আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি – খুৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বাবে
অঞ্জু শাণ্ডিল্য
আমাৰ খুৰাৰ সহপাঠী আছিল বাবে মানুহ গৰাকীক খুৰা সম্বোধন কৰিছিলো ।গুৱাহাটীৰ পাঞ্জাবাৰীৰ অৰূপ বৰঠাকুৰৰ ঘৰত প্ৰথম বাৰ মানুহ গৰাকীক লগ পোৱাৰ সৌভাগ্য ঘটিছিল ।আমি যোৰহাটৰ জীয়ৰী বুলি গম পাই উৎফুল্লিত হৈ কৈছিল, “অ’ আমি যোৰহাটৰ মানুহ! মোৰ ঘৰ যোৰহাটৰ বালিগাৱত আৰু তোমাৰ? ” উত্তৰত কৈছিলো, “পশ্চিম যোৰহাটৰ ঢাপকটা বৰসত্ৰত।” মোৰ কথা শুনি দুগুণ উৎসাহিত হৈ কৈছিল,”মস্ত যে ,মস্তৰ লগত জেবি কলেজত একে লগে পঢ়িছিলোঁ ।মস্ত কোন চিনি পোৱানে?”এইবাৰ আমি উৎফুল্লিত হৈ কৈছিলো, “পাও পাও, তেখেত আমাৰ খুৰা।আমি ম ইনা দাইতি বুলি মাতিছিলো।” তাৰ পিছত দেউতাৰ কথা সুধিছিল,দেউতাই তিতাবৰৰ ৰঙাজান চাহ বাগিচাত চাকৰি কৰিছিল বুলি জানিবলৈ পাই তেখেতৰ মুখৰ ৰঙ আনন্দত উজ্জ্বল হৈ পৰিছিল ।কৈছিল, “আমাৰ দেউতাই ৰঙাজান চাহ বাগিচাৰ শাখা খৰিকটীয়া চাহ বাগিচাত চাকৰি কৰিছিল ।মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেউতাকৰ লগত বৰ ভাল বন্ধুত্ব আছিল।দুয়ো আমাৰ কোৱাটাৰৰ সন্মুখত থকা টেনিছ কৰ্টত টেনিছ খেলিছিল ।আমি মানে তৰুণ গগৈ,পদুম গগৈয়ে টেনিছ কৰ্টৰ বাহিৰৰ পৰা বল দলিয়াই দিছিলো ।আৰু বহুত কথা আছে!পিছত আকৌ লগ পালে কম।” তাৰ পিছত কেতিয়াবা কেতিয়াবা মানুহ গৰাকীক লগ পাইছিলো ।বিভিন্ন সময়ত বিভিন্ন কথা কৈছিল ।আমি ২০০৫চনৰ পৰা সংবাদ পত্ৰত লেখা -মেলা কৰিবলৈ লোৱাত তেখেতে দিহা,পৰামৰ্শ দি সহায় কৰিছিল ।আৰু তৰুণ গগৈৰ মৃত্যু হোৱাৰ বাবে তেখেত শোকত ভাগি পৰিছিল ।তৰুণ গগৈদেৱৰ জীৱন ভিত্তিক উপন্যাস ‘পোণাকণ’ লিখোতে তেখেতে কিছু তথ্য দিছিল ।তাৰ পিছতো মানুহ গৰাকীৰ লগত সঘনাই যোগাযোগ ঘটিছিল ।কেতিয়াবা একেদিনাই বেলেগ বেলেগ কাকতত মোৰ আৰু তেখেতৰ লেখা প্ৰকাশ হৈছিল ।লেখাৰ বিষয়বস্তু একে আছিল!অথচ আমি ইজনে সিজনৰ লগত সেই বিশয়ে কথাই পতা নাছিলো! তেখেতে ফোন কৰি কৈছিল, “অঞ্জু ,কি আচৰিত! আজি তুমি ,ময়ে একেটাই বিশয়ত লিখিছো!তোমাৰ -মোৰ প্ৰতিবাদৰ ভাষাও একে! আমি যে যোৰহটীয়া,সেইকাৰণে চাগে ।” এনেকৈ আৰু কথা কবলৈ মানুহ গৰাকী নাই! যোৱা দেওবাৰে (২২ফেব্ৰুৱাৰীত)মৃত্যু ঘটিল ।শোকত ডুবি থকা পৰিয়ালৰ বাবে সমবেদনা জনাইছো আৰু আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি জনাইছো ।তেখেত আন কোনো নহয়, প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী।তেখেত যতেই আছে শান্তিত থাকক।ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
