শিক্ষক বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ দাবী: ডিব্ৰুগড়ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত সভা অনুষ্ঠিত
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্রুগড়ত সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন হৈ যায়।ডিব্ৰুগড়ৰ লাহোৱাল ব্ল’ক সমিতিৰ আতিথ্যত “সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজ”, ডিব্ৰুগড় জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা ডিব্ৰুগড় সদৰস্থিত “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি লক্ষীপ্ৰসাদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত এটি সমবেত সংগীত পৰিৱেশনৰে শুভাৰম্ভ হোৱা সভাখনিত সংগঠনৰ বৰ্তমানৰ সাংগঠনিক স্থিতি, সমস্যাসমূহ আৰু আগন্তক কর্মপৰিকল্পনা সন্দৰ্ভত বিশদভাৱে অৱগত কৰি উদেশ্যে ব্যাখ্যা আগবঢায় জিলা সমিতিৰ সম্পাদক দ্বীপজ্যোতি লাহনে। জিলা সমিতিৰ উপ সভাপতি ভৱেন খনিকৰে আঁত ধৰা সভাখনিত কেন্দ্রীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক চৈতন্য কোঁৱৰে সংগঠনৰ ঐক্যতা, শিক্ষকসকলৰ দৃঢ় সংকল্প আৰু স্থিতিৰ সম্পৰ্ক তথা সৰ্বশিক্ষাত কৰ্মৰত প্ৰতিজন শিক্ষকে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ পোৱাৰ দাবীৰে কেন্দ্ৰীয় সমিতিৰ দৃষ্টিভংগী ব্যাখা কৰে। সভাত বিশিষ্ট অতিথি তথা নির্দিষ্ট বক্তাৰূপে উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পার্থ প্রতীম গগৈয়ে সর্বশিক্ষাত কৰ্মৰত শিক্ষকসকলৰ নাৰ্য প্ৰাপ্যসমূহৰ বৰ্তমানৰ স্থিতি আৰু সংশ্লিষ্ট প্রশাসনিক বিষয়সমূহৰ সন্দৰ্ভত বিশদভাৱে অৱগত কৰে আৰু বহুমূলীয়া বক্তব্য আগবঢ়ায়। সভাত জিলাখনৰ দুগৰাকী শিক্ষাগুৰুৰ সন্তানক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সফলতাৰ বাবে জিলা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কেন্দ্রীয় প্ৰচাৰ সম্পাদক চন্দ্ৰ নেওগ, কেন্দ্রীয় সাংস্কৃতিক সম্পাদিকা সান্তনা বৰা, জিলা সমিতিৰ উপদেষ্টাক্রমে উমেশ মহন, ব্রহ্মানন্দ বৰুৱা আদিকে ধৰি জিলাখনৰ ছয়টা ব্লকৰ প্ৰায় পাঁচ শতাধিক শিক্ষক উপস্থিত থকা সভাখনিৰ অন্তত বৰ্তমানৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰি বিনাচতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ আৰু সৰ্বশিক্ষাত কৰ্মৰত প্ৰতিজন শিক্ষকৰ নাৰ্যপ্ৰাপ্যৰ ক্ষেত্ৰত আপোচবিহীন ভাৱে আগন্তুক কাৰ্যপন্থাৰ সন্দৰ্ভত বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উদ্যোক্তা জিলা সমিতিৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়োৱা হয় আৰু সভাপতিৰ মন্তব্যত সংগঠনৰ প্ৰাপ্য অধিকাৰ, বৰ্তমানৰ সাংগঠনিক স্থিতি, ভৱিষ্যৎ কার্যপন্থা আৰু বিভিন্ন সমস্যা-সমাধান বিষয়ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণত শিক্ষকসকলৰ অবিচ্ছিন্ন সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উপস্থিত শিক্ষাগুৰুসকলৰ সংগঠনৰ সৰ্বাংগীন উন্নয়ন আৰু সদস্যসকলৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ বাবে আজিৰ সভাই প্রতিশ্রুতি ব্যক্ত কৰে।
