ৰঙৰ উৎসৱ দৌল – নমিতা দাস

Pc- অসমীয়া ৱিকিপিডিয়া-Wikipedia

ৰঙৰ উৎসৱ দৌল

নমিতা দাস,শুৱালকুছি

ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী
দুহাত ফাল্গূল- গুণ্ডা সিঞ্চন্ত মুৰাৰী।।

ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰিয়ে সমগ্ৰ ভাৰততে ৰঙৰ উৎসৱ দৌল উৎযাপন কৰা হয় । হোলী বা দৌল ভাৰতত পবিত্ৰ উৎসৱ হিচাবে পৰিগনিত হৈছে। এই উৎসৱ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সঠিককৈ ক’ব পৰা নাযায় যদিও উত্তৰ ভাৰতৰ মথুৰা ,বৃন্দাবন আদিকে ধৰি ভাৰতৰ বিভিন্ন স্থানত দৌল উৎসৱ অতি উলহ-মালহ, আড়ম্বৰপূৰ্ণ ভাবে উৎযাপন কৰা হয় । ৰঙৰ উৎসৱ হোলী বা দৌল ভাৰতবৰ্ষৰ হিন্দু সকলৰ পৰম্পৰাগত পবিত্ৰ উৎসৱ ।এই উৎসৱ জাতি- উপজাতিৰ ওপৰিও শাক্ত ,বৈষ্ণৱ, বৌদ্ধ, জৈন আদি সকলো ধৰ্মালম্বী লোকে একেলগে অংশ লৈ আনন্দ স্ফূৰ্ত্তি কৰে । মুঠতে এই উৎসৱ প্ৰতি গৰাকী লোকে পালন কৰে । ইছলাম বা খৃষ্টান ধৰ্মী লোক সকলেও এই উৎসৱ পালন কৰা দেখা যায় । এই উৎসৱ ভাৰতৰ এক সমন্বয়ৰ প্ৰতীক বুলি কব পৰা যায় ।

এই দৌল বা ফাকুৱা উৎসৱ বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপী সকলৰ মাজৰ পৰা আৰম্ভ হৈছিল শৰৎ কালৰ পূৰ্ণিমা ৰাতি যেতিয়া বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰে গোপী সকলক মুগ্ধ কৰিছিল তেতিয়া গোপী সকলে ঘৰৰ কাম -বন এৰি বৃন্দাবনলৈ ধাপলি মেলিছিল মধ্যৰাতি শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰে শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰাৰ উদ্দেশ্যে বৃন্দাবনত ৰাসক্ৰীড়া কৰিছিল আৰু সেই ৰাসক্ৰীড়াতেই কৃষ্ণই গোপী সকলৰ গালে মুখে ৰং সানি ফাকুগুৰি চতিয়াই গোপীসকলক ৰঙেৰে ৰাঙলী কৰিছিল । গোপী সকলেও উভতাই শ্ৰীকৃষ্ণৰ গাত ফাকুগুৰি ঘহি দি ফাকুৱা খেল খেলিছিল ।সেই সময়ত গোপী সকল আৰু কৃষ্ণৰ মাজত এক প্ৰেমৰ ৰস স্থাপন হৈছিল এই প্ৰেম আছিল আধ্যাত্মিক প্ৰেম তাত কোনো কলুষতা বা স্বাৰ্থ নাছিল আত্মাৰ লগত পৰমাত্মাৰ মিলন আছিল সেই প্ৰেমত । সেই তেতিয়াইৰ পৰাই ফাকু খেলৰ আৰম্ভনি বুলি দৌল উৎসৱৰ কিংবদন্তী উদাহৰণ পোৱা যায় ।

প্ৰাক্ শঙ্কৰী যুগত অসমত দৌল উৎসৱ পালন কৰা হৈছিল নে নাই সেই বিষয়ে সবিশেষ জনা নাযায় যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল উৎসৱ পোন প্ৰথমে পালন কৰিছিল। ৰামচৰণ ঠাকুৰৰ মতে শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই একৈশ বছৰ বয়সত বৰদোৱাত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পালন কৰিছিল বুলি উল্লেখ পোৱা যায় । অসমৰ সত্ৰ সমুহত কেতিয়াৰ পৰা দৌল উৎসৱ পালন কৰা হয় সেইটো ঠিৰাং কৈ কোৱা টান যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য মাধৱ দেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাই বৰপেটা সত্ৰত দৌল উৎসবৰ পাতনী মেলে। সময় অতিবাহিত হোৱাৰ লগে লগে আন সত্ৰ সমুহতো দৌল উৎসৱ উৎযাপন কৰা হয় । ফাগুন মাহত হোৱা দেউলক “ডেকা দেউল” বুলি কোৱা হয় ।ডেকা দেউল তিনিৰ পৰা পাছ দিন ধৰি অনুষ্ঠিত কৰা হয় । চ’ত মাহৰ হোৱা দেউলক “বুঢ়া -দেউল” বুলি কোৱা হয় । বুঢ়া- দেউল দুই দিনৰ পৰা তিনি দিন ধৰি পালন কৰা হয় । দেউলৰ প্ৰথম দিনাই অৰ্থাৎ পূৰ্ণিমাৰ আগৰ দিনা গন্ধ পিছৰ দুদিন “বৰ দেউল”আৰু শেষৰ দিনা ফাকুৱা বা ফাল্গূউৎসৱ বা “সুৱৰি বা সৰি”।গন্ধৰ দিনা গধূলী ভগৱান বা গোবিন্দ প্ৰভুক নতুবা কীৰ্ত্তনঘৰৰ ভিতৰত থকা সিংহাসনৰ কাষত স্থাপিত গুৰু আসন খন ধৰ্মিয় ৰীতি-নীতিৰে নাম প্ৰসঙ্গ কৰি কীৰ্ত্তন ঘৰৰ চোতাললৈ উলিয়াই আনি মেজিৰ জুইৰ চাৰিওফালে সাত পাক ঘূৰাই নাম- প্ৰসঙ্গৰে দৌলত স্থাপন কৰা হয় । এই দৌল মণ্ডপৰ চাৰিখন দুৱাৰ চাৰি যুগৰ আৰু সাতটা খলপ সপ্ত বৈকুণ্ঠৰ প্ৰতিক ৰূপে ধৰা হয় ।

এই উৎসৱক বিভিন্ন নামেৰে জনা যায় ,ফাকুৱা, হোলী, দৌল উৎসৱ ,ফাল্গূ উৎসৱ ,ফাগুৱা, মদনোৎসৱ, ফাকু, আদি বিভিন্ন নামেৰে জনা যায়। হোলী উৎসৱ বা ফাকুৱা উৎসৱ হৈছে ৰঙৰ উৎসৱ । ফাগুনৰ গছবনে বসন্তক আদৰাৰ সময় গছৰ পুৰঠ পকা পাত বোৰে বিদায় মাগি গছ-বিৰিখ লঠঙা হ’বলৈ ধৰে চাৰিও ফালৰ আকাশ বতাহ শুকান হৈ পছোৱা বতাহ জাকে ধূলিয়ৰীত শুকান পাতৰ নাচোনত ককাল ভাগে ।ধূলিৰ ধূষৰিত বায়ু-পানী বতাহে পলাশ, শিমলু ,মদাৰেৰে ৰঞ্জিত কৰি আকাশে বতাহে প্ৰেমৰ জোৱাৰ আনে কুলি-কেতেকীৰ হিয়া ভঙা বিননী, চিনা অচিনা চৰাই জাকৰ কিৰিলিত প্ৰাণ চঞ্চলা হৈ উঠে প্ৰকৃতিয়েও এই ৰঙৰ উৎসৱ হোলী বা দৌলৰ বতৰা দিয়ে । ভাৰতবৰ্ষৰ হিন্দু সকলৰ পৰম্পৰাগত পবিত্ৰ উৎসৱ । এই উৎসৱ জাতি- উপজাতিৰ ওপৰিও শাক্ত ,বৈষ্ণৱ, বৌদ্ধ, জৈন আদি সকলো ধৰ্মালম্বী লোকে একেলগে অংশ লৈ আনন্দ স্ফূৰ্ত্তি কৰে । মুঠতে এই উৎসৱ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰিলেও প্ৰতি গৰাকী লোকে ৰঙেৰে ৰাঙলী হৈ হোলীগীত গাই ভক্তি ৰসেৰে নিমজ্জিত হৈ ৰঙেৰে মতলীয়া হয় দেহ প্ৰাণ । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পালন কৰা এই উৎসৱক ভাৰতৰ এক সমন্বয়ৰ প্ৰতীক বুলি কব পৰা যায় ।