৰণ ৰন্ধন কাৰ্যখিনি কৰি দিবলৈ । সিদিনা আছিল হোলীখেলাৰ দিন । সেয়ে বৃষভানুপুত্ৰীৰ আদেশত সখীসকলে হোলীখেলাৰ সামগ্ৰী লগত নিলে—যদি নন্দতনয় ৰং দিবলৈ আহে ! তেতিয়াহ’লে তেওঁলোকেও ৰং দিব । কথাতে আছে—য’তে বাঘৰ ভয়, ত’তে ৰাতি হয় । সখীসৱৰ সৈতে শ্ৰীৰাধিকা নন্দালয়ৰ নিকটৱৰ্তী হ‌ওঁতেই শ্ৰীকৃষ্ণ আৰু গোপসখাসৱে আহি ফাকু, গুলাল, ৰংধূলি, পিচকাৰী ভৰা ৰঙীন পানী আদি তেওঁলোকলৈ নিক্ষেপ কৰিবলৈ ধৰিলে । আৰম্ভ হৈ গ’ল ৰংখেলা । ৰঙৰ যুদ্ধত প্ৰবৃত্ত দুয়োপক্ষ । ৰঙে ৰঙে চাৰিওদিশ যেতিয়া অন্ধকাৰময়, তেতিয়া সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ অলপো পলম নকৰিলে কানুয়ে । সখীসকলৰ মাজলৈ আহি আচম্বিতে তেওঁৰ প্ৰিয়তমা ৰাইক চুম্বন, আলিঙ্গন কৰি পলাই গ’ল । শ্ৰীৰাধিকাৰ মৰ্মত এতিয়াহে ৰং লাগিল । লাজত ৰঙা পৰিল দুগাল, বদনচন্দ্ৰিমাত অপূৰ্ব শিহৰণৰ আৱেশ । তেওঁৰ ফালে দৃষ্টি পৰাত সখীসৱে বুজি পালে যে ইমানপৰে ৰঙৰ অন্তৰালত কি ঘটনা ঘটিছে । তেওঁলোকৰ হাঁহি-ধেমালিত প্ৰকৃতি যেন আৰু প্ৰাণৱন্ত হৈ উঠিল ।

সখীসকলৰ সৈতে শ্ৰীৰাধিকা নন্দালয়লৈ আহিল । তেওঁলোকৰ দুৰাৱস্থা দেখি মাতৃ যশোদাই বুজি পালে এয়া তেওঁৰ গোপালৰেই কাম । তেওঁ হাঁহি এটি মাৰি তেওঁলোকক নতুন কাপোৰ দিলে, মিঠাই খুৱালে । তাৰপিছত শ্ৰীৰাধিকাই সখীসকলৰ সৈতে ৰন্ধন কাৰ্য সমাপন কৰিলে । শ্ৰীকৃষ্ণই আহাৰ খোৱাৰ পাছত তেওঁলোকো খাই-ব‌ই নিজ গৃহলৈ ঘূৰি গ’ল । এইবাৰ তেওঁলোকে সূৰ্য পূজা কৰিবলৈ যাব । লগত নিলে ৰাশি ৰাশি ৰং, ফাকু । মাধৱীমণ্ডপত আহি বহিল । তাত বৃন্দাদেৱীয়ে আগৰেপৰাই হোলীলীলাৰ দ্ৰৱ্য সজাই ৰাখিছিল। হোলীখেলাৰ আয়োজন প্ৰস্তুত । সখীসৱে হোলীলীলাৰ গীত গাবলৈ ধৰিলে ।

যাৰ বাবে ইমানবোৰ আয়োজন, তেওঁ আহি উপস্থিত হ’ল তেওঁৰ প্ৰিয়নৰ্ম অৰ্থাৎ অতি নিকট সখাসকলক লগত লৈ । তেওঁও যে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত হোলীলীলাৰ অংশগ্ৰহণত । বৃন্দাবনৰ আকাশ-বতাহ, বৃক্ষ-লতা-গুল্ম, হৰিণ-হৰিণী,, ময়ুৰ-ময়ুৰী আটাইয়ে আজি উৎকণ্ঠিত-কি হয় চাবলৈ । নানা ঘটনাৰ আড়ম্বৰৰ পিছত এসময়ত আৰম্ভ হ’ল হোলীখেলাৰ উন্মাদনা । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেওঁৰ ৰচনাত হোলীখেলাৰ এক অতি মনোৰম বৰ্ণনা দিছে । শঙ্কৰদেৱৰ দৃষ্টিত ফাকু বা হোলীখেলা আধ্যাত্মিক আৰু নান্দনিক—

 “ৰঙে ফাকু খেলে চৈতন্য বনমালী ।
দুহাতে ফাকুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী ।।”

গোটেই দিন জুৰি হোলীখেলাৰ পিছত দোলনাত বহি দোল খাব ধৰিলে শ্ৰীৰাধাকৃষ্ণ । সেয়ে এই ৰংখেলা উৎসৱৰ আন এটা নাম দোলযাত্ৰা—এই কথা মনলৈ আহিলেও আচলতে ইয়াৰ স’তে অন্য কাৰণো আছে । দোলযাত্ৰাৰ সূচনা প্ৰায় আঠহাজাৰ বছৰ আগত । উত্তৰায়ণৰ আগমনত নতুন বছৰৰ সূচনা ৰূপে আৰ্য ঋষিসকলে এই ফাল্গুনী পূৰ্ণিমাত বিষ্ণুৰ পূজা কৰিছিল । পৃথিৱীত প্ৰাণৰ সঞ্চাৰকাৰী সূৰ্যক সৃষ্টিকৰ্তা বিষ্ণুৰেই প্ৰতিভূ মানি তেওঁলোকে সেই পূজাত নাৰায়ণ শিলাক ওলোমাই উত্তৰ-দক্ষিণে তিনিবাৰ ঘড়ীৰ পেণ্ডুলামৰ দৰে দোল দিছিল যাতে অহা বছৰতো সূৰ্যৰ যাত্ৰা উত্তৰায়ণ দক্ষিণায়ণক মাধ্যম কৰি নিৰ্বিঘ্নে সুসম্পন্ন হয় । সেয়ে নাম দোলযাত্ৰা।

মধুধাম বৃন্দাবন আৰু মথুৰাত হোলীখেলাৰ সূচনা ফাগুণ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিতেই হৈ যায় । শ্ৰীৰাধাকৃষ্ণৰ দোলযাত্ৰা মঞ্চৰ আৰু দোলনাৰ প্ৰস্তুতিৰ সূচনা দিৱস এই তিথি । ইয়াক কোৱা হয় “ফুলেৰা দুজ।” এইদিনা বিগ্ৰহবোৰ ফুলৰ নয়নাভিৰাম সাজেৰে সজ্জিত হয় । মন্দিৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল ফুলৰেই সজ্জা । চুবুৰীয়ে-চুবুৰীয়ে, মন্দিৰে-মন্দিৰে, ঘৰে-ঘৰে হোলীখেলাৰ গীত, নৃত্য, নাটকৰ পৰিবেশন আৰম্ভ হয় । ইয়াৰ পিছত চতুৰ্থী তিথিৰ দিনা পালিত হয় “লাড়ু হোলী ।”

মথুৰাৰ ৰাভেলৰ ভূস্বামী তথা শ্ৰীৰাধিকাৰ পিতৃ বৃষভানু কংসৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ পাহাৰৰ ওপৰত সুউচ্চ স্থানত প্ৰাসাদ সাজিলে । নতুন জনপদ বৃষভানুপুৰ(অপভ্ৰংশ —বৰ্ষাণা) গঢ়ি উঠিল । সেই সময়ত কংসৰ নানান অত্যাচাৰত একেদৰেই অতীষ্ট নন্দগ্ৰামবাসীসকলো । ৰজা বৃষভানুয়ে নিজৰ বন্ধু তথা শ্ৰীকৃষ্ণৰ পিতৃ নন্দৰজাক নন্দগ্ৰামবাসীসকলৰ সৈতে বৃষভানুপুৰলৈ আহি বাস কৰিবলৈ ক’লে । এই বসন্ত চতুৰ্থীৰ দিনাই হেনো গোপীসকলৰ চিত্ত-হৰণকাৰী, চপল-চটুল-ন‌ওলকিশোৰ নন্দকুমাৰ কৃষ্ণ নন্দগ্ৰামৰ পৰা ৰাধাৰানীৰ গ্ৰাম বৰ্ষাণালৈ আহিছিল । তেতিয়া তেওঁক লাড়ু খুৱাই আতিথেয়তা কৰা হৈছিল । সেয়ে, সিদিনাৰ সেই আনন্দ-দিৱসৰ স্মৰণত আজিও বৰ্ষাণাত লাড়ু হোলী পালন কৰা হয় । লাড়ু হোলীত লাড়ু খোৱাৰ উপৰিও এজনে আনজনক লক্ষ্য কৰি লাড়ু দলিওৱাৰ প্ৰথা বৰ্তমান,  যি লাড়ু হোলীলৈ পৰ্যবসিত হয় । সঁচাকৈয়ে, এনেকুৱা মধুৰ আনন্দময় লাড়ু উৎসৱ হয়তো বা ভাৰতভূমিতেই হে সম্ভৱ । পিছদিনাখন অৰ্থাৎ বসন্ত পঞ্চমী তিথিত বৰ্ষাণাত পালিত হয় “লঠমাৰ হোলী”—অৰ্থাৎ লাঠিৰে কোবোৱা হোলী । বৰ অদ্ভূত এই লঠমাৰ হোলী । যদি পৰিস্থিতি এনেকুৱা হয় যে পুৰুষসকল কোনো বিশেষ কামত গাঁৱত নাই আৰু হঠাৎ কংসৰ অত্যাচাৰী সৈন্য‌ বৰ্ষাণালৈ আহে তেতিয়া মহিলাসকলে আত্মৰক্ষা কৰিব কেনেকৈ —তাৰ আখৰা আৰম্ভ হ’ল তাত । গোপিনীসকলে লাঠিৰে কোবাই শক্তি প্ৰদৰ্শন কৰিলে আৰু লাঠিৰ কোব খালে মূৰত বালিৰ বস্তা, হাতত মাটিৰ ঢাল লৈ গোপসকল ডামি সাজি । মহিলাসকলৰ সেই লাঠিখেলা আজিও অব্যাহত হৈ পালিত হয় এই লঠমাৰ হোলীৰ দিনা । অৱশ্যে ইয়াত লাগিছে উৎসৱৰ আৱেশ, আমেজ আৰু আনন্দ । শ্ৰীকৃষ্ণ আৰু তেওঁৰ সখাসৱে জোৰ কৰি ৰং সানিছিল শ্ৰীৰাধা আৰু তেওঁৰ সখীসকলক । ছদ্ম প্ৰণয়কোপ প্ৰকাশ কৰিবলৈ উৎফুল্লিত গোপিনীসকলে হাতত তুলি লৈছিল লাঠি । সেই স্মৃতিতেই আজিও নন্দগ্ৰামৰ পৰা পুৰুষসকল ৰং সানিবলৈ আহে বৰ্ষাণাৰ মহিলাসকলক আৰু মহিলাসকলে লাঠিৰে কোবায় মূৰত বালিৰ সৰু বস্তা বন্ধা, হাতত মাটিৰ ঢালেৰে সজ্জিত পুৰুষসকলক । লাঠিৰ কোবত এজনৰ ঢাল ভাঙি গ’লে আন এজনৰ হাতৰ পৰা কাঢ়ি লৈ আত্মৰক্ষা কৰে । চৰম হাঁহি-ধেমালি, আনন্দ, উৎফুল্লতাৰ মাজেৰে এই হোলী পালিত হয় ।

বসন্ত পূৰ্ণিমাৰ শেষলগ্নৰ দিনা মূল হোলী উৎসৱ পালিত হয় । কথিত আছে, নৱ-নীৰদ-বৰণ শ্ৰীকৃষ্ণ মাতৃ যশোদাৰ পৰা জানিব বিচাৰিছিল—”ৰাধা কিঁউ গোৰী, ম্যঁয় কিঁউ কালা ?” তেতিয়া পুত্ৰক সান্ত্বনা দিবলৈ যশোদামাতাই তেওঁৰ হাতত ৰং দি কৈছিল, গৌৰবৰ্ণা ৰাধাৰ গাত ৰং সানি তেওঁকো নিজৰ দৰে একে বৰ্ণৰ কৰি লবলৈ । সবান্ধৱ শ্ৰীকৃষ্ণ‌ই লূকাই ৰং ছটিয়াই দিলে ৰাধা আৰু তেওঁৰ সখীসকলক লক্ষ্য কৰি । গোপীসকলেও নো কিয় হাত সাৱটি বহি থাকিব ? তেওঁলোকেও কলহত বোকা-মাটি সানি তৎক্ষণাৎ ঢালি দিলে কানু আৰু তেওঁৰ গোপসখাসকলৰ মূৰত । লগে লগে সনা-পোটোকা, হতাহতি, হাঁহি-ধেমালি, আনন্দৰ বন্যা । সেই চাৰে পাঁচহাজাৰ বছৰৰ আগতেই ৰং দিয়া-নিয়াৰ খেলাৰ আৰম্ভনি । আবিৰ, ৰং, গুলাল, ফাকুৰ স্নানত সমগ্ৰ বৃন্দাবন ৰাঙলী হৈ উঠে প্ৰতি বছৰে এই সময়ত । ৰং তো নহয়, যেন হাতভৰ্তি মুঠি মুঠি ভালপোৱা অৰ্পিত হয় এজনৰ আনজনৰ প্ৰতি ।

“ফাগু খেলিতে ফাগু উঠিল গগনে ।
বৃন্দাবনের তরুলতা রাতুল চরণে ।”

এই ফাল্গুনী পূৰ্ণিমাতেই ১৪৮৬ খ্ৰীষ্টাব্দৰ ২৭ ফেব্ৰুৱাৰীত শ্ৰীগৌৰাঙ্গ মহাপ্ৰভুৰ মৰ্তধামত আৱিৰ্ভাৱ হৈছিল । বৈষ্ণৱমতে তেওঁৱেই শ্ৰীৰাধাকৃষ্ণৰ মিলিত তনু । গতিকে সকলো মিলাই ফাল্গুনী পূৰ্ণিমা এক বিশেষ মাহাত্ম্যপূৰ্ণ মধুময় তিথি ভাৰতৰ ইতিহাসত । বৰ্ণ বিদ্বেষক যেন এক লহমাত ধূলিস্যাৎ কৰি দিয়াৰ দ্যোতক এই হোলী উৎসৱ । এয়া মহামানৱৰ, মহামিলনৰ, মহা আনন্দৰ এক উৎসৱ ।