ডিব্ৰুগড় ইউকো বেংকত পেঞ্চনাৰ দিন উদযাপন

ডিব্ৰুগড় ইউকো বেংকত পেঞ্চনাৰ দিন উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্টীয়কৃত বিত্তীয় প্ৰতিষ্ঠান ইউকো বেংকৰ যোৰহাট আঞ্চলিক ক্ষেত্ৰীয় মাণ্ডলিক শাখাৰ নিদেৰ্শনা অনুসৰি ডিব্ৰুগড় থানা চাৰি আলি শাখাত পেঞ্চনাৰ দিন উদ্‌যাপন কৰা হয়। বেংকৰ কৰ্মচাৰী, পেঞ্চনাৰ গ্ৰাহক সকলৰ মাজত এখনি সজাগতা মূলক সভা অনুষ্ঠিত হয়। সভাত এই বিশেষ দিনটোৰ তাৎপৰ্য্য দাঙি ধৰে শাখাৰ মূখ্য প্ৰবন্ধক অনুপ কুমাৰে। প্ৰবন্ধক চবনম দাস গুপ্তই আতঁধৰা সভাত পেঞ্চনাৰ সকলক বেংকৰ ফালৰ পৰা গামোছা, মিঠাই পেকেট, কেলেণ্ডাৰেৰে সন্মান জনোৱা হয়। সভাত পেঞ্চনাৰ সকলে বেংকৰ পৰা পাব লগা বহুকেইটা গুৰুত্বপূৰ্ণ আচঁনি সুবিধা সমূহৰ বিষয়ে অৱগত কৰি ইউকো’ বেংকে ডিজাইন কৰা “আশা পেঞ্চনা”ৰ আচঁনিখনৰ ওপৰত আলোচনা কৰি এই আচঁনিত বিশেষ সঞ্চয় একাউণ্টৰ পৰা- অৱসৰৰ সময়ত আৰ্থিক সুৰক্ষা আৰু সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও পেঞ্চনাৰ সকলে বিনামূলীয়া ৰূপে কাৰ্ড, চেলেক্ট ডেবিট কাৰ্ড, এন ই এফ টি/ আৰ টি জি এছ/ ডি ডিৰ ওপৰত শূন্য চাৰ্জ, পেঞ্চন অভাৰড্ৰাফ্টৰ সুবিধা, ব্যক্তিগত দুৰ্ঘটনা বীমা, আৰু এপ’ল’ত ১৫% ৰেহাই ফাৰ্মাচী সুবিধা লাভ কৰাৰ বিষয়ে অৱগত কৰে। পেঞ্চনাৰসকলে আঁচনি সমূহৰ বিষয়ে জানিব পাৰি লগতে বেংকৰ ফালৰ পৰা তেওঁলোকক সন্মান জনোৱাত আনন্দিত হৈ পৰে। অনুষ্ঠানত স্বোৱাটি কলিতা, প্ৰীতি গ্ৰাম, অনিৰুদ্ধ শইকীয়া, নৱজ্যোতি সোনোৱাল, দিলীপ গগৈ, মনোজ চেতিয়া , উৎপল বৰুৱা সহ কৰ্মচাৰী সকল উপস্থিত থাকে।