অম্বিকাপুৰত ষষ্ঠ অসম আৰক্ষীৰ কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

অম্বিকাপুৰত ষষ্ঠ অসম আৰক্ষীৰ কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিচুকীয়া জিলাৰ অম্বিকাপুৰত ষষ্ঠ অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পৰাই তেওঁ আভাসীয়ভাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আভাসীয়ভাবে ১০.৩৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চপাখোৱাত অৱস্থিত শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু ৫১.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হাস্পতাল চাৰিআলি-টুপাছিঙা ঘাট সংযোগী এখন আৰ চি চি দলং উদ্বোধন কৰে। তেওঁ লগতে কাকপথাৰত ২৫.৪৯ কোটিৰো অধিক টকা ব্যয়েৰে বহুমুখী ইনড’ৰ ষ্টেডিয়াম কমপ্লেক্স নির্মাণ, চপাখোৱাত ১০.৮৯ কোটিৰো অধিক টকা ব্যয়েৰে বীৰ লাচিত ষ্টেডিয়াম কমপ্লেক্সৰ উন্নয়ন, ভূপেন হাজৰিকা সেতুৰ সমীপত ৮.০৪ কোটি টকা ব্যয়েৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিমূর্তি আৰু উদ্যান নির্মাণ, তিনিচুকীয়াৰ ডাঙৰীত থকা খ্রীং খ্রীং বাইথ’ মন্দিৰৰ ২৫.২১ কোটিৰো অধিক টকাৰে আন্তঃগাঁথনি উন্নয়ন, ১.৮৯ কোটি টকা ব্যয়েৰে সীমান্ত টেঙাপানী এলেকাত বৈদ্যুতিকৰণৰ বাবে ১১ কে ভি পাৱাৰ লাইন স্থাপন, ইছলামপুৰত ঢলা-শদিয়া দলং সংযোগী পথৰ শেষ অংশৰ পৰা অসম-অৰুণাচল প্রদেশ সীমান্ত চকীলৈ পথচোৱা ৫০.৪৩ কোটি টকা ব্যয়েৰে উন্নীতকৰণ আৰু অসম মালা ৩.০ৰ অধীনত ৩৩.৭৪ কোটি টকা ব্যয়েৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকপথাৰৰ পৰা বৰালী গাঁও হৈ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙৰীলৈ পথটোৰ উন্নীতকৰণৰ শিলান্যাস কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ২০২১ চনত চৰকাৰ গঠনৰ পিছত ৰাজ্যত ৫টা নতুন কমাণ্ডো বাহিনী গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। সেই সময়লৈ ৰাজ্যত কেৱল এটা কমান্ডো বাহিনী আছিল। দেশৰ নিৰাপত্তা, অসমৰ সুৰক্ষাৰ প্ৰতি থকা বিভিন্ন ভাবুকি আৰু সীমান্ত অঞ্চলত অৱস্থিতিৰ দৃষ্টিৰে হাইলাকান্দিৰ ডামচেৰা, কাৰ্বি আংলঙৰ দলদলি, শিৱসাগৰৰ গেলেকী, বিশ্বনাথৰ পাভৈ আৰু তিনিচুকীয়াৰ অম্বিকাপুৰত কমাণ্ডো বাহিনীকেইটাৰ মুখ্য কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। বিগত বৰ্ষৰ ৪ অক্টোবৰত বিশ্বনাথৰ পাভৈত পঞ্চম অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৩৩১ বিঘা ভূমিত ১৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয়ত ৪০০ গৰাকী কমাণ্ডো থাকিব পৰাৰ ব্যৱস্থা ৰখা হৈছে। কমাণ্ডেণ্টৰ বাবে তিনি মহলীয়া আধুনিক কার্যালয় ভৱন, অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰু নিৰীক্ষণ টাৱাৰ, ২৫৪ গৰাকী কমাণ্ডো থাকিব পৰা আধুনিক বেৰেক, আন বিভিন্ন পদবীৰ বিষয়া-কৰ্মচাৰীৰ বাবে ১৪৯ টা আৱাসিক কোৱাৰ্টাৰো চৌহদটোত নিৰ্মাণ কৰা হৈছে। তদুপৰি চৌহদটোত গেলেৰীসহ পেৰেড গ্রাউণ্ড, শুটিং বেঞ্জ, ড্রিল শ্বেডৰ ব্যৱস্থা, কম্পিউটাৰ লেবসহ শ্ৰেণীকোঠা, ১০খন বিচনাযুক্ত চিকিৎসালয়, প্রাথমিক বিদ্যালয়, এ টি এম, নামঘৰ আদিও স্থাপন কৰা হৈছে। অসমৰ দৰে এখন ৰাজ্যত ছটাকৈ কমাণ্ডো বাহিনী গঠন কৰাটো এটা গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডিফুত স্থাপন কৰা কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয়টো উদ্বোধনৰ বাবে সাজু হৈ আছে। আন তিনিটা বাহিনীৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ কামো আগবাঢ়িছে। তেওঁ কয় যে শদিয়াত স্থাপন কৰা কমাণ্ডো বাহিনীটোৱে অসম-অৰুণাচল সীমান্ত অঞ্চলত এক নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰিব আৰু ইয়াত থকা ভূমিত অসম আৰক্ষীৰ বাবে উন্নতমানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। বেটেলিয়নটোক কেন্দ্ৰ কৰি অম্বিকাপুৰৰ আৰ্থ-সামাজিক বিকাশ হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়।  তেওঁ কয় যে অম্বিকাপুৰত কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যলয় স্থাপনে শদিয়াৰ যুৱক-যুৱতীক অসম আৰক্ষীত যোগদানৰ বাবে অনুপ্রাণিত কৰিব আৰু চৰকাৰেও এই বাহিনীৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীক অসম আৰক্ষীত অন্তর্ভুক্ত হোৱাৰ বাবে সাজু কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকন পুলিচ একাডেমী, অসম আৰক্ষী সেৱা প’ৰ্টেল, বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ আদি বিভিন্ন ধৰণে অসম আৰক্ষীয়ে পেছাগত গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। অসম আৰক্ষী দেশৰ ভিতৰতে এটা অন্যতম আৰক্ষী বাহিনীলৈ ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে অসমত বিগত ৫ বছৰত পঞ্জীকৃত গোচৰৰ সংখ্যা ১.৩৩ লাখৰ পৰা ৩৭ হাজাৰলৈ হ্রাস পাইছে, নিষ্পত্তি নোহোৱা গোচৰ ১.৩৪ লাখৰ পৰা ১১ হাজাৰলৈ কমিছে। অসম আৰক্ষীৰ পাৰদৰ্শিতাৰ বাবে গোৱা, মণিপুৰৰ দৰে ৰাজ্যই লাচিত বৰফুকন পুলিচ একাডেমীলৈ তেওঁলোকৰ আৰক্ষীক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছে।

অনাগত দিনতো অসম আৰক্ষীয়ে নিজৰ সুনাম অক্ষুণ্ণ ৰাখি ৰাইজক নিৰাপত্তা প্রদান আৰু অপৰাধ সম্পৰ্কীয় গোচৰৰ ক্ষিপ্ৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি তেওঁ মন্তব্য কৰে। আভাসীয়ভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভবন উদ্বোধন কৰা হৈছে। পূর্বতে বিধায়ক বা সাংসদ পুঁজিৰ পৰা আগবঢ়োৱা ২-৫ লাখ টকা বা সর্বশিক্ষা অভিযানে আগবঢ়োৱা ৫-৬ লাখ টকাৰে বিদ্যালয়ৰ মেৰামতি বা নিৰ্মাণ হৈছিল। কিন্তু বৰ্তমান চৰকাৰে ৬-১০ কোটি টকাৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনসমূহ নিৰ্মাণৰ পদক্ষেপ লৈছে। ইতিমধ্যে ৰাজ্যত ৫০০ৰো অধিক বিদ্যালয় এনেদৰে নির্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনত শদিয়াৰ প্ৰতিখন প্রাদেশিকৃত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ৬-১০ কোটি টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে বিগত ৫টা বছৰত অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, নিখুঁত মইনা, নিখুঁত বাবু, বিনামূলীয়া চাউল, ১০০ টকাতে এক কিলোকৈ দাইল, চেনি আৰু নিমখ যোগান, ১ লাখ ৬০ হেজাৰ যুৱক-যুৱতীক নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে চৰকাৰী চাকৰিত নিযুক্তি, পথ-দলঙৰ উন্নয়ন, খিলঞ্জীয়াক ভূমি পট্টা প্রদান আদি পদক্ষেপৰ জৰিয়তে প্রতিটো অঞ্চল, প্রতিখন গাঁৱক স্পৰ্শ কৰি উন্নয়নৰ যজ্ঞ অব্যাহত আছে। তেওঁ কয় যে সকলোৱে কৰা পৰিশ্ৰমৰ ফলত এখন বিকশিত আৰু সকলো দিশৰ পৰা সুৰক্ষিত অসম সম্ভৱ হৈছে। এই পৰিৱেশ আগলৈও অব্যাহত থাকিলে অসম দেশৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ হ’ব। মুখ্যমন্ত্ৰীয়ে বাহিনীটোৰ মুখ্য কাৰ্যালয় চৌহদৰ খালী ভূমিত বৃক্ষৰোপণৰ লগতে নুমলীগড় শোধনাগাৰক যোগান ধৰিব পৰাকৈ বাঁহৰ খেতি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ প্রদান বৰুৱা, বিধায়ক বলিন চেতিয়া, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিং, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।