অস্তিত্ব
সমুজ্জ্বল শইকীয়া
চিচিবৰগাঁও
মই মোক য’ত থৈ আহিছিলোঁ তাত এখন আকাশ আছিল। মই মোক য’ত বিচাৰি ফুৰিছিলোঁ তাত ধুমুহাত বিধ্বস্ত এখন পৃথিৱী আছিল। আকাশ আৰু পৃথিৱীৰ মাজত এটুকুৰা ঠাই আছিল, য’ত সুখৰ এখন সাগৰ আছিল। য’ত মই এতিয়া বিচৰণ কৰোঁ তাত প্ৰাপ্তি অপ্ৰাপ্তিৰ এসোপা মায়া এই মায়াত মই মোক বান্ধি ৰাখিব খোজোঁ হেঁপাহৰ জোখাৰে..আমৃত্যু..!!!
