ছুপাৰ এইটত আজি জিম্বাব’ৱেৰে বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি-২০ বিশ্বকাপত আজি মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব। আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি সন্ধিয়া ৭ বজাৰ পৰা চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ছুপাৰ এইটৰ মৰণপণ যুঁজখনত ঘৰুৱা দল টীম ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী হ’ল জিম্বাব’ৱে। আজিৰ মেচখনত পৰাজয় মানে টীম ইণ্ডিয়াৰ প্রতিযোগিতাখনৰ পৰা বিদায় প্রায় নিশ্চিত হৈ পৰিব। প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি তুলিবলৈ হ’লে ভাৰতীয় দলটোৰ বাবে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰাটো যথেষ্ট নহয়। জিম্বাব’ৱেক বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰিব পাৰিলেহে অন্তিম চাৰিত প্ৰৱেশৰ আশা সজীৱ হ’ব সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৰ। আজিৰ বিজয় অপৰিহাৰ্য মেচখনত ভাৰতে অতি কমেও ১০০ ৰানৰ ব্যৱধানত জয়লাভ কৰিব লাগিব। সেয়েহে ভাৰতীয় দলটোৱে আজিৰ মেচখনক অতি গুৰুত্বসহকাৰে লৈছে। শক্তিশালী দল গঠন কৰি মেচখনত অৱতীৰ্ণ হ’ব সূর্যকুমাৰ বাহিনীয়ে। মূল একাদশলৈ প্ৰত্যাৱৰ্তন ঘটিব সঞ্জু ছেমছনৰ লগতে অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ। ছুপাৰ এইটৰ প্রথমখন মেচত অক্ষৰ পেটেলক বাদ দিয়াত সমালোচনাৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই অৱশ্যে অ’পেনিং যুটিত সালসলনি নকৰাৰ ইংগিত দিছে। প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ এতিয়ালৈকে সফল অ’পেনাৰ হিচাপে চিহ্নিত হোৱা ঈশান কিশনৰ সৈতে অভিষেক শর্মাই ইনিংছ মুকলি কৰিব বুলি ইংগিত দি অধিনায়ক সূৰ্য কুমাৰ যাদৱে কয় যে, মধ্যমক্রমত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। তিলক বার্মা কাইলৈৰ মেচত বাদ পৰাৰ সম্ভাৱনা আছে। তেওঁৰ স্থানত সঞ্জু ছেমছনে সুযোগ পাব পাৰে বুলি ব্যক্ত কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে মিডল অর্ডাৰত খেলৰ অভিজ্ঞতা আছে সঞ্জুৰ। স্পিন এটেকৰ বিৰুদ্ধেও সঞ্জুৰ টেকনিকো ভাল। ইফালে, আজিৰ মৰণপণ যুঁজৰ মেচখনত হয়তো ৰিংকুক বাদ দিয়া হ’ব আৰু তেওঁৰ স্থানত অলৰাউণ্ডাৰ অক্ষৰ পেটেলক অন্তর্ভুক্ত কৰাৰ চিন্তা-চৰ্চা কৰিছে দলীয় মেনেজমেন্টে। অক্ষৰৰ প্ৰত্যাৱৰ্তনে বেটিং আৰু বলিং দুয়োটা বিভাগ শক্তিশালী হ’ব।
