নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ শ্ৰীলংকা
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত টি-২০ বিশ্বকাপৰ পৰা বিদায় মাগিলে শ্রীলংকাই । শ্রীলংকাক পৰাস্ত কৰি নিউজিলেণ্ডে ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি তুলিছে। ছুপাৰ এইটত নিউজিলেণ্ডে ৩ পইন্ট অর্জন কৰি গ্ৰুপ-২ৰ পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে। ছুপাৰ এইটৰ বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মেচখনত নিউজিলেণ্ডৰ হাতত ৬১ ৰানত পৰাস্ত হয় শ্রীলংকা। ছুপাৰ এইটত ঘৰুৱা দলটোৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়। ইয়াৰ পূৰ্বে দলটো ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল। এই মেচখনত কিৱিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১০৭ ৰানহে কৰে। দলটোৰ হৈ কামিন্দু মেণ্ডিছে সর্বাধিক ৩১ ৰান কৰে। নিউজিলেণ্ডৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অধিনায়ক মিচেল ছাণ্টনাৰৰ ২৬ বলত ৪৭, ক’ল মেককনচিৰ ২৩ বলত অপৰাজিত ৩১, ৰাচিন ৰবীন্দ্ৰৰ ৩২, ফিন এলেনৰ ২৭ আৰু গ্লেন ফিলিপছৰ ১৮ ৰানৰ সহায়ত নিউজিলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰে।
