পৰিয়াল আৰু সমাজৰ প্ৰগতিত  নাৰীৰ ভূমিকা – ৰশ্মি ৰেখা দুৱৰা

পৰিয়াল আৰু সমাজৰ প্ৰগতিত  নাৰীৰ ভূমিকা

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

     মানৱজাতিৰ সৃষ্টিৰ মূল শিপাডালেই হৈছে নাৰী।নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন।নাৰীয়ে সৰ্বেসৰ্বা।সমাজৰ প্ৰগতিত নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ।এগৰাকী নাৰী কাৰোবাৰ জী,কাৰোবাৰ অৰ্ধাঙ্গিনী,কাৰোবাৰ বাই-ভনী,কাৰোবাৰ মাতৃ।নাৰীগৰাকীয়ে পৰিয়ালৰ স্থিতিস্থাপকতা।শিক্ষা,স্বাস্থ্য আদি সকলো দিশতে নাৰীৰ অৱদান অপৰিসীম।নাৰীৰ সিদ্ধান্তৰ ফলতেই সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতিষ্ঠা হয়।নাৰী আৰু পুৰুষৰ মাজত কোনো পাৰ্থক্য নাই বুলি কোৱা হয় যদিও নাৰীয়ে বহু ক্ষেত্ৰত পিছহুহুকিব লগীয়া হোৱা দেখা যায়।নাৰীয়ে এইটো নাপায়,সেইটো নালাগে, এনে প্ৰশ্নৰ বাৰে বাৰে মুখামুখি হ’বলগা হয়।সময়ৰ আহ্বানত কিছু নাৰীয়ে বান্ধোনৰ পৰা মুক্ত হৈছে,আৰু কিছু নাৰীয়ে এতিয়াও ভৰিত এডাল শিকলি পিন্ধিয়েই দিন কটাবলগীয়া হৈছে।

নাৰী অবিহনে যিহেতু পুৰুষ অসম্পূৰ্ণ।ঠিক তেনেকৈ এগৰাকী নাৰী অবিহনে পৰিয়াল অসম্পূৰ্ণ।নাৰীগৰাকীয়েহে পৰিয়ালটো সুন্দৰকৈ পৰিচালনা কৰে।পুৰুষজনে যেতিয়া নিজ কৰ্মত ব্যস্ত থাকিবলগীয়া হয়,সম্পূৰ্ণ পৰিয়ালৰ দায়িত্ব নাৰীয়ে পালন কৰে।সন্তানৰ প্ৰতি প্ৰত্যেকটো দিশতে গুৰুত্ব দিবলগীয়া হয়।নাৰীক আমি সদায় সন্মান কৰা উচিত।কিছুমান সমাজত পুত্ৰ সন্তানক শিক্ষা-দীক্ষাই সকলোফালে আগবঢ়াই নিব খোজে।কিন্তু কন্যা সন্তানক সেই ক্ষেত্ৰত কৃপণালি কৰা দেখা যায়।কন্যা সন্তানক শিক্ষিত কৰি তুলিলেহে আমি বেছি লাভবান হ’ব পাৰিম।এজন পুত্ৰ শিক্ষিত হ’লে এখন ঘৰ শিক্ষিত হয়,আৰু কন্যা শিক্ষিত হ’লে দুখন ঘৰ শিক্ষিত হয়।জন্ম ঘৰখনৰ লগতে স্বামীৰ ঘৰখনো। এই কথাষাৰ আমি বুজা উচিত।নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক,মানসিক আৰু সামাজিক স্বাস্থ্যৰ লগতে সাংস্কৃতিক পৰম্পৰা বজাই ৰখাত প্ৰধান ভূমিকা পালন কৰে।নাৰীক যদি আমি স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰোঁ পৰিয়ালৰ আৰ্থিক সমস্যা বৃদ্ধি হোৱাত সহায় হ’ব।

সমাজৰ প্ৰগতিত এগৰাকী নাৰীৰ ভূমিকা অতুলনীয়।নাৰী শিক্ষা আৰু সশক্তিকৰণে সমাজত লিংগ বৈষম্য আঁতৰাই এক ন্যায়িকভিত্তিক সমাজ গঢ়ি তুলিব পাৰে।পুৰুষৰ সমকক্ষ হৈ নাৰীয়ে শিক্ষা-দীক্ষাই আগবাঢ়ি পৰিয়াল পৰিচালনা কৰাৰ লগতে কৰ্মক্ষেত্ৰতো যদি যোগদান কৰে পৰিয়ালটোৰ অৰ্থনৈতিক বিকাশ হোৱাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব।সাংস্কৃতিক দিশতো নাৰীৰ ভূমিকা যথেষ্ট।পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰটো নাৰীয়ে ভূমিকা পালন কৰি আহিছে।ৰাজনৈতিক দিশতো নাৰী পিছপৰি ৰোৱা নাই।ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীৰ অংশগ্ৰহণে সামাজিক উন্নয়নত সহায় কৰে।

নাৰী শিক্ষাত প্ৰাধান্য দিলেহে জগতখন সৰ্বাংগসুন্দৰ হ’ব।নাৰী সৃষ্টিকাৰী,জীৱনদায়িনী।অশিক্ষিত নাৰী সকলকো শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে উপকৃত হ’ব।দেখিবলৈ পোৱা যায় যে নাৰী কতো সুৰক্ষিত নহয়,নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ আৰু নাৰী সুৰক্ষাৰ বাবে এখন শক্তিশালী আইন প্ৰণয়ন কৰা উচিত।পুৰুষক যেনেদৰে সন্মান,মৰ্যাদা দিওঁ নাৰীকো সন্মান দিয়া উচিত।বৰ্তমান সময়ত নাৰীয়ে সকলো ক্ষেত্ৰত আগুৱাই গৈছে।নাৰীক এখোজ তললৈ নমাই আনিবলৈ চেষ্টা কৰাতকৈ এখোজ আগুৱাই দিয়াটোৱেই আমাৰ কৰ্তব্য।এগৰাকী পত্নীয়ে স্বামীক সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিব পৰা ক্ষমতা হাতৰ মুঠিত থাকে।মাথোঁ বিশ্বাস,বুজা-বুজি, অনুপ্ৰেৰণা,মৰম,দয়া,আৰু ধৈৰ্যৰ প্ৰয়োজন।সেয়েহে কোৱা হয় নাৰী ধ্বংসৰ কাৰক নহয়,নাৰী সৃষ্টিৰ বীজ।